আনপ্লাগডঃ ভাৰত-চীন সীমান্ত সংঘৰ্ষ: যুদ্ধ সঁচাই আসন্ন নেকি? :: আশ্বিক জামান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আনপ্লাগডঃ ভাৰত-চীন সীমান্ত সংঘৰ্ষ: যুদ্ধ সঁচাই আসন্ন নেকি? :: আশ্বিক জামান

আনপ্লাগডঃ ভাৰত-চীন সীমান্ত সংঘৰ্ষ: যুদ্ধ সঁচাই আসন্ন নেকি? :: আশ্বিক জামান

Share This
ভাৰত-চীন সীমান্ত সংঘৰ্ষ: যুদ্ধ সঁচাই আসন্ন নেকি? 
 আশ্বিক জামান
অর্থনীতিবিদসকলে সততে এটা কথা উনুকিয়াই থাকে যে একবিংশ শতিকা হ’ব চীন আৰু ভাৰতৰ শতিকা।বিশ্বৰ সর্বোচ্চ জনবহুল এই দুই এছিয়ান ছুপাৰ পাৱাৰৰ মাজত সামাজিক আৰু সাংস্কৃতিক সাদৃশ্য থকাৰ উপৰি আছে হাজাৰ বছৰ পুৰণি বাণিজ্যিক আৰু সাংস্কৃতিক আদানপ্রদানৰ ইতিহাস। যাক কোৱা হয় সভ্যতাৰ সম্পর্ক বুলি। কিন্তু এই কথাও সত্য যে, উত্তৰ-উপনিৱেশিক যুগত এই দুই প্রতিৱেশীৰাষ্ট্রৰ মাজত অতি শক্তিশালী বাণিজ্যিক সম্পর্ক গঢ়ি উঠাৰ পাছতাে দুয়ােকে ঠিক বন্ধু ৰাষ্ট্ৰ বুলি এক উশাহতে ক'ব নােৱাৰি। দুই প্রতিৱেশীৰ মাজত থকা দীর্ঘ সীমান্তৰ দৰেই দুয়ােৰে মাজৰ অবিশ্বাস আৰু সংঘৰ্ষৰ ইতিহাসসা দীঘলীয়া। আনকি আজিলৈকে এই দুই পৰমাণু অস্ত্রধাৰী প্ৰতিৱেশীয়ে নিজৰ মাজৰ সীমান্তক লৈয়েই ঐকমত্যত উপনীত হ'ব পৰা নাই। এতিয়াও স্থায়ী সীমান্তৰ সলনি লাইন অব একচুৱেল কণ্ট’ল নামক এক সাময়িক বন্দোৱস্তৰ দ্বাৰা বিগত প্রায় ৬০ বছৰৰ পৰা এক স্থিতাৱস্থা চলি আছে।
ঐতিহাসিকভাৱে চাবলৈ গ'লে চীনৰ সৈতে আমাৰ সীমান্ত বিবাদ মূলতঃ ঔপনিৱেশিক ইংৰাজ শাসনৰ দান। ১৯১৪ চনত ব্রিটিছ শাসকৰ আগ্ৰহত ব্রিটিছশাসিত ভাৰত, চীন আৰু তিবৃতৰ মাজত ছিমলা কনভেনশন অনুষ্ঠিত হয়। এই কনভেনশ্বনত প্রকাশিত ঘােষণাপত্র মতে তিবৃতক দুটা খণ্ডত ভগোৱা হয় বাহিৰ তিবৃত আৰু ভিতৰ তিবৃত। বাহিৰ ‘আউটাৰ তিবৃত’ সদায় চীনৰ তলতীয়া হৈ থাকিব, কিন্তু ইয়াৰ স্বতন্ত্র প্রশাসন লাচাত থকা তিবৃতীয় চৰকাৰৰ হাতত থাকিব। চীনে বাহিৰ তিবৃতৰ চৰকাৰ-প্রশাসনত কোনাে হস্তক্ষেপ কৰিব নােৱাৰিব। আনহাতে, ভিতৰ তিবৃত সম্পূর্ণ চীন চৰকাৰৰ অধীনত থাকিব। এই ঘােষণাত চীন আৰু তিবৃতৰ মাজত আৰু তিবৃত আৰু ব্রিটিছ ভাৰতৰ মাজত সীমান্ত নির্ধাৰণ কৰা হয়। তিবৃত আৰু ভাৰতৰ মাজৰ এই সীমান্ত ৰেখাডালক মেকমােহন লাইন বুলি কোৱা হয়। ১৯১৪ চনৰ পৰা ১৯৫৯লৈ এই মেকমােহন লাইন ভাৰত আৰু চীনৰ সীমান্ত হিচাপে চিহ্নিত হৈ আহিছিল।
লেখকৰ সদ্য-প্ৰকাশিত প্ৰৱন্ধ সংকলনখন 


কিন্তু কমিউনিষ্ট চীনৰ অভ্যুত্থানৰ পাছৰে পৰা মেকমােহন লাইনক লৈ চীনে আপত্তি দর্শাবলৈ আৰম্ভ কৰে। ১৯৫৯ চনৰ প্ৰধানমন্ত্রী নেহৰুৰ চীন ভ্ৰমণৰ সময়ত প্রথম এই সীমা-বিবাদ আনুষ্ঠানিকভাৱে বাহিৰলৈ ওলাই আহে। প্রধানমন্ত্রী নেহৰুৱে উক্ত ভ্ৰমণত চীনৰ চৰকাৰী মানচিত্র চাই অসন্তুষ্টি প্রকাশ কৰাত চীনৰ প্ৰধানমন্ত্রী চাও এন লাইয়ে প্রত্যুত্তৰত ছিমলা কনভেনশ্বনক অবৈধ বুলি দাবী কৰে। কমিউনিষ্ট চীনৰ যুক্তি হ’ল যে ১৯১৪ চনৰ ছিমলা কনভেনশ্বনত চীনৰ প্রতিনিধি উপস্থিত আছিল আৰু আলােচনাত অংশগ্রহণ কৰিছিল ঠিকেই, কিন্তু ঘােষণা-পত্ৰটো মূলতঃ ভাৰত আৰু তিবৃতৰ যৌথ ঘােষণাহে আছিল। আনহাতে, তিবৃত যিহেতু চীনৰ অংগৰাজ্য গতিকে কোনাে আন্তর্জাতিক চুক্তি সম্পন্ন কৰিবলৈ তিব্ৰতৰ অধিকাৰ নাই। গতিকে মেকমােহন লাইনক তেওঁলােকে নামানে। কিন্তু ১৯১৪ চনৰ পৰা ১৯৫৯ চনলৈ চীন চৰকাৰে কেতিয়াও ভাৰত-চীনৰ সীমান্তক অর্থাৎ মেকমােহন লাইনক লৈ। আনুষ্ঠানিক বা অনানুষ্ঠানিকভাৱেও কোনাে আপত্তি কৰা নাই। সীমান্ত চিহ্নিতকৰণ আৰু সীমান্ত ব্যৱস্থাপনাতাে চীন চৰকাৰে কেতিয়াও কোনাে আপত্তি দর্শোৱা নাই বা বাধা দিয়া নাই। দীর্ঘ ৪৫ বছৰ পাছত হঠাৎ চীন চৰকাৰৰ নিদ্রাভংগ হয় আৰু মেকমােহন লাইনৰ ভিতৰৰ ভাৰতবৰ্ষৰ প্রায় ৯০ হাজাৰ বৰ্গকিলােমিটাৰ অঞ্চল নিজৰ বুলি দাবী কৰে। ইয়াৰ ভিতৰত প্রায় সমগ্ৰ অৰুণাচল প্রদেশ আৰু হিমালয়ৰ পাদদেশৰ বিভিন্ন ভূ-ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চল অন্তর্গত আছিল। 
দুয়োদেশৰ ৰাষ্ট্ৰ-নেতা 

চীনৰ প্রধানমন্ত্রী চাও এন লাইৰ এই দাবীয়ে দুই দেশৰ কুটনৈতিক সম্পর্ক দ্রুত অৱনতি ঘটায়। কমিউনিষ্ট চীন আন্তর্জাতিক স্বীকৃতি আৰু ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত চীনৰ স্থায়ী সদস্য পদৰ দাবীৰ ক্ষেত্ৰত ভাৰতে যিধৰণৰ সহায়-সহযােগিতা প্রদান কৰিছিল, তাৰ প্রেক্ষাপটত ‘হিন্দী-চীনী ভাই ভাই’ যুগৰ সৃষ্টি হৈছিল। কিন্তু এবাৰ থিতাপি লৈয়েই চীনে ভাৰতৰ সকলাে বন্ধুত্বপূর্ণ সহায়সহযােগিতা পাহৰি ভাৰতৰে সীমা ঠেলিবলৈ আৰম্ভ কৰিলে। আৰু অতি অতর্কিতে ১৯৬২ চনত চীনে ভাৰত আক্রমণ কৰি ভাৰতৰ ভিতৰলৈ সােমাই আহি ভাৰতৰ কাশ্মীৰৰ অক্ষয় চীন অঞ্চল আৰু ষ্ট্রেটেজিকেলী বৰ গুৰুত্বপূর্ণ দক্ষিণ কাশ্মীৰৰ শ্বাকছাগাম অঞ্চল দখল কৰে। বর্তমান ভাৰতৰপ্ৰায় ১ লাখ ৩০ হাজাৰ বর্গ কিলােমিটাৰ অঞ্চল চীনৰ অবৈধ দখলত আছে। 

এখন জনবহুল দেশত, মূলতঃ কৃষকসকলৰ বিপ্লৱৰ দ্বাৰা কমিউনিষ্ট চীনৰ অভ্যুত্থান হৈছে। কাৰণেই নেকি, গোঁৱাৰ কৃষকৰ দৰে সীমা ঠেলাৰ বদ অভ্যাস কমিউনিষ্ট চীনৰ বহু পুৰণা বেমাৰ। আনৰ মাটিৰ প্রতি লােলুপ দৃষ্টি কমিউনিষ্ট চীনৰ মজ্জাগত। চীনৰ কোনাে এখন প্রতিৱেশী দেশ নাই যাৰ সৈতে চীনৰ সীমা-বিবাদ নাই। ভাৰতৰ সৈতে ১৯৬২ চনৰ যুদ্ধৰ উপৰি ১৯৬৯ চনত ছােভিয়েট ৰাছিয়াৰ সৈতে আৰু ১৯৭৯ চনত ভিয়েটনামৰ সৈতে সীমা সংক্রান্তত যুদ্ধত লিপ্ত হয়। সেইদৰে জাপানৰ চেনকাকু দ্বীপ অবৈধভাৱে দখল কৰিবলৈ গৈ চীনে জাপানৰ সৈতে প্রায় যুদ্ধৰ আৰম্ভণি কৰিছিল। তাইৱানৰ তিৱাওয়ুতাই দ্বীপক লৈ তাইৱানৰ সৈতে চীনৰ সীমা-বিবাদ বহু দশক চলিছিল। আনহাতে, আন্তর্জাতিক সামুদ্রিক আইনক সম্পূর্ণৰূপে অৱমাননা কৰি দক্ষিণ চীন সাগৰক চাইনীজ হ্রদ হিচাপে ব্যৱহাৰ কৰাৰ মানসিকতাৰ ফলত আমেৰিকা, অষ্ট্রেলিয়া আৰু দক্ষিণ-পূর্ব এছিয়াৰ বহু ৰাষ্ট্রৰ ৰােষত আছে চীন। ঠিক সেইদৰে ১৯৬৭ চনত সেই সময়ৰ ক্ষুদ্র, স্বাধীন হিমালয়ান ৰাষ্ট্র ছিকিমৰ ওপৰতাে চীনৰ লুভীয়া দৃষ্টি পৰিছিল আৰু নাথুলা গিৰিপথেদি সােমাই ছিকিম দখল কৰাৰ চেষ্টা কৰিছিল। কিন্তু ছিকিমৰ সুৰক্ষাত থকা ভাৰতীয় সেনাই নাথুলা গিৰিপথতে চীনৰ সৈন্যক ভেটা দিয়ে আৰু চীনৰ চাৰি শতাধিক সৈন্যৰ মৃত্যু হয়। উপায় নাপাই চীন পিছুৱাই যাবলৈ বাধ্য হয়। ১৯৭৫ চনত এক গণভােটযােগে ছিকিমৰ ৰাইজে ভাৰতৰ সৈতে একত্রিত হ’বলৈ সন্মতি প্রকাশ কৰে আৰু চীনৰ প্রবল প্রতিবাদক আওকাণ কৰি প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ছিকিমক ভাৰত ৰাষ্ট্রৰ অন্তর্ভুক্ত কৰি ভাৰতৰ ২২সংখ্যক ৰাজ্য হিচাপে স্বীকৃতি দিয়ে।

নাথুলা গিৰিপথৰ সংঘৰ্ষৰ পাছতাে চীন আৰু ভাৰতীয় সেনাৰ মাজত বিভিন্ন সীমান্তত সৰুসুৰা সংঘর্ষ নােহােৱা নহয় যদিও ১৯৭৫ চনৰ তুলুংলা গিৰিপথৰ সংঘৰ্ষক শেষ গুৰুত্বপূর্ণ সংঘর্ষ বুলি ক'ব পাৰি। সেয়ে ২০১৭ চনৰ ডােকলামৰ মাহজোৰা উত্তেজনাৰ পাছত যােৱা সপ্তাহত লাডাখৰ গালৱান উপত্যকাত হােৱা সীমান্ত সংঘর্ষক সকলােৱে গুৰুত্বসহকাৰে লৈছে, কাৰণ ১৯৭৫ চনৰ পাছত চীন আৰু ভাৰতৰ মাজত কোনাে ৰক্তাক্ত সংঘর্ষ হােৱা নাই। আনহাতে, ১৯৬৭ চনৰ নাথুলা সংঘৰ্ষৰ পাছত আজিলৈকে পৰস্পৰৰ ইমানসংখ্যক সেনা আৰু বিষয়াৰ মৃত্যু হােৱা নাই। গতিকে স্বাভাৱিকতে প্রশ্ন উত্থাপিত হয় যে এই সীমান্ত সংঘাতে দুই পাৰমাণৱিক শক্তিধৰ প্ৰতিৱেশীৰ মাজত সামৰিক সংঘাতৰ সূত্রপাত ঘটাব নেকি? চীন আৰু ভাৰতৰ মাজত যুদ্ধ আৰম্ভ হ'ব নেকি ? নিঃসন্দেহে দুয়ােপক্ষৰ মাজত তীব্র উত্তেজনা বর্তমান। এই উত্তেজনা গালৱান সীমান্তত বহুদিনৰ পৰা চলি আছিল, যাৰ ফলত ৬ জুনত গালৱান উপত্যকাত দুয়ােপক্ষৰ জ্যেষ্ঠ সেনা বিষয়াসকলৰ মাজত হােৱা ফ্লাগ মিটিঙত স্থিতাৱস্থা অটুট ৰাখিবলৈ সন্মতি প্ৰকাশ কৰিছিল হয়। কিন্তু ১৫ জুনৰ ৰাতি সেই সন্মতি ভংগ হয় আৰু দুয়ােপক্ষৰে ভালসংখ্যক সেনা জোৱান আৰু বিষয়াৰ মৃত্যু হয়। ভাৰত চৰকাৰৰ মতে চীনৰ সৈন্যই ৬ জুনৰ সন্মতি ভংগ কৰি একপক্ষীয়ভাৱে স্থিতাৱস্থা ভংগ কৰাৰ চেষ্টা কৰে, ফলত দুয়ােপক্ষৰ মাজত এক ‘সশক্তি মুখামুখি’ হয়। দুয়ােপক্ষৰে ক্ষতি হয়, যি ক্ষতি ৰােধ কৰা গ'লহেঁতেন যদিহে চীনৰ সৈন্যই একপক্ষীয়ভাৱে ৬ জুনৰ সন্মতি ভংগ নকৰিলেহেঁতেন। চীন চৰকাৰে আনহাতে এই সংঘৰ্ষৰ বাবে ভাৰতীয় সেনাই সন্মতি আৰু প্ৰট'কল ভংগ কৰাক মূলতঃ দায়ী কৰিছে। কিন্তু দুয়ােপক্ষই স্বীকাৰ কৰিছে যে দুয়ােদেশে সীমান্তত এনে ঘটনা পুনৰ হােৱাটো নিবিচাৰে আৰু সীমান্তত কিবা উত্তেজনা আছে যদি সেয়া শান্তিপূর্ণভাৱে আলােচনাৰ মাজেদি সমাধান কৰা হ'ব।

বিভিন্ন সূত্ৰত প্ৰকাশ হােৱা মতে দুয়ােপক্ষৰ মাজত নিৰন্তৰ আলােচনা চলি আছে আৰু পৰিস্থিতি শান্ত কৰিবলৈ সকলাে পদক্ষেপ গ্রহণ কৰিবলৈ দুয়ােপক্ষই সন্মতি প্ৰকাশ কৰিছে। যদি সামৰিক আৰু কূটনৈতিকভাৱে পৰিস্থিতি শান্তিপূর্ণ নহয়, তেন্তে প্রয়ােজন হলে চি জিনপিং আৰু নৰেন্দ্ৰ মােদীৰ মাজত শীর্ষ আলােচনা অনুষ্ঠিত কৰা হ’ব। গতিকে, নিঃসন্দেহে সীমান্তত উত্তেজনা আছে, কিন্তু দুয়ােপক্ষই উত্তেজনা প্রশমন কৰিবলৈ সকলাে প্রচেষ্টা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে সীমান্তত পৰিস্থিতি কিছু শাম কাটিছে।

বর্তমান আভ্যন্তৰীণ পৰিস্থিতি দুয়াে দেশৰে ভাল নহয়। চীনত আকৌ নতুনকৈ কভিড-১৯ৰ আৰম্ভণি হৈছে। আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহৰ সৈতে বর্তমান চীনৰ সম্পর্ক বৰ ভাল নহয়। ইফালে ক’ভিডৰ প্ৰভাৱ চীনৰ অর্থনীতিতে বিশেষভাৱে পৰিছে। আনহাতে, ক’ভিড মহামাৰী আৰু তিনিমহীয়া লকডাউনে ভাৰতীয় অর্থ ব্যৱস্থাকো বাৰুকৈয়ে জুৰুলা কৰিছে। ভাৰতৰ সন্মুখত এতিয়া মূল প্রত্যাহ্বান হ’ল ক’ভিডক নিয়ন্ত্রণত অনা আৰু অর্থনীতিক আকৌ সঠিক ট্ৰেকত ঘূৰাই অনা। এনেকুৱা আভ্যন্তৰীণ পৰিস্থিতিত দুয়ােপক্ষৰে পূর্ণবর্ধিত আকাৰৰ সামৰিক যুদ্ধত নমাৰ প্রয়ােজন আৰু সামর্থ্য নাই। 

তদুপৰি, ভাৰত আৰু চীনৰ বাণিজ্যিক সম্পর্ক অতি শক্তিশালী। চীন ভাৰতৰ সর্ববৃহৎ ট্রেড পার্টনাৰ। ২০১৮ চনত দুয়ােদেশৰ মাজত মুঠ ৯৫.৭ বিলিয়ন ডলাৰৰ ব্যৱসায় হৈছে। অৱশ্যে ট্রেড বেঞ্চে চীনৰপক্ষত, অর্থাৎ চীনে ভাৰতৰ পৰা যিমান আমদানি কৰে তাতকৈ বহু বেছি পৰিমাণৰ সামগ্ৰী ভাৰতলৈ ৰপ্তানি কৰে। কিন্তু বিগত বছৰত ভাৰতৰ পৰা চীনলৈ হােৱা ৰপ্তানি পৰিমাণ বৃদ্ধি পাইছে, যিটো ভাৰতৰ ঘৰুৱা উদ্যোগৰ কাৰণে অতি আশাব্যঞ্জক। কিন্তু কনা মহামাৰীৰ কাৰণে ইতিমধ্যে দুয়ােদেশৰ মাজত হােৱা বাণিজ্য যােৱা বছৰৰ তুলনাত প্রায় ১২ শতাংশ কম হৈছে। গতিকে ক'ৰনা মহামাৰী আৰু বর্তমান অর্থনৈতিক প্রেক্ষাপটত ভাৰত আৰু চীনৰ মাজত এখন সামৰিক যুদ্ধ মুঠেও কাম্য নহয়।

দেশৰ অখণ্ডতা আৰু সার্বভৌমত্বৰ সৈতে কোনাে আপােচ নহয় যদিও যুদ্ধ আচলতে কেতিয়াও কাম্য নহয়। প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে লাহােৰত কৈছিল যে আমি বন্ধু সলনি কৰিব পাৰোঁ কিন্তু প্রতিৱেশী কেতিয়াও সলনি নহয়। বাজপেয়ীৰ কথাৰে ক'ব পাৰি যে সকলাে সমস্যা আলােচনাৰ মাজেৰ সমাধান সম্ভব। দুখন পৰমাণু শক্তিধৰ প্ৰতিৱেশী ৰাষ্ট্র, দুখন প্রাচীন সভ্যতাৰ ধ্বজাবাহক দেশৰ পৰা পৃথিৱীয়ে শান্তিৰ নতুন পথহে বিচাৰে, যুদ্ধ নহয়।

(প্রকাশিত মতামত লেখকৰ একান্ত ব্যক্তিগত। কার্যালয়-পদবীৰ সৈতে কোনাে সম্পর্ক নাই)
লেখাটি আমাৰ অসম কাকততো পূৰ্বে প্ৰকাশ পাইছে। ইউনিকোড সংস্কৰণ গুগোল চাৰ্চেবল ফৰ্মেটত লেখকৰ অনুমতি সাপেক্ষে সুখ-দুখত প্ৰকাশ কৰা হৈছে।
লেখকৰ অসমীয়াৰ সুখ-দুখত প্ৰকাশিত আন আন লেখা পঢ়িবৰ বাবে তলৰ লিংকত ক্লিক কৰকঃ
https://www.xukhdukh.com/search/label/ASHIQ-ZAMAN?&max-results=6

No comments:

Post a Comment