'সুখ-দুখ LIVE'ৰ অতিথি হিচাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা তথা সমাজকৰ্মী তুলাৰাম গগৈদেৱক স্বাগতম জনাইছো। তেখেতে দুটা দশক জুৰি একান্তভাৱে এই নদী-বান্ধ বিৰোধী আন্দোলনক ৰাজপথ, আদালত আৰু সংবাদ মাধ্যমৰ বিভিন্ন মঞ্চত নিৰৱচ্ছিন্ন ভাৱে নেতৃত্ব দি আহিছে। তেখেতৰ সৈতে তেখেতৰ এই যাত্ৰাৰ অভিজ্ঞতা, নামনি সোৱনশিৰি নদী-বান্ধৰ বিভিন্ন খুঁটি-নাতিৰ বিষয়ে জানিবলৈ এই আয়োজন কৰা হৈছে।
জলবিদ্যুৰ বাবে বৃহৎ নদী-বান্ধ, এই স্পৰ্শকাতৰ বিষয়টোত কিছু কথা আলোচনা কৰিবলৈ গগৈ দেৱলৈ তলৰ প্ৰশ্ন সমূহ কৰা হৈছিল।
১. নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বিষয়ত আপুনি কেইবা দশক জুৰি যুঁজ দি আহিছে। শেহতীয়াকৈ দুদিন পূৰ্বে এই গেৰুকামুখৰ নদীবান্ধৰ এটা অংশত খহনীয়া হোৱাৰ খবৰ পোৱা গৈছে। এই বিষয়ে আপোনাৰ মতামত কি?
২. বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৱলী বৰ্তমান এই নদীবান্ধৰ কাম-কাজত পালিত হোৱা নাই নেকি?
৩. সেউজ ন্যায়ধিকৰণত আপোনাৰ আইনী যুঁজখন কি স্তৰত আছে?
৪. নদী-বান্ধৰ কাম কাজটো চলি থকা বুলি জনা যায়, কিন্তু মূল নদী-বান্ধৰ কাম কাজৰ ক্ষেত্ৰত ন্যায়ালয়ে কি নিৰ্দেশ দি থৈছে?
৫. নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বিষয়ত এই ক্ষণত আপোনাৰ আহ্বান কি, চৰকাৰলৈ, NHPC লৈ আৰু ৰাইজলৈ?
তেখেতৰ সৈতে আলোচনাত অংশ লয়, অসমীয়াৰ সুখ-দুখৰ কাৰ্যবাহী সম্পাদক তথা অধিবক্তা মনালী চি দত্তই। এই ভিডিঅ' আলোচনাৰ পূৰ্ণ ৰূপ চাবলৈ তলৰ ভিডিঅ'টো প্লে কৰক-
তেখেতৰ সৈতে আলোচনাত অংশ লয়, অসমীয়াৰ সুখ-দুখৰ কাৰ্যবাহী সম্পাদক তথা অধিবক্তা মনালী চি দত্তই। এই ভিডিঅ' আলোচনাৰ পূৰ্ণ ৰূপ চাবলৈ তলৰ ভিডিঅ'টো প্লে কৰক-
No comments:
Post a Comment