আজিৰ চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ চিন্তা

আজিৰ চিন্তা

Share This
ভূপেনদালৈ প্রকৃত শ্রদ্ধা আৰু সন্মান প্রদর্শণ
ড° বুলজিৎ বুঢ়াগোহাঁই

আজি (৮ ছেপ্টেম্বৰ) ভূপেন (ড°ভূপেন হাজৰিকা)দাৰ জন্মদিন ৰাজ্যখনৰ উপৰিও দেশ-বিদেশৰ বিভিন্ন ঠাইত বিভিন্ন কার্যসূচীৰে পালন কৰা হৈছে । ই এটা ভাল কথা। আমি ভাবোঁ, যদি ভূপেনদাৰ গীতবোৰ হৃদয়ঙ্গম কৰি ব্যক্তিগত তথা সমাজ জীৱনৰ বিভিন্ন দিশত সুপ্রয়োগ কৰোঁ তেতিয়াহে আমি তেখেতৰ প্রতি প্রকৃত শ্রদ্ধা আৰু সন্মান প্রদর্শণ কৰা হ’ব ।
মোৰ গীতৰ হাজাৰ শ্ৰোতা
তোমাক নমস্কাৰ,
গীতৰ সভাত তুমিয়েইতো
প্ৰধান অলংকাৰ

এইখিনিতে এটা অপ্রিয় সত্য কথা কোৱা ভাল হ’ব যে বহুতে ভূপেনদাৰ গীতৰ শব্দৰ অর্থই বুজি নাপায় ।গতিকে, গীতবোৰ হৃদয়ঙ্গম কৰি ব্যক্তিগত তথা সমাজ জীৱনত প্রয়োগ কৰাতোঁ দূৰৰ কথা। গীতৰ শব্দৰ অর্থ বুজি নোপোৱা কাৰণ হ’ল বহুতে অসমীয়া পঢ়িব আৰু লিখিব নাজানে আৰু ইয়াৰ সংখ্যা দিনে দিনে বাঢ়িব ধৰিছে। 

এতিয়া কথা হ’ল, যি মাধ্যমতে নপঢ়ক লাগিলে অসমত থকা সকলোৰে যাতে অসমীয়া ভাষাতো পঢ়িব আৰু লিখিব পাৰে তাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয়। পৃথিৱীৰ যিমান ভাষা শিকে শিকক কিন্তু নিজৰ মাতৃভাষা তথা অসমত বসবাস কৰা যিসকলৰ মাতৃভাষা অসমীয়া নহয়, তেখেতসকলেও অসমীয়া পঢ়িব আৰু লিখিব পাৰিলে যে কোনো অপকাৰ নহয় সেই বিষয়ে সজাগতা আনিব বাবে স্বেচ্ছাসেৱী অনুষ্ঠান,বে-চৰকাৰী অনুষ্ঠানকে আদি কৰি ছ’চিয়েল নেটৱর্কিং ছাইট’-ফেচবুক,অৰকুটৰ অসমৰ হকে কাম কৰি থকা গোটবোৰ আগবাঢ়ি আহিলে ভাল হয় ।

No comments:

Post a Comment