সান্নিধ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সান্নিধ্য

সান্নিধ্য

Share This
ভূপেনদাৰ শেষ সময়ৰ স্মৃতি

দীপেন ৰাজকোঁৱৰ
২০০৮ চনত অসম চৰকাৰে ভূপেনদালৈ অসম ৰত্ন পুৰষ্কাৰ ঘোষণা কৰিলে | অসম এচ’চিয়েছন, মুম্বাইয়ে দাদাক ঘৰতে সম্বৰ্ধনা জনাব বিচাৰিলে | ইফালে অসমৰ সৰ্বসাধাৰণ মানুহৰ বাবে দাদাক লগ কৰাৰ কোনো অনুমতি পোৱা নাযায়, কোনোমতে অসম চৰকাৰৰ যোগেদি অনুমতি জোগাৰ কৰি আমি চাৰিজন আন্ধেৰিত থকা দাদাৰ ঘৰ পালোগৈ৷

আন্তৰিক উমাল কিছু সময়....
দাদাই অসমৰ কথা আৰম্ভ কৰিলে, মন কৰিছে যে দাদাই স্মৰণ শক্তি বহুখিনি হেৰুৱাইছে, কথাবোৰ পাহৰে, আমি মনত পেলাই দিওঁ | তেজপুৰৰ বাণ ৰঙ্গমঞ্চ- জ্যোতি বিষ্ণু, লক্ষ্মীনাথ বেজবৰুৱা,গুৱাহাটী ইনিভাৰ্চিটি......., আবেগিক হৈ পৰে, উজান বজাৰত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে খোজ কঢ়াৰ স্মৃতি ৰোমন্থন কৰে৷

খাদ্যৰসিক ভূপেনদাৰ সৈতে...
তাৰ মাজতে তেখেতৰ প্ৰিয় গৰম চিঙৰা খাই খাই আমাক সোধে তেখেতৰ বাবে মুম্বাইত আমি মাছৰ টেঙা ভাত এসাজ আৰু লগতে তামোল পান গোটাই দিব পাৰিম নেকি, তেখেতে বোলে বহুত দিন খাবলৈ পোৱা নাই | অসমলৈ যোৱাৰ প্ৰবল ইচ্ছাৰ কথা বাৰে বাৰে আমাক কৈছিল৷ মুম্বাইৰ কঙ্ক্ৰিটৰ জংঘলত বোলে তেখেতৰ উশাহ বন্ধ হৈ যায় |

আমি মাথো মাজে মাজে সান্তনা দি যোৱাৰ বাদে একো সদুত্তৰ দিব নোৱাৰিলো, মাথো অশ্ৰুসিক্ত নয়নেৰে এই মহান অসম প্ৰেমীগৰাকীৰ জীৱনৰ শেষ সময়চোৱাৰ কথাবোৰ সাক্ষী হৈ ৰ’লো ৷
------------------------------------------------------
লেখক মুম্বাই আচাম এচ’চিয়েছনৰ সাধাৰণ সম্পাদক
লেখাটো অসমীয়া ইউনিকোডত সজাই দিলে টাইৱানত গৱেষণাৰত অসমীয়া ডেকা মনোজ মনে ৷

No comments:

Post a Comment