মিচা ক’লে কি ডাল হব? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব?

মিচা ক’লে কি ডাল হব?

Share This
বিশেষ গুণ বোৰৰ বিষয়ে :

-নিপুল মেধি
মই এজন খাৰ খোৱা অসমীয়া মানুহ, মোৰ নিজৰ গাত তলত লিখা আটাইবোৰ গুণয়েই বিদ্যমান ।

১) পৰশ্ৰীকাতৰ , হিংসুক আৰু আনৰ ভাল দেখিব নোৱাৰো ।

২) সহজলভ্য ধনৰ প্ৰতি দূৰ্বাৰ আকৰ্ষণ , আনক ঠগিবলৈ এক মিনিটো সময় নালাগে ।

৩) পৰিশ্ৰম বিমুখ , সহজ পন্থাৰে জীৱনত লগা সকলো বস্তুৱেই পাৱ বিচাৰো ।

৪) পৰচৰ্চ্চা , পৰনিন্দা কৰি বৰ ভাল পাওঁ।

৫) ওপৰলৈ উধাৱ ধৰা মানুহ দেখিলে, ঠেঙত ধৰি তেঁওক তললৈ নমাই আনি সুখ পাওঁ ।

৬) নিজৰ বিলাস-বৈভৱ আদি আনক দেখুৱাই তৃপ্তি পাওঁ ।

৭) হকে – বিহকে অইনক সমালোচনা কৰাটো মোৰ সহজাত স্বভাৱ ।

৮) সদায় সকলো ধৰণৰ বেয়া বিলাকৰ প্ৰতিহে মোৰ দৃষ্টি নিবদ্ধ থাকে ।

৯) অইনক যি কোনো উপায়েৰে মানসিক আঘাত দি , প্ৰৱল সুখ অনুভৱ কৰো।

১০) নিজৰ বাহিৰ ফালটো সদায় চিকচিকীয়া কৰি ৰাখি আনক দেখুওৱাত মই সিদ্ধহস্ত ।

১১) পৰৰ পিঠাৰে বিহু পাতি বৰ আনন্দ লাগে ।

১২) নিজৰ যশৰ ঢোলবাদ্য কৰি ভাল পাও ।

১৩) নিজৰ লাভ নোহোৱাকৈ আনক উপকাৰ কৰি সমুলি বেয়া পাওঁ ।

১৪) উপলুঙা ,ইতিকিং –ঠাট্টা আদি কৰাটো মোৰ অন্যতম সদ গুণ ।

১৫) বিপদত অইন মানুহক সহায় কৰাটো মোৰ স্বভাৱ বিৰুদ্ধ ।

No comments:

Post a Comment