লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
ৰোমাণ্টিক শিল্পী সংঘৰ
 শীতকালীন কৰ্মশালা

১. পৰকীয়া প্ৰেম বিষয়ত কবি, সাহিত্যিক, শিল্পী সকলৰ অতি অভিজ্ঞ সকলে অহা শীত ঋতুত আয়োজন কৰিব বিশেষ শীতকালীন কৰ্মশালাৰ৷ পৰকীয়া প্ৰেমত কেনেকৈ পৰিব, লব লগা সাৱধানতা, ফোনৰ চীম মেনেজমেণ্ট, আকৰ্ষণীয় ৰোমাণ্টিক গিফট, ডেটিং টিপছ, ঘৰলৈ ঘূৰি আহোতে লব লগা চাফ-চিকুনতা আৰু চুলি বিষয়ক সাৱধানতা আদি বিষ.ক নৱ-প্ৰজন্মক বিশেষ ভাৱে প্ৰশিক্ষণ দিয়া হব বুলি ৰোমাণ্টিক শিল্পী সংঘই জনাইছে৷ তাৰ বাবে বিশেষজ্ঞ সকলৰ নাম অচিৰেই সুখদুখ.কম যোগে প্ৰচাৰ কৰিব বুলিও বিবৃতিযোগে জনাইছে৷

২. ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হ’ল ঢোঁৰাসাপ৷ এই নাটকৰ পৰা প্ৰেৰণা লৈ কইনাধাৰা নাট্য গোষ্ঠীয়ে "জালুকবাৰীৰ ঢোঁৰাসাপ" নামৰ এখন নাটক প্ৰযোজনাৰ সিদ্ধান্ত লোৱ বুলি জানিব পৰা গৈছে৷ তাৰ বাবে নায়ক চৰিত্ৰৰ বাবে অলপ পেটুৱা আৰু চুলি কম থকা অভিনেতা সকলক অ’ডিচন দিবৰ বাবে আহ্বান জনাইছে৷ তাৰ বাবে কনপোনা গগৈক কঠিয়াতলীতে মৈয়াই থকা অৱস্থাতে লগ ধৰিব পাৰিব বুলিও লগতে জনাইছে৷

৩. গুৱাহাটীৰ গিলাচত পৰা বৰফে সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰাৰ বাতৰি আহিছে৷ যিহেতু এই গণণা এতিয়াও অফিচিয়েল কৰিব পৰা হোৱা নাই, সেয়ে বৰফ চেন্সিং চিচি টিভি সকলো বাৰতে লগোৱাটো বাধ্যতামূলক কৰিবলৈ যোৰহাটৰ অভিলেখ বৰুৱাই আবকাৰী বিভাগক খাটনি ধৰিছে৷ এই পৰামৰ্শ ব্যৱহাৰ কৰিলে প্ৰতিদিনেই অসমে বৰফ পৰাৰ ক্ষেত্ৰত নিজৰ অভিলেখ প্ৰতিদিনেই ভংগ কৰিব পাৰিব আৰু ইয়ো এক আকৰ্ষণীয়  বিশ্ব ৰেকৰ্ড হব বুলি বৰুৱাই মত ব্যক্ত কৰিছে৷

৪. নগাঁৱত মুন্নাভাই ডাক্তৰ গ্ৰেপ্তাৰ৷ ভুৱা ডিগ্ৰীৰে ডাক্তৰৰ বেপাৰ চলাই থকাৰ সাহসৰ বাবে তেখেতক প্ৰকৃততে সাহসিকতাৰ বঁটাহে প্ৰদান কৰিব লাগিছিল বুলি সচেতন ৰাইজে কৰিলে ক্ষোভ প্ৰকাশ৷ সঁচা ডিগ্ৰীৰেও ভুৱা চিকিৎসা, ভুৱা তেজ পৰীক্ষা, ভুৱা ৰিপৰ্ট পঠন, ভুৱা বিল দাখিল কৰি তেজ খাই থকা ডাক্তৰ সকলকহে জেললৈ পঠাব লাগে বুলিও কৰিলে মত প্ৰকাশ৷

৫. চিবিআইৰ দুৰ্নীতি নিবাৰক শাখাই লাভ কৰিলে শ্ৰেষ্ঠতাৰ বঁটা৷ এই বঁটা প্ৰাপ্ত কৰিবলৈ সুযোগ দিয়া বাবে আৰ এইচ খামৰ নেতৃত্বত থকা লুটেৰা সন্থালৈ জ্ঞাপন কৰিলে কৃতজ্ঞতা৷ ৰাজনৈতিক হস্তক্ষেপ আঁতৰ কৰিলে পৃথিৱীৰ ভিতৰতে বেছি টকাৰ কেলেংকাৰী ধৰি বিশ্ব অভিলেখ গঢ়িব পৰাৰেই স্ক’প অসমত থকা বুলিও এগৰাকী নাম প্ৰকাশত অনিচ্ছুক আণ্ডাৰ কভাৰ ক’পে কৰিলে মত প্ৰকাশ!

৬. কাজিৰঙাত পশু চিকিৎসকৰ অভাৱত বন্যহস্তীৰ মৃত্যুৰ বাতৰিত শোক প্ৰকাশ কৰিছে গুৱাহাটী ভেৰি পৌৰ নিগমৰ মুখ্য পশু চিকিৎসকে৷ মহানগৰীত জন্ম নোলাৱাৰ বাবে পশু চিকিৎসকৰ অভাৱত হস্তীটোৰ এনে মৃত্যু হবলৈ পালে, কিন্তু মহানগৰীৰ বাসিন্ধা হোৱা হ’লে তেওঁ এই গৰাকী সুযোগ্য চিকিৎসকৰ চিকিৎসাৰ বলি হোৱা সৌভাগ্য হ’ল হেতেন বুলিও দুখ প্ৰকাশ কৰে৷ অহাটো জনমত হাতীটোক আমবাৰীতে জনম দিবলৈ বুলিও তেখেতে ভগৱানক দুইমিনিট প্ৰাৰ্থনা কৰা বুলি চকীদাৰজনে এচএমএচ যোগে জনাইছে৷

৭. বিদেশী সমস্যাক চূড়ান্ত অৱহেলা কৰা কেন্দ্ৰ-ৰাজ্যক কঠোৰ ভাষাৰে হাইকৰ্টৰ ভংসৰ্না, ক’লে-ঈশ্বৰেহে অসমক বাংলাদেশীমুক্ত কৰিব পাৰিব৷ আজিৰ পৰা সেয়ে সম্পূৰ্ণ ভাদমাহ জুৰি ভগৱানৰ ওচৰত আৰ্জি দিবলৈ অখণ্ড পালনাম পাতিবলৈ সজাগ ৰাইজে কৰিছে সিদ্ধান্ত গ্ৰহণ৷অসম চুক্তিত এই ভগৱানৰ ক্লজটো অন্তৰ্ভুক্ত নকৰাৰ বাবে প্ৰাক্তন ছাত্ৰনেতা সকলক কৰিলে সমালোচনা৷

৮. ৰসাল গগৈয়ে ক’লে- বাকী সকলোৱেই হিৰ’, তেখেতেই হেনো মাত্ৰ জিৰ’! সেয়ে তেখেতৰ লগত পূৰণ মানে টক্কৰ মৰিবলৈ অহা সকলো শূণ্য হৈ যায়৷ তেখেতৰ সতে যোগ দিয়া মানে, তেওঁ পাছফালে বহি সংগ দিয়া সকল হাজাৰ হাজাৰ কোটি লাভ কৰা লক্ষ্মীৰ বৰ-পুত্ৰ হৈ পৰা দেখা গৈছে৷ চাৰৰ টোপনি হৰণ কৰিবলৈ যোৱা সকলটো অসীম মানে ইনফিনিটি দূৰত্বত নিজৰ অস্তিত্ব হেৰুৱা বুলি উদাহৰণ স্বৰূপে মহন্ত কাইটিৰ নাম উল্লেখ কৰে৷

৯. কিৰিপ কাই নিজৰ মুখৰ বাবেই ফচিছে, ককাইদেউ এতিয়া নিজৰ পাৰ্টিৰ চোতালতে এলাগী হৈ পৰিছে বুলি অনিল ৰাজাভাইয়ে আজি আঙুলিয়াই দিয়ে৷ তেখেতে যিহেতু এজন হেভী ৱেইট আছিল, সেয়ে আজি পাৰ্টিৰ বাবে ডাঙৰ, গধুৰ বোজা স্বৰূপ হৈ পৰিছে বুলিও মত ব্যক্ত কৰে৷ ৰাজাভাইয়ে কোৱা মতে, ভুৱা পিএইচ ডি থকা আৰু গগৈচাৰৰ ভৰিত ধৰাৰ ইতিহাস থকা মানুহে অলপ মুখৰ লেকাম ধৰি নচলিলে পাছত অন্নমুঠি মোকোলাবলৈ টান পৰিব বুলিও সঁকিয়াই দিয়ে৷ এতিয়া ককাইদেউৰ এক্সক্লুচিভ প্ৰতিক্ৰিয়া টিভিৰ পৰ্দাত উজলি উঠালৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চোৱাৰ খবৰ৷

১০. থানাৰ সমুখত শিক্ষক দিৱসত ভাষণ দি নতুন অভিলেখ সৃষ্টি কৰিলে পলাতক ঘোষিত এজন বিধায়কে৷ তেখেতে ভাষণ প্ৰসংগত কয় যে, চৰ ঠাপৰ দি শিক্ষা দিয়াৰ অভিজ্ঞতা থকাৰ বাবেহে তেওঁ আজি থানাৰ সমুখতে শিক্ষক দিৱসৰ দিনা শিক্ষক সকলক ভাষণ দিবলৈ সাহস কৰিছে৷ বিপথে যোৱ সকলক সৎ পথলৈ অনাৰ বাবে তেখেতৰ আদৰ্শই চাৰ সকলে গ্ৰহণ কৰিব লাগে বুলিও তেখেতে ভাষণত কয়৷ আৰু নাম স্থিৰ নোহোৱা কোনো ব্যক্তিক উদ্দেশ্যি তেওঁ বুঢ়া আঙুলি প্ৰদৰ্শন কৰে৷ তেখেতে ইয়াক "এইটো এটা গুৱাল বুঢ়া আঙুলি" বুলিও অভিহিত কৰাৰ খবৰ আহিছে৷

No comments:

Post a Comment