সোঁৱৰণিৰ শ্ৰদ্ধাঞ্জলি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal: প্ৰৱন্ধ, বাতৰি, কিতাপ...

মহীৰূহৰ লেখা

সোঁৱৰণিৰ শ্ৰদ্ধাঞ্জলি

সোঁৱৰণিৰ শ্ৰদ্ধাঞ্জলি

Share This
মোৰ শিক্ষাগুৰু অজয় ৰয়দেৱৰ বিষয়ে 

-নিপুল মেধি


সেয়া ১৯৮২ চনৰ কথা- মই তেতিয়া ভাস্কৰ বিদ্যাপীঠ হাইস্কুল,গুৱাহাটীৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ।এই সময়তে মই এবাৰ শকত ধৰণৰ নৰীয়াত পৰি পাণবজাৰৰ এম. এম. চি. হাস্পাতালত ভৰ্তি হ’ব লগা হ’ল। হাস্পাতালৰ বিচনাত কম্বলখন উৰি মই সন্ধিয়া সময়ত শুই আছিলো –কাষত মা বহি আছিল ।তেনেতে মই অনুভৱ কৰিলো –মোৰ ভৰি দুখন কোনোৱাই পিতিকি দি আছে ।ভাৱিলো –মায়ে ভৰি দুখন পিতিকি আছে কিন্তু অনুচ্চ-স্বৰে মাৰ লগত কোনোবাই কথা পতা শুনি মই চকু মেলি চাই দেখো যে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু অজয় ৰয়দেৱে মোৰ মাৰ লগত কথা পাতি আছে আৰু মোৰ ভৰিদুখন আলফুলে পিতিকি দি আছে – শৰীৰটো অতিশয় দুৰ্বল হৈ আছিল – মোলৈ থকা চাৰৰ মৰম দেখি মোৰ চকুৰে জৰ-জৰকৈ চকুপানী নিগৰিবলৈ ধৰিলে । 

অজয় চাৰে আমাক সমাজ অধ্যয়ন আৰু ইংৰাজী পঢ়াইছিল ।ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰা চাৰে মই দশম মান শ্ৰেণীত থাকোতে এদিন আমাৰ ঘৰলৈ আহি দেউতাক ক’লে “ আপোনাৰ ল’ৰাটো মোৰ তালৈ অহাকালিৰ পৰা পঠাই দিয়ক –তাৰ মতি-গতি মই বৰ ভাল পাইছো , টিউচন মই খুব কম কৰো ৫ -৬ জন মান ল’ৰা-ছোৱালী আছে –সিহঁতৰ লগত মই ইয়াকো ইংৰাজী পঢ়াম ।

চাৰে ইংৰাজী খুব ভাল পঢ়ায় –প্ৰশ্নৰ উত্তৰ বোৰ ছুটিকৈ লিখিব দিয়ে আৰু আমাক কৈছিল “প্ৰশ্নৰ নম্বৰ বেচি থাকিলেই দীঘলীয়াকৈ লিখিবি ,সেইটো নকৰিবি – সকলো প্ৰশ্নৰ উত্তৰ যথা-যথ আৰু টু দা পইন্ট লিখিবি , বেবেৰিবাং লিখি বহীৰ পাত ভৰালে ভালতকৈ বেয়াহে হ’ব । 

সঁচা কথা কবলৈ হ’লে আমাৰ ৫ জনীয়া ভাই-ভনীৰ ভৰা পৰিয়ালটো মোৰ দেউতাৰ চাকৰীটোৰ উপাৰ্জনৰ ওপৰতে চলিব লাগিছিল আৰু ধন খৰছ কৰি টিউচন ল’ব পৰা অৱস্থা আমাৰ নাছিল । অজয় চাৰৰ ওচৰত এমাহ পূৰ হোৱাত ,দেউতাই খাম এটাত ৫০ টকা ভৰাই চাৰলৈ টিউচন ফীজ হিচাপে মোৰ হাতত পঠাই দিলে ।চাৰক মই খামটো দিয়াত চাৰে খুলি চাই ৫ খন ১০ টকীয়া নোট দেখা পাই প্ৰথমে মোক ধমক দিলে আৰু অলপ সময় কিবা চিন্তা কৰি এখন নোট চাৰে ৰাখি বাকী ৪০ টকা দেউতাক ঘুৰাই দিব ক’লে ।

অজয় ৰয় চাৰ দেখিবলৈ কিছু খন্দামাৰ্কা চেহেৰাৰ আছিল – খুব সুঠাম দেহৰ অধিকাৰী তেখেতে গুৱাহাটী স্পোৰ্টচ এচোচিয়েচনৰ বহু বছৰ ধৰি সভাপতি আছিল । টাউন ক্লাৱ আৰু অন্য বহুতো ত্ৰুীড়া সন্থাৰ লগত নিবিঢ় ভাৱে জড়িত আছিল ।

অতি নিৰ্মল আৰু মৰমীয়াল অন্তৰৰ চাৰৰ মহানুভৱতাৰ পৰিচয় এদিন নিজ চকুৰে দেখি মই বৰ আচৰিত হৈছিলো । জু-ৰোড তিনিঅলিত এদিন চাৰে ছিটিবাছত উঠোতে সৌভাগ্যক্ৰমে সেই একেখন বাছতে মইও উঠিছিলো । ভীৰ থকা বাছ খনত চাৰ থিয় হৈ গৈ আছিল, মই অলপ মান আঁতৰত থিয় হৈ গৈ আছিলো । চাৰে মোক দেখা নাছিল । 

হঠাতে দেখিলো চাৰে তেখেতৰ পিছফালে থিয় হৈ থকা ১৪-১৫ বছৰ বয়সৰ ল’ৰা এজনৰ হাতত থাপ মাৰি ধৰিলে ।ল’ৰাজন ভয়ত কঁপিব ধৰিছে – চাৰৰ পকেট মাৰি থকা অৱস্থাতে চাৰে ধৰিলে । অইন কোনো যাত্ৰীয়ে কিবা গম পোৱাৰ আগতে ,চাৰে মিচিকীয়া হাঁহি এটা মাৰি এই পকেটমাৰ ল’ৰা জনৰ হাতত এখন দুটকীয়া নোট গুজি দি তাক যাব ক’লে । কাণ্ডটো দেখি মই আঁতৰৰ পৰাই চাৰলৈ সেৱা জনালো । অজয় ৰয় চাৰ কিছু বছৰ আগতে ৰক্তচাপ জনিত ৰোগত প্ৰায় ৫৩ বছৰ বয়সতে ধুকাল । অইন বহুতো শিক্ষাগুৰুৰ লগতে মোৰ এইজন শিক্ষাগুৰৰ ধাৰ মই মোৰ জীৱনত সুজিব নোৱাৰিম ।

---------------------------------------------------------
লেখক পেশাত এজন অভিযন্তা তথা গুৱাহাটী নিবাসী এজন সচেতন নাগৰিক

No comments:

Post a Comment