পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. আজি সুধাকণ্ঠৰ ৮৭সংখ্যক ওপজা দিনঃ লুইতৰ পৰা টেমচলৈ আয়োজিত হৈছে জন্মদিন উদযাপনৰ কাৰ্যসূচী৷ লখিমপুৰত কেন্দ্ৰীয় ভাৱে আয়োজিত উদযাপনৰ স্থান ত্যাগক্ষেত্ৰ হৈ পৰিছে লোকাৰণ্য তথা সমন্বয়ৰ থলী স্বৰূপ৷
সুধাকণ্ঠলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

২. ৰাজ্যজুৰি কালি পালিত হ’ল মহাপুৰুষ শংকৰদেৱৰ ৪৪৫সংখ্যক তিৰোভাৱ তিথিঃ হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ল জন্মস্থান বটদ্ৰৱা৷

৩. অকণিৰ সাহিত্য সভাৰ নতুন উদ্যোগঃ ওঠৰ বছৰৰ তলৰ লেখক-লেখিকাক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আৰম্ভ কৰিছে নৱকান্ত বৰুৱাদৈৱৰ সোঁৱৰণত 'এখুদ ককাইদেউ বঁটা"৷ এই বৰ্ষৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে যোৰহাট জোনাকী সংঘ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী "এখন ৰহস্যময় দাপোনৰ সিপাৰে" নামৰ উপন্যাসখন, বঁটা প্ৰদানৰ অনুষ্ঠান অহা ৬অক্টোবৰত৷

৪. জাতীয় সংহতিৰ বাৰ্তা প্ৰেৰণেৰে শিৱসাগৰত মানৱ শৃংখলঃ পাঁচ শতাধিকে ল’লে সংকল্প, নিনাদিত হ’ল প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী জনঞ্জয় শইকীয়াৰ কণ্ঠত "জয় আই অসম" নামৰ এক দেশপ্ৰেমমূলক গীত৷

৫. অচিৰেই আৰম্ভ হ’ব জালুকবাৰীত ভূপেনদাৰ সমাধিক্ষেত্ৰ, নিৰ্মাণৰ দ্বায়িত্ব ইতিমধ্যেই লাভ কৰিছে গৌতম বৰুৱা এণ্ড এছ’চিয়েট নামৰ প্ৰতিষ্ঠানক৷ চলি আছে দেশে বিদেশে স্মৃতিসৌধৰ আৰ্হিৰ সন্ধান৷

৬.উন্মোচিত হ’ল মৃণাল তালুকদাৰৰ নৱতম গ্ৰন্থ "১৯৬২": চীন-ভাৰত যুদ্ধৰ অৰ্ধ শতিকাজোৰা ৰহস্যৰ উদঘাটন কৰাৰ এক বৌদ্ধিক যাত্ৰাই পালে কিতাপৰ ৰূপ৷
সমন্বয়ৰ বাণীৰে শিৱসাগৰত
মানৱ শৃংখল, সংগীতৰ লহৰ
৭. সৰ্বমুঠ ৪০টা ভাষালৈ অনুদিত হ’ল "অ’ মোৰ আপোনাৰ দেশ": অহা ১৭নৱেম্বৰত এই সমন্বয় যাত্ৰাই নগাঁৱত চল্লিশটা ভাষাত এই গীত পৰিবেশনৰ এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে৷

৮. আজি বিশ্ব সাক্ষৰতা দিৱসঃ সাক্ষৰতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠভাৱে কাম কৰা সাক্ষৰতা মিচনৰ সৰ্বোতকৃষ্ট শাখা সমূহলৈ মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ে কৰিব বঁটা প্ৰদান, দিল্লীত৷

৯. শিৱসাগৰ কলেজত জৈৱ প্ৰযুক্তি বিষয়ক জে এন বৰুৱা স্মাৰক বক্তৃতানুষ্ঠানঃ উপাচাৰ্য ডঃ অলক কুমাৰ বুঢ়াগোহাঁইয়ে দাঙি ধৰিলে 'জীৱন"ৰ বৈজ্ঞানিক বিশ্লেষণ৷

১০. প্ৰবীণ ক্ৰীড়া সংগঠক প্ৰেমকান্ত ডেকাক প্ৰদান কৰিলে নৃপেন্দ্ৰ নাৰায়ণ সিংহ ক্ৰীড়া সংগঠক ন্যাস বঁটাঃ শোণিতপুৰৰ একুৰি সংগঠনে জনালে সম্বৰ্ধনা৷

১১. পৃথক ৰাজ্য নহয়, গৃহ-বিত্ত-ৰাজহো গতাই অধিক ক্ষমতা তিনি স্বায়ত্ত পৰিষদলৈ প্ৰদান কৰাৰহে প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে৷

১২. অৱেশষত মিচিং জনবসতি নথকা গাঁওসমূহ মিচিং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাৰ পৰা কৰ্তন কৰা হব বুলি ঘোষণা কৰিলে কেন্দ্ৰীয় জনজাতি উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাণী নৰহে৷

১৩. মাজনিশা ক্ষেত্ৰীত অভিযান চলাই অসম আৰক্ষীয়ে লাভ কৰিলে সফলতাঃ এ কে-৫৬, ৩.৩, ২২ৰাইফলসহ মহানগৰীৰ সমীপতে উদ্ধাৰ হ’ল বিশাল অস্ত্ৰ ভাণ্ডাৰ, আটক কৰিলে জিএনএলএৰ উগ্ৰপন্থী৷ শোণিতপুৰতো এনডিএফবিৰ কূটাঘাতৰ পৰিকল্পনাত আউল লগাই উগ্ৰপন্থী গ্ৰেপ্তাৰ, লগতে উদ্ধাৰ কৰিলে মৰণাস্ত্ৰৰো৷

১৪. নতুন মহকুমা গঠনৰ চৰাকীৰ অধিসূচনাক লৈ উৎফুল্লিত কলগাছিয়াবাসীঃ কলগাছিয়াক মহকুমা ঘোষণা কৰিবলৈ তুলিলে দাবী৷

১৫. অৱসৰপ্ৰাপ্ত আই এছ বিষয়া মদন প্ৰসাদ বেজবৰুৱা আৰু শ্বিলংৰ আই আই এমৰ প্ৰাক্তন সঞ্চালক অশোক দত্তক উত্তৰ-পূৱ পৰিষদৰ বেচৰকাৰী সদস্য ৰূপে ৰাষ্ট্ৰপতি ভৱনে মনোনীত কৰাৰ সুখবৰ৷

১৬. আৰোহণ আৰ্টিষ্ট গীল্ডৰ আৰোহণ বঁটা প্ৰদান অনুষ্ঠান আৰু সাংস্কৃতিক সমাৰোহৰ সফল সামৰণি, গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত৷

১৭. সুকীয়া ৰাজ্যৰ আৰু বিবেচনা নকৰে বুলি স্থিতি স্পষ্ট কৰি দিলে দেশৰ গৃহমন্ত্ৰী সুশীল কুমাৰ সিন্ধেইঃ সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকাত দেশজুৰি জাৰি কৰিলে হাই-এলাৰ্টো৷ 

চিন্তনীয় বাতৰিঃ
১. অপৰিবৰ্তিত মাজুলীৰ বান পৰিস্থিতি, তীব্ৰ খাদ্য সংকটঃ বজালীতো পহুমৰা-কালদিয়াৰ তাণ্ডৱৰ চিন্তনীয় খবৰ৷

২. বানৰ প্ৰকোপত হাবিৰ পৰা ওলাই অহা এটা গঁড়ক ভয় খুৱাবলৈ চেষ্টা কৰোতে দুৰ্ভাগ্যজনক ভাৱে বনৰক্ষীৰ গুলীতে নিহত হ’ল এশিঙীয়া গঁড়টো, শোণিতপুৰৰ চতিয়াত৷

৩. অসাৰ প্ৰতিপন্ন হ’ল কেন্দ্ৰৰ ঘোষণাঃ আজিও বৃদ্ধি নহ’ল ডিব্ৰুগড় দূৰদৰ্শণ কেন্দ্ৰৰ টাৱাৰৰ উচ্চতা৷

৪. তেজপুৰ বিশ্বূবিদ্যালয়ত শংকৰদেৱ আসন ত্যাগ কৰিলে সন্মানীত অধ্যাপকেঃ কৰ্তৃপক্ষৰ মনোভাৱক লৈ সৃষ্টি হৈছে বিতৰ্কৰ৷

৫. মাজুলীত ক্ষোভিত ৰাইজে ব্ৰহ্মপুত্ৰবৰ্ডৰ কনিষ্ঠ অভিযন্তাক আবদ্ধ কৰি ৰাখিলে আঠ ঘণ্টা সময়৷

৬. যান বাহন আইন উলংঘাকাৰীৰ শীৰ্ষত ডিব্ৰুগড় চহৰবাসীঃ তাৰে বেছিভাগেই অতিশয় ধনী মানুহ তথা সম্ভ্ৰান্ত ঘৰৰ প্ৰতিনিধি৷

৭. ইণ্ডিয়ান বেডমিণ্টন লীগৰ আয়োজকে কৰিলে ঘোষণাঃ ২৫কোটি টকাৰ আৰ্থিক লোকচানৰ চিন্তনীয় খবৰ৷

No comments:

Post a Comment