ভাল খবৰঃ হোমেন বৰগোহাঞিৰ উপন্যাসৰ চিনেমা ৰূপ ‘সুবালা’ নিৰ্বাচিত লণ্ডনৰ সন্মানীয় ফিল্ম ফেষ্টিভেললৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ হোমেন বৰগোহাঞিৰ উপন্যাসৰ চিনেমা ৰূপ ‘সুবালা’ নিৰ্বাচিত লণ্ডনৰ সন্মানীয়  ফিল্ম ফেষ্টিভেললৈ

ভাল খবৰঃ হোমেন বৰগোহাঞিৰ উপন্যাসৰ চিনেমা ৰূপ ‘সুবালা’ নিৰ্বাচিত লণ্ডনৰ সন্মানীয় ফিল্ম ফেষ্টিভেললৈ

Share This
লক-ডাউনৰ মাজতে আহিছে অসমীয়া চিনেমালৈ এটি ভাল খবৰ। বিশিষ্ট সাংবাদিক, উপন্যাসিক হোমেন বৰগোহাঞিৰ অতি জনপ্ৰিয় উপন্যাস ‘সুবালা’ক চিনেমাৰ ৰূপদান কৰিছে বিশিষ্ট চিনেমা পৰিচালক তথা স্কুল অৱ ড্ৰামা, অসমৰ অধ্যক্ষ মুন্না আহমেদে। এই চিনেমাৰ প্ৰযোজক আব্দুল মান্নান ফাৰুক। ডাইৰেক্টৰ অৱ ফটোগ্ৰাফী সুমনৰ আৰু সম্পাদনা দেৱাংগৰ। ‘সুবালা’ৰ নাম চৰিত্ৰত অভিনয় কৰিছে বলিউদ আৰু দক্ষিণ ভাৰতৰ ছবিত অভিনয়েৰে সুনাম অৰ্জা অসমীয়া অভিনেত্ৰী উৰ্মিলা মহন্তই। 


নায়িকা গৰাকীয়ে জনোৱা মতে, হোমেন বৰগোহাঞি দেৱৰ উপন্যাসখনৰ ভিত্তিত একে নামেৰে নিৰ্মিত ‘সুবালা’ নামৰ চিনেমাখনে লণ্ডনৰ সন্মানীয় LIFT OFF SESSION FILM FESTIVAL-2020 লৈ নিৰ্বাচিত হৈছে। ফিল্ম ফেষ্টিভেলখনৰ অফিচিয়েল ৱেবচাইটৰ লিংক হৈছে- https://liftoff.network/london-lift-off-film-festival/ . এই ফিল্ম ফেষ্টিভেলখনৰ চিনেমা সমূহৰ চূড়ান্ত প্ৰদৰ্শন হব Pinewood Studios UK আৰু  Raleigh Studios Hollywood ত হব বুলিও জানিব পৰা গৈছে।

পৰিচালক মুন্না আহমেদ
চিনেমাখনৰ সংগীত পৰিচালনা তৰালী শৰ্মাৰ আৰু পোষ্টাৰ বিশিষ্ট ফটোগ্ৰাফাৰ অনুপ বৰুৱাই কৰা বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment