মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ)

মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ)

Share This
*************************** অৰূপজ্যোতি সন্দিকৈ
অসম চুক্তিখন কেতিয়াকৈনো ৰূপায়ণ হ’ব
মোৰ প্ৰেমেও কেতিয়াকৈনো জয় গান গাব,
এশ এবুৰি সমস্যাই অসমখন ভৰি আছে ভাই
এতিয়ালৈকে মোৰ এজনীও প্ৰেমিকা নাই,

চতুৰ্থবাৰৰ বাবে গগৈদেওৰ চৰকাৰ আকৌ আহিবৰে হ’ল
পিছে মোৰ প্ৰেম-পিৰিতি এতিয়াও নহ’ল,
নিৰ্বাচনৰ সময়ত চৰকাৰে ক’ত প্ৰতিশ্ৰুতি দিলে
ছোৱালী পতাই দিম বুলি মোৰ পৰাও ক’তই ধাৰত টকা নিলে!

এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ গগৈ চৰকাৰ আহিল
মোৰ দৰে বেকাৰৰ জীৱনলৈ সুখ নামৰ বস্তুটোৱে নাহিল,
মিচাতে ৰ’দত শাৰী পাতি ভোটটো দিলো
কালি থানত মতা হাঁহ এটাও বলি দিলো
পিছে প্ৰেমত মই ভিজা মেকুৰিহে হৈ গ’লো ।

ভাবিছিলো বহু কথা
চৰকাৰে আমাৰ সমস্যাবোৰৰ মাৰিব লেঠা
ময়ো প্ৰেমিকাৰ সৈতে গাতে গা লগাই পাতিম মনৰ কথা,
চৰকাৰৰ প্ৰগতিৰ কথাবোৰ খবৰ কাগজতে আৱদ্ধ হৈ ৰ’ল
মোৰো মনৰ কথা্বোৰ ইফাল-সিফাল কৰি মনতে ৰ’ল
বিদেশেবোৰ যে স্বদেশী হ’বৰে হ’ল!
এইখন মোৰ কি কপালহে
কপাল নহয় যেন চৰকাৰে দিয়া তিৰপালহে 
বুলো শৰ্মাদেও মোৰ দৰে মন্দভাগী প্ৰেমিক সকলৰ বাবে 
কিবা আঁচনি আছে যদি ৰাজহুৱাকৈ ক’ব 
পাৰিলে আপোনাৰ টিভিটোতে ঘোষণা এটাকে কৰি দিব 
জয় জয় জয় অসম চৰকাৰ
আমাৰ দৰে ৰাইজৰ কথা ভাবিবলৈ কিহৰ দৰকাৰ 
মিচা কলে কিডাল হ’ব
দিচ ইচ অ’লচ ইম্পৰন্টেনট মেটাৰ
প্ৰেমত পৰাত কৈ ৰাজনীতি কৰাই বেটাৰ ।। 

No comments:

Post a Comment