মনৰ কথাঃ বাঘজানৰ জুই আৰু কিছু চিন্তনীয় কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ বাঘজানৰ জুই আৰু কিছু চিন্তনীয় কথা

মনৰ কথাঃ বাঘজানৰ জুই আৰু কিছু চিন্তনীয় কথা

Share This

(১)
এগৰাকী তৈল অভিযন্তা হিচাবে
বিক্ৰম মজিন্দাৰ বৰুৱা
বাঘজানৰ ঘটনাটোৱে সকলোকে আমনি কৰাৰ দৰে ই মোকো আমনি কৰিছে৷ বায়ু-জল-স্থল প্ৰদূষণ হোৱাৰ কাৰণে আন বহুতৰ দৰে মোৰ অন্তৰেও কান্ধিছে৷ আজি খাদটোত জুই জ্বলি উঠাৰ বাবে মৰ্মাহত হৈছো৷ কিন্তু লগতে দুখ লাগিছে বহু লোকে এই উদ্যোগৰ লগত জড়িত সকলোকে গোৱাল গালি দিয়াৰ বাবেও৷



তেওঁলোকে হয়তো নাজানে, এই অনিয়ন্ত্ৰিত হৈ পৰা খাদটোৰ দৰে আন বহু খাদ আজিও নিয়ন্ত্ৰিত হৈ আছে৷ সেই নিয়ন্ত্ৰিত খাদবোৰৰ পৰা উৎপাদিত খনিজ তেল, বহু প্ৰক্ৰিয়াৰ মাজেৰে শোধিত হৈ প্ৰস্তুত হোৱা পেট্ৰল-ডিজেল আদিৰ দ্বাৰাই তেওঁলোকৰ গাড়ী চলিছে, কোৰোনা মহামাৰীৰ সময়ত এম্বুলেঞ্চ চলিছে, খোৱা যোগান ধৰা মাল বাহী গাড়ীবোৰ চলিছে৷ হয়তো বিজুলি চাকিও চলিছে এনে এটা খাদৰ পৰা ওলোৱা গেছ দহন কৰি চলোৱা এটা টাৰ্বাইনৰ সহায়তে৷


প্ৰকৃতিয়ে দিয়া এই সম্পদবোৰ আমি মানুহ জাতিয়ে নিজৰ কামত লগাব পৰাটোৱে আমাক জীৱশ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিছে৷ প্ৰকৃতিৰ এই অপাৰ শক্তিক নিয়ন্ত্ৰণত ৰাখি নিজৰ কামত ব্যৱহাৰ কৰা কামটো এটা বৰ ডাঙৰ প্ৰত্যাহ্বান, বিশেষকৈ কোনো দুৰ্ঘটনা নোহোৱাকৈ, বায়ু-পানী প্ৰদূষণ নোহোৱাকৈ, পশু-পক্ষী কিম্বা মানৱ জীৱন ক্ষতি নোহোৱাকৈ, তৰু-লতাৰ কোনো হানি নোহোৱাকৈ কৰাটো৷ এই প্ৰত্যাহ্বান স্বীকাৰ কৰি অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি আমি তৈল-কৰ্মীসকলে দিনে-ৰাতিয়ে কাম কৰি আহিছো৷

তাতে বিভিন্ন ভূ-ৰাজনৈতিক কাৰণত আৰু কোৰোনা মহামাৰীৰ বাবে চাহিদা কমি যোৱাৰ কাৰণে আন্তৰ্জাতিক বজাৰত খনিজ তেলৰ দাম কমি আহিছে৷ ফলত আমাৰ ওপৰত হেঁচাও বহুত৷ সকলোতে উৎপাদন খৰচ কমোৱাৰ হেঁচা৷ ইতিমধ্যে বহু তৈল-কোম্পানী দেৱলীয়া হৈছে, বহুজনে চাকৰি হেৰুৱাব লগাও হৈছে৷ বিশ্বৰ বহু তৈল কৰ্মী আজি কৰ্মহীনতাত ভুগিছে৷

সি যিকি নহওক, বাঘজানৰ দুৰ্ঘটনা কাৰোবাৰ গাফিলতি বা যান্ত্ৰিক বিজুতি বা যি কাৰণতেই নহওক, আমি আশাবাদী ই শীঘ্ৰেই নিয়ন্ত্ৰণত আহিব৷ সময় লাগিব পাৰে, কিন্তু ই নিশ্চয় অভিযন্তাসকলৰ হাতৰ মুঠিলৈ আহিব৷ ওচৰৰ গাওঁবাসীয়ে উচিত ক্ষতিপূৰণ পাব আৰু হাবি-বননি আকৌ সেউজ হৈ উঠিব৷ সেই সেউজীয়া গছ-গছনিৰে আৱৰা এই বাঘজান খাদৰ পৰাই উৎপাদিত গেছ আহি আমাৰ ৰান্ধনি ঘৰৰ চৌকা জ্বলাব৷
লেখক বিদেশত কৰ্মৰত অভিজ্ঞ তৈলখণ্ডৰ এগৰাকী বিশেষজ্ঞ

(২) 

বাঘজানৰ ব্ল-আউট
বিকাশ শইকীয়া

ৰাইজলৈ অনুৰোধ , নিউজ চেনেল বোৰ বেছিকৈ নাচাব । অল্প বিদ্যা ভয়ংকৰ । তাতকৈ গুগল কৰক । শুদ্ধ তথ্য পাব ।  ব্ল আউট নিয়ন্ত্ৰণ কৰিবলৈ অহা বিশেষজ্ঞ আৰু জড়িত ব্যক্তিসকলক নিজৰ কাম কৰিবলৈ দিয়ক । বাধা দিলে হিতে বিপৰীত হব ।

বিশেষজ্ঞ সকলৰ মতে ব্ল-আউটটো নিয়ন্ত্ৰণ কৰিবলৈ কমেও এমাহ লাগিব । খুব সম্ভৱ জুইকুৰা নুমাবলৈ জুইকুৰা ই যাতে জ্বলিবলৈ অক্সিজেন নাপায় , তাৰ বাবে সকলো যা যোগাৰ কৰাৰ পাছত জুইকুৰা ৰ চাৰিওফালে প্ৰচণ্ড বিস্ফোৰণ কৰা হব । তাৰ পাছত গেছ ওলোৱাটো বন্ধ কৰিবলৈ কাৰিকৰী কৌশল আৰু যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰা হব । তেতিয়ালৈ জুইকুৰা জ্বলি থাকিব। প্ৰায় এমাহ । ১৯৬২ চনত আলজেৰিয়াৰ এটা ভয়ানক ব্ল আউট যাৰ জুই ১৪০ মিটাৰ উচ্চতালৈ জ্বলিছিল, এইটো পদ্ধতিৰে নিয়ন্ত্ৰণ কৰা হৈছিল ।

জুইকুৰা জ্বলি উঠাতো একপ্ৰকাৰ ভালেই হল বুলি কব পাৰি । কাৰণ খাদটোত অকল গেছে নাই, ইয়াৰ সৈতে কন্দেনছেটও (তৰলীকৃত গেছ মিশ্ৰ) আছে । যি পথাৰ আৰু জলাশয় বোৰত তৰপ পৰি আছিল । এতিয়া হাইড্ৰকাৰ্বন বোৰ দহন হৈ বতাহত মিলি উৰি গৈছে । নহলে এইবোৰ বতাহ আৰু পানীৰ জলাশ়য় ৰ জৰিয়তে বহুত বেছি দূৰলৈ বিয়পি পৰিলহেতেন । এতিয়াও পৰিবেশৰ বহুত ক্ষতি হৈছে কিন্তু জুই নজ্বলা হেতেন তুলনামূলকভাৱে বেছিকৈ ক্ষতি হলহেতেন ।


ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ দিব লাগে । যিসকলৰ জীৱন জীৱিকাত বিৰূপ প্ৰভাৱ পৰিছে , তেওঁলোকৰ বাবে স্থায়ী সংস্থাপন হব লাগে । চৰকাৰী নিয়মমতেই মাইনিং লিজ লোৱা কোম্পানীটোৱে ক্ষতিগ্ৰস্থ এই মানুহখিনিৰ সম্পূৰ্ণ দায়িত্ব লব লাগিব । যি হৈ গল, তাক টো ৰিভাৰ্ছ কৰিব নোৱাৰি , ৰাজনীতি আৰু চান্দাজীবিৰ ধান্দা বাদ দি ভুক্তভোগী মানুহখিনিৰ ক্ষতিপুৰন আৰু সংস্থাপনৰ ওপৰত গুৰুত্ব দিব লগে ।

মাইনিঙ লীজ লোৱা কোম্পানীটোৱে ব্ল আউট টো নিয়ন্ত্ৰণৰ পৰবৰ্তী পদক্ষেপৰ বিষয়ে স্থানীয় ৰাইজক সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিব লাগে যাতে মানুহখিনিৰ মাজত খেলিমেলিৰ সৃষ্টি নহয় ।
Pasarlapudi Blow Out - 1995 - Old Discussions - Andhrafriends.com
অন্ধ্ৰ প্ৰদেশৰ ১৯৯৫ চনৰ ব্ল-আউটৰ দৃশ্য

উল্লেখযোগ্য যে, 1995 চনৰ অন্ধ্ৰপ্ৰদেশৰ পাচালাপুডি ব্ল আউটৰ সময়ত ওচৰৰ ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ হিচাপে প্ৰতি হেক্টৰ কৃষিভূমিত প্ৰায় ৬৩০০ টকাকৈ দিয়া হৈছিল । তাত খাদৰ ওচৰত নাৰিকল গছ বহুত আছিল । প্ৰতিজোপা নাৰিকল গছৰ বাবদ ক্ষতিপূৰণ হিচাপে ৩০০০ টকাকৈ দিয়া হৈছিল । এয়া ১৯৯৫ চনৰ কথা । আজিৰ তাৰিখত এই টকাৰ পৰিমান প্ৰায় ৮-১০ গুণ হব। গতিকে ক্ষতিপূৰণ সঠিককৈ পোৱাৰ ক্ষেত্ৰতহে ৰাইজক গণ সংগঠন সমূহে এতিয়া সহায় কৰক।
(৩)
ঘৰ আৰু বাগিচাবোৰ...
দেৱব্ৰত গগৈ

বাঘজানত ভস্মীভূত হোৱা এখন ক্ষুদ্ৰ চাহ বাগিচা
বাঘজানত কোনোবা ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগানখন এনেকৈয়ে ছাঁই হৈ গল আৰু ইফালে মন্ত্ৰী পাটোৱাৰী মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছতহে বাঘজানলৈ যাবলৈ ওলাইছে । যোৱা ১৪দিনত উদ্যোগ মন্ত্ৰী হিচাবে পাটোৱাৰী বাঘজানলৈ নিজে সিদ্ধান্ত লৈ কিয় যাব নোৱাৰিলে ? নে এনেকৈ যোৱা হ'লে পাটোৱাৰীয়ে দল বিৰোধী কাৰ্যত লিপ্ত হৈছে বুলি দলৰ পৰা বহিষ্কাৰ হলহেঁতেন ? কোনোবাই ক'ব পাটোৱাৰী বিশেষজ্ঞ নহয় , গৈ কি কৰিব ? তেনেহলে স্বাস্থ্যমন্ত্ৰীও কভিড বিশেষজ্ঞ নহয়, তেওঁ দেখোন গোটেই অসমখন ঘূৰি ফুৰিছে ।

কিন্তু কপিকূলৰ, মানুহৰ, ঘৰ-সম্পত্তি, ক্ষুদ্ৰ বাগিচা, শাকনি, বিল আদিৰ উপযুক্ত ক্ষতিপূৰণ নিশ্চিত কৰাটো অসম চৰকাৰৰ প্ৰধান দায়িত্ব হব। সচেতন ৰাইজে এই ক্ষেত্ৰত দায়বদ্ধ কৰিবলৈ চৰকাৰক হেঁচা দিবলৈ দৃষ্টি ৰাখক। সজাগ হওক সকলোৱে।

(৪)
আজিৰ পুৱাৰ বাঘজানৰ পৰিস্থিতিক কেমেৰাৰে তুলি ধৰিলে 'স্বৰাজ অসম'ৰ প্ৰতিষ্ঠাপক-সমাজকৰ্মী ভৱেন সন্দিকৈয়ে-

No comments:

Post a Comment