শিল্পী আৰু শিল্প - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শিল্পী আৰু শিল্প

শিল্পী আৰু শিল্প

Share This
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ বাবে দুটাকৈ মনোনয়নেৰে জিলিকিছে অসমীয়া জীয়ৰী উৰ্মিলা মহন্ত

মুম্বাইক কৰ্মভূমি কৰি লোৱা অসমীয়া জীয়ৰী তথা প্ৰতিষ্ঠিত অভিনেত্ৰী উৰ্মিলা মহন্তই এইবাৰ অসম তথা উত্তৰ পূৱলৈ আন এক গৌৰৱ কঢ়িয়াই আনিছে৷ উৰ্মিলাই তামিল চলচিত্ৰ "ভালাক্কো এন ১৮/৯" (Vazhakku Enn: 18/9) ত কৰা বলিষ্ঠ অভিনয়ৰ বাবে মনোনীত হৈছে বিশিষ্ট দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ (South Indian International Movie Awards (SIIMA))বাবে৷

ছেপ্তেম্বৰ মাহৰ তৃতীয় সপ্তাহত ডুবাইত ঘোষিত হ’বলগীয়া সন্মানীয় SIIMA বঁটাৰ বাবে উৰ্মিলা দুটা শাখাত মনোনীত হৈছে৷ এই শাখা দুটা হৈছে শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৷ এই বঁটাৰ বাবে মনোনীত হোৱা উৰ্মিলা হৈছে প্ৰথম অসমীয়া অভিনেত্ৰী৷ অকল এই বঁটায়েই নহয়, দাক্ষিণাত্যৰ বিজয় টিভিয়ে প্ৰদান কৰা আন এক বিশিষ্ট বঁটাৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ শাখাতো উৰ্মীলা মনোনীত হৈ নিজৰ অভিনয়ৰ দক্ষতা সজোৰে প্ৰমাণ কৰিছে৷

পুণেৰ ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউট অৱ ইণ্ডিয়া (FTII)ৰ পৰা অভিনয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা উৰ্মিলাই  ইতিমধ্যেই "বালাজী শক্তিভেল" পৰিচালিত ছবি "ভাঝাক্কো এন ১৮/৯"ত কৰা বলিষ্ঠ অভিনয়ৰ বাবে দৰ্শক তথা সমালোচকৰপৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে এই ছবিখনে তামিল ভাষাৰ শ্ৰেষ্ঠ চলচিত্ৰ আৰু শ্ৰেষ্ঠ মেক-আপ আৰ্টিষ্ট শাখাত ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা অৰ্জন কৰিছে৷  


নিজৰ এই সাফল্য সম্পৰ্কত উৰ্মিলাই অভিমত প্ৰকাশ কৰে যে দাক্ষিণাত্যৰ দৰ্শকে তেওঁ অভিনয় কৰা ছবিসমূহৰ লগতে তেওঁকো এগৰাকী অভিনেত্ৰী হিচাপে আদৰি লোৱাতো তেওঁৰ বাবে এক মধুৰ অভিজ্ঞতা৷ তেওঁৰ এই প্ৰচেষ্টাত পৰিচালক, প্ৰযোজক, সহ-অভিনেতাৰ পৰা পোৱা সহযোগৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি উৰ্মিলাই কয় যে তেওঁৰ এই সফলতাই প্ৰমাণ কৰে যে ভাষাই কেতিয়াও অভিনয়ৰ জগতত হেঙাৰ হিচাপে থিয় দিব নোৱাৰে৷

মুম্বাই নিৱাসী অসমীয়া ৰাইজো উৰ্মিলাৰ এই সাফল্যক লৈ যথেষ্ট আনন্দিত আৰু আশাবাদী যে উৰ্মিলাই এই বঁটা অৰ্জন কৰি অসম তথা উত্তৰ-পূৱলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব৷ 


ৰাষ্ট্ৰীয় নাটক একাডেমীৰপৰা প্ৰশিক্ষণ লাভ কৰা আন এক অসমীয়া অভিনেতা জ্যোতি নাৰায়ণ নাথে উৰ্মিলাৰ সাফল্য নিশ্চয়কৈ এক লেখত ল’বলগীয়া সফলতা বুলি অভিহিত কৰি কয় যে পাৰ্ফেকছনিষ্ট নামেৰে জনাজাত পৰিচালক "বালাজী শক্তিভেল"ৰ ছবিত অভিনয় কৰিবলৈ নিৰ্বাচিত হোৱাটোৱে এক ডাঙৰ কথা আৰু তেনেস্থলত উৰ্মিলাই তেনে এজন পৰিচালকৰ ছবিত কাম কৰি ইমান সুন্দৰকৈ এগৰাকী তামিল নাৰীৰ চৰিত্ৰ উপস্থাপন কৰি নিজৰ অভিনয় দক্ষতাৰ প্ৰমাণ দাঙি ধৰিছে ৷ 

ঠিক তেনেদৰে আন এক মুম্বাই নিৱাসী অসমীয়া অভিনেত্ৰী পৰিণীতা চক্ৰবৰ্ত্তীয়ে উৰ্মিলাৰ সম্পৰ্কত কয় “উৰ্মিলাই  তেওঁৰ অভিনয়ৰ জগতত অৰ্জন কৰা সাফল্যৰে অসম তথা উত্তৰ পূৱলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু উত্তৰ পূৱৰ জনসাধাৰণে ভোট দি সুনিশ্চিত কৰিব লাগে যাতে উৰ্মিলাই  ই সন্মানীয় বঁটা জিকিব পাৰে৷ 

সোণাপুৰত জন্মলাভ কৰা উৰ্মিলাৰ পিতৃ গিৰিধৰ মহন্ত আৰু মাতৃ ৰমলা মহন্ত৷ স্কুলীয়া শিক্ষা সোণাপুৰতেই সাং কৰাৰ পাছত উৰ্মিলাই  ক্ষেত্ৰীৰ ডিমৰীয়া কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ ইয়াৰ পাছত তেখেতে পুণেৰ চলচিত্ৰ আৰু দুৰদৰ্শন প্ৰতিষ্ঠানৰপৰা অভিনয়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে৷


সৰুৰে পৰাই নাটকত অভিনয় কৰি অহা উৰ্মিলাই  নাটকৰ লগতে ধাৰাবাহিক, চুটি ছবিটো অভিনয় কৰিছিল৷ ধাৰাবাহিকৰ ভিতৰত মাৰ্দাৰ আৰু তেজিমলা, উল্লেখযোগ্য৷ চুটি ছবিৰ ভিতৰত ২০১২ চনত অনুষ্ঠিত হোৱা মুম্বাই চলচিত্ৰ মহোৎসৱত বিশেষ সমালোচকৰ বঁটাৰে সন্মানিত "আলিয়া" নামৰ চুটি ছবিখন উল্লেখযোগ্য৷ ঠিক তেনেদৰে জনপ্ৰিয় গায়িকা তৰালী শৰ্মাৰ শেহতীয়া এলবাম "হেঙুলীয়া"তো উৰ্মিলাই  অভিনয় কৰিছে৷ 


গোৱাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত ভাগ লওতে প্ৰযোজক পৰিচালকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা উৰ্মিলাই  দাক্ষিণাত্যৰ বিখ্যাত পৰিচালক বালাজী শক্তিভেলৰ ড্ৰামা-থ্ৰীলাৰ "ভাঝাক্কো এনন ১৮/৯" ত অভিনয় কৰিবলৈ কাৰণে নিৰ্বাচিত হয়৷ এই চলচিত্ৰত উৰ্মিলাই এগৰাকী বস্তিত বসবাস কৰা মহিলা, যি আনৰ ঘৰত কাম বন কৰি জীবিকা অৰ্জন কৰে, সেই চৰিত্ৰত অভিনয় কৰিছে৷ অতি সাৱলীলভাৱে এগৰাকী তামিল নাৰীৰ চৰিত্ৰটো দাঙি ধৰি উৰ্মিলাই সকলোৰেপৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷

উৰ্মিলাৰ এই শক্তিশালী অভিনয় সম্পৰ্কে প্ৰখ্যাত সমালোচক এম সুগনাথে কয় – “উৰ্মিলা মহন্তৰ সাৱলীল অভিনয়েই হৈছে চলচিত্ৰখনৰ কেন্দ্ৰ-বিন্দু” ৷ আন সমালোচকসকলৰো মত বিশেষ বেলেগ নহয়৷ সকলোৱেই উৰ্মিলাৰ  অভিনয়ক ভূয়সী প্ৰশংসা কৰি কয় যে উৰ্মিলাই অতি সুন্দৰকৈ পৰিচালক "বালাজী শক্তিভেলে" বিচৰা মতেই ছবিখনত অভিনয় কৰিবলৈ সক্ষম হৈছে৷ ইফালে দৰ্শকৰ মাজত বহুল জনপ্ৰিয়তা অৰ্জন কৰা চিনেমাখনেও সমালোচকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ বহুতেই "ভাঝাক্কো এনন ১৮/৯" বছৰটোৰ চলচিত্ৰ ৰূপেই পৰগণিত হ’ব বুলিও নিজা অভিমত প্ৰকাশ কৰিছে৷ 

বঁটা বিজয়ীৰ চূড়ান্ত ফলাফল ঘোষণা কৰাত মনোনীত হোৱা প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ সংখ্যাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব আৰু ইতিমধ্যে এই ভোটিং লাইন জনসাধাৰণৰ কাৰণে মুকলি কৰি দিয়া হৈছে৷ www.siima.in/2013 এই ৱেবছাইটটোত গৈ আপুনিও উৰ্মিলাক  ভোট দিব পাৰিব৷ অনলাইন আপোনাৰ ভোটটো দি উৰ্মিলাক সন্মানীয় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা বিজয়ী প্ৰথমগৰাকী উত্তৰ পূৱ ভাৰতৰ অভিনেত্ৰী হিচাপে সফলতা অৰ্জন কৰিবলৈ সহায় কৰিবলৈ ইয়াৰে আহ্বান জনালো৷ অসমীয়াৰ সুখ দুখৰ পৰিয়ালৰ হৈ অভিনেত্ৰীগৰাকীৰ আৰু উজ্জ্বলতৰ ভৱিষ্যত কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিছো৷
-------------------------------------------------------------------------------
                                     ছবিখনৰ কিছু দৃশ্যাংশঃ
----------------------------------------------------------------------------
লেখাটো ৰূপদান কৰিলেঃ আই আই এম কালিকটত অধ্যয়নৰত অসমীয়া ডেকা মানস দত্তই৷

3 comments:

  1. ভাল খবৰ। দাদা, লিংকটো ভুলকৈ দিলে নেকি! কাম কৰা নাই দেখোন। ভোট দিবলৈ ইচ্ছা আছিল।

    ReplyDelete
  2. সুন্দৰ খবৰ । তেখেতলৈ অভিনন্দন তথা শুভেচ্ছা জনালো । তেখেত আমাৰ অসমৰ বাবে গৌৰৱ ।

    ReplyDelete
  3. লিংকটো সন্দৰ্ভত অভিনেত্ৰী গৰাকীলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে৷ তেখেত সকলে জনোৱা লিংকটোত ভোটদানৰ ব্যৱস্থাটো এক্টিভেট থকা দেখা পোৱা নাই ৷

    ReplyDelete