পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. নুমলীগড়ৰ পৰা বগীবিল দলঙলৈ ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় পথৰ ২১৩০কোটি টকীয়া প্ৰকল্পই লাভ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটৰ অনুমোদন৷


২. কোকিলকণ্ঠী দীপালী বৰঠাকুলৰলৈ সুধাকণ্ঠ সন্মান প্ৰদান কৰিবলৈ ওলাইছে ডঃ ভূপেন হাজৰিকা জন্মদিন উদযাপন সমিতি(নগাঁও)য়ে৷

৩. দক্ষিণ কামৰূপৰ পৰা নিয়মীয়াকৈ প্ৰকাশ হৈ থকা সৃষ্টি তথা বিনোদনধৰ্মী আলোচনী "জান"য়ে পূৰ্ণ কৰিলে তেৰটা বছৰঃ বৰ্ষপূতি অনুষ্ঠানত উন্মোচিত হ’ল পাঁচখনকৈ গ্ৰন্থ, তিনি গৰাকী শিল্পী সাহিত্যিকলৈ আগবঢ়ালে স্মাৰক বঁটাও৷
উন্মোচন কৰিলে অসমৰ ৰাজ্যপালে

৪. অসমৰ সাহিত্য সংস্কৃতিৰ জগতত সংযোজন ঘটিল এখন অতি মূল্যবান গ্ৰন্থৰ উন্মোচিত হ’ল "ভাওনা সংস্কৃতিঃ অসমৰ নাট্যকলা-সৃষ্টৰ পৰা বৰ্তমানলৈ"৷  প্ৰৱন্ধ সংকলনখনৰ মুখ্য সম্পাদক কেশৱ গগৈ৷

৫. গহপুৰত ছহিদ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়েঃ ছহিদৰ স্মৃতিচিহ্ন ৰক্ষাৰ্থে ঘোষণা কৰিলে ৫০ লাখ টকাৰ অনুদান৷

৬. এন কে পি ছালভে চেলেঞ্জাৰ ট্ৰফীৰ বাবে ইণ্ডিয়া ব্লু দলত স্থান লাভ কৰে অসমৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ শিৱশংকৰ ৰয়৷

৭. ছেবাৰ ৩৮টা বিসংগতি দেখুৱাই দিয়া দিলীপ কুমাৰ বৰুৱা তদন্ত কমিটিৰ প্ৰতিবেদনলৈ আদৰণি জনালে বড়ো সাহিত্য সভায়ো৷

৮. শিৱসাগৰ চহৰত চুলিৰে বান্ধি বাচ টানি আধা কিল’মিটাৰ দূৰত্ব  অতিক্ৰম কৰি চমৎকাৰ দেখুৱালে ষাঠীৰ উৰ্ধৰ জয়সাগৰৰ বীৰেন গগৈয়ে৷

৯. চন্দ্ৰ প্ৰকাশে প্ৰকাশ কৰি উলিয়ালে প্ৰয়াত উত্তম বৰুৱাৰ যুগজয়ী নাট "বৰ মানুহৰ দোলা": গুৱাহাটীত উন্মোচন কৰি গ্ৰন্থখন কনকসেন ডেকাই৷

১০. তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান "চাতক"ৰ ২০১৩ বৰ্ষৰ চাতক সন্মান আগবঢ়াব বীৰেন্দ্ৰনাথ দত্ত আৰু নীলপৱন বৰুৱালৈ৷

১১. শিৱসাগৰত সদৌ অসম কবি সন্মিলনৰ সফল সামৰণিঃ বৰহাটত পৃথিৱীৰ কবি ৰাম গগৈৰ স্মৃতি দিৱসো হ’ল উদযাপিত৷

১২. পাঠশালাত উন্মোচিত হ’ল এলেক্স ফিগোৰ শিশু সাহিত্য "গাঁৱৰ পথাৰ সাগৰৰ দৰে বিশাল" শীৰ্ষক গ্ৰন্থ৷

১৩. ওঠৰ প্ৰসংগৰে বটদ্ৰৱা থানত সামৰণি পৰিল ভাদমহীয়া নামৰঃ অগণন ভক্তৰ সমাগমেৰে উদুলি-মুদুলি হ’ল থানৰ প্ৰাংগণ৷

১৪. ডাইনী সন্দেহত বৃদ্ধাক হত্যাৰ ঘটনাই শিৰোনামা দখল কৰাৰ পাছতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাডাৰ্ছে তুলিলে এই বিষয়ত শীঘ্ৰে কঠোৰ আইন প্ৰণয়নৰ দাবী৷

১৫. বিশ্ব সুন্দৰী প্ৰতিযোগিতাৰ মূলসুঁতিৰ আতৰঁত বিশ্ব মুছলিম ফাউণ্ডেছনৰ মুছলিম বিশ্ব সুন্দৰী প্ৰতিযোগিতাত বিজয়ী হ’ল নাইজেৰিয়াৰ কৃষ্ণাঙ্গ কণ্যা ২১ বছৰীয়া ৱাবিয়িঃ কট্টৰপন্থী মুছলিম বিশ্বৰ সুন্দৰী সকলক সুযোগ দিয়াৰ বাবে পতা এই প্ৰতিযোগিতাই তৃতীয় বৰ্ষ অতিক্ৰম কৰিলে৷

চিন্তনীয় খবৰঃ
১. কৰ্মচাৰীক বকেয়া ধন দিবলৈ ধন নোহোৱা চৰকাৰৰ ৪০হাজাৰ পদৰ নিযুক্তিৰ নিৰ্বাচনকেন্দ্ৰিক ঘোষণাক এক মিছা কথাৰে প্ৰতাৰণাৰ তথা বিত্ত মন্ত্ৰালয়ৰ অধিসূচনা উলংঘাৰ উদাহৰণ বুলি স্বৰূপ উদঙালে অগপৰ সভাপতি প্ৰফুল্ল কুমাৰ হমন্তই৷

২. লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি জোৰদাৰ কৰিবলৈ আজি প্ৰদেশ কংগ্ৰেছৰ বিশেষ সভাঃ কাইলৈ আহিব অজয় মেকেন৷

৩. মন্ত্ৰীৰ চেনেলত বিজেপি সভাপতিৰ সাক্ষাৎকাৰঃ মুখ্যমন্ত্ৰীয়ে হাইকামাণ্ডলৈ দিলে খবৰ!

No comments:

Post a Comment