অসমীয়া ছবিজগতলৈ সুখবৰঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমীয়া ছবিজগতলৈ সুখবৰঃ

অসমীয়া ছবিজগতলৈ সুখবৰঃ

Share This
পিভিআৰত মুক্তি পাব অসমীয়া ছবি "লোকেল কুংফু"

অসমীয়া ছবিজগতলৈ নতুন সুখবৰ কঢ়িয়াই আনিছে কেনী বসুমতাৰী পৰিচালিত ছবি "লোকেল কুংফু"ৱে৷ দেশৰ আটাইতকৈ বৃহৎ চিনেমা শৃংখল "পিভিআৰ চিনেমা"ৰ স্বাধীন উদ্যম "পিভিআৰ ডাইৰেক্টৰচ ৰেয়াৰ" শিতানত দেশৰ নিৰ্বাচিত চহৰত প্ৰদৰ্শিত হবলৈ নিৰ্বাচিত হৈছে লোকেল কুংফু৷  উল্লেখযোগ্য যে জাহ্নু বৰুৱাৰ ছবি "বান্ধোন"য়েই এইদৰে অসমৰ বাহিৰত মুক্তি পোৱা প্ৰথমখন অসমীয়া ছবি৷

তাৰ পাছতে প্ৰতিভাশালী যুৱ পৰিচালক কেনীৰ এই ছবিখনে পিভিআৰ ৰেয়াৰ যোগে অসমৰ বাহিৰত দেশৰ বিভিন্ন মহানগৰত মুক্তি লাভ কৰিব৷ মুক্তি লাভৰ দিন ৰূপে অহা ২৭ ছেপ্তেম্বৰ দিনটো ধাৰ্য কৰা হৈছে৷

দেশৰ প্ৰথমখন মাৰ্চিয়েল আৰ্ট কমেদীৰূপে নিৰ্মাণ হোৱা এই ছবিখনৰ প্ৰম’ অসমীয়াৰ সুখ দুখৰ পাঠকৰ বাবেও পৰিবশক "কুঁহিপাতে" মুকলি কৰি দিছে৷ আৰু মুম্বাই, পুণে, বেংগেলুৰু, দিল্লী, গৰগাঁৱ, কলকতা আৰু আহমেদাবাদস্থিত সকলো চলচিত্ৰপ্ৰেমীক এই চিনেমালৈ সঁহাৰি দিবলৈ গোহাৰি জনাইছে৷

স্বতৰ্ব্য যে অতি প্ৰতিভাবান তথা আই আই টি দিল্লীৰ ড্ৰপ-আউট কেনীৰ নিৰ্দেশনাত আগতে কেইবাটিও অসমীয়া মিউজিক ভিডিঅ’ই দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ অতি কম বাজেটত মাত্ৰ এক লাখ টকাৰ ভিতৰত নিৰ্মিত কেনীৰ এই ছবিখন অসমীয়া ছবি উদ্যোগৰ বাবেই এক আদৰ্শ বা অনুকৰণীয় হৈ উঠিব বুলি আশা প্ৰকাশ কৰিব পাৰি৷

ছবিখনৰ পৰিচালক তথা কলা-কুশলী সকললৈ অসমীয়াৰ সুখ দুখৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো৷

অতি সোনকালেই সুখ-দুখৰ সৈতে এক অন্তৰংগ সাক্ষাৎকাৰত পৰিচালক কেনী মিলিত হোৱাৰ কথা৷
পিভিআৰ চিনেমাত মুকলি কৰা প্ৰম’টো ৰাইজৰ বাবে ইয়াৰ সৈতে মুকলি কৰা হৈছেঃ 

1 comment: