লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য-ব্যংগৰে সত্যৰ সন্ধান)

১. জল বিদ্যুতৰ জেনেৰেল মেনেজাৰ অপহৰণ ঘটনাত সেইটো ব্যৱসায়ত জড়িত সকলৰ ওপৰত কোনো ব্যৱস্থা লব নোৱাৰি বুলি মত প্ৰকাশ কৰিছে পুলিচৰ কনিষ্টবল খগেন হালৈয়ে৷ তেওঁ কয়, ইমান প্ৰতিষ্ঠিত ব্যৱসায়ীক হাত দিয়াৰ পাৱাৰ তেওঁলোকৰ নাই৷ সেয়ে খবৰ দিবলৈ অহা ড্ৰাইভাৰজনকে ধুলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ একো নকৰাকৈ হাত সাবতি বহি থকা ভকত যে আৰক্ষী নহয়, সেয়া ড্ৰাইভাৰৰ ফালি পেলোৱা পিঠিখনেই সেইকথা প্ৰমাণ কৰিছে৷
হাত সাবতি বহি থাকিম নেকি?
২. অনলাইন আবেদনত অসম লোকৰসেৱা আয়োগত এক লক্ষমান প্ৰাৰ্থীয়ে আবেদন কৰাৰ সুখবৰটোৰ জোলোঙা এতিয়া খোল খোৱাত অসমীয়া প্ৰাৰ্থীৰ মুখ বেঁকা হোৱা অৱস্থা বুলি জানিব পৰা গৈছে৷ বিহাৰ, ইউ পিৰ দৰে কষ্টকৰ অধ্যয়ন কৰা সকলৰ সতে ফেৰ মৰাত অসুবিধা আছে বুলিয়ে এতিয়া থলুৱা, খিলঞ্জীয়া শব্দৰ ব্যৱহাৰ কৰি ৰাজনীতি কৰাৰ বাবে উঠিপৰি লগাৰ খবৰ৷ সেয়ে পুনৰ অনলাইন বন্ধ কৰি অসমৰ সকলো ব্লক অফিচত অসমীয়া লোকৰসেৱা আয়োগৰ নতুনকৈ ফৰ্ম ফিলাপ কৰাব লাগে বুলিও দাবী উঠিছে৷

৩. সাধাৰণ মানুহক বাচেৰে ভ্ৰমণ কৰিবলৈ আহ্বান জনালে তেল মন্ত্ৰীয়ে৷ দুচকীয়াৰ কমেও ৭০কিল’মিটাৰ মাইলেজৰ বাহনে সৰ্বাধিক তেল পোৰাক লৈ ৭কিল’মিটাৰ মাইলেজ নিদিয়া বাহনত উঠি ফুৰা বিলাসী বাহনৰ গৰাকী সকলৰ সতে তেখেতে আলোচনা কৰি, এক সৰ্ব সন্মত সিদ্ধান্তলৈ অহা বুলি খবৰ প্ৰকাশ৷ এতিয়াৰ পৰা দুচকীয়াক হাৰাশাস্তি কৰাটো চাৰিগুণ কৰি তুলিবলৈ আৰক্ষীলৈকো নিৰ্দেশ দি পেট্ৰ’লিয়াম ঘাটিলৈ তেখেতে অৰিহণা যোগাব বুলি প্ৰকাশ কৰিলে ভীষ্ম প্ৰতিজ্ঞা৷

৪. যত দোষ, নন্দ ঘোষ, অসমত এতিয়া যিয়েই নহওক হিমু বিশ্বতে ৰোষ৷ এই ফৰ্মুলাটোকেই ৰসাল গগৈক মনে প্ৰাণে সমৰ্থন কৰা সকলে ব্যৱহাৰ কৰাৰ বাবে একমাত্ৰ ফৰ্মূলা কৰি লৈছে বুলি গোপন সূত্ৰত প্ৰকাশ৷ মেট্ৰিকৰ ফলাফল, স্বাস্থ্য পৰীক্ষাৰ ফলাফলক লৈ কোনোৱে কঠিন সিদ্ধান্ত ল’লে তাৰ দোষো জালুকবৰীয়া নন্দ ঘোষৰেই বুলি সাৰ্বজনীন ফৰ্মূলা এটা পেটেণ্ট কৰাৰ বাবে কইনাধাৰাবাসীয়ে আবেদন কৰাৰ কথাও পোহৰলৈ আহিছে৷

৫. চীনা নিৰপত্তা লাভ কৰিছে অসমীয়া ফুটবলাৰে৷ প্ৰতিভাবান ফুটবলাৰ জনৰ প্ৰতিভাক লৈ অসমবাসী উদ্বিগ্ন নহবলৈ বুলি নতুন গাৰ্জেন চীনৰ ফুং ফাং দলে নতুনকৈ প্ৰেছ বিজ্ঞপ্তি জাৰি কৰাৰ খবৰ৷ কিন্তু চাইনা মালৰ কিমান গাৰাণ্টি আছে সেয়া অসমৰ গঞা ৰাইজেও ভূ-পোৱাৰ বাবে ফুটবলাৰ জনক লৈ শুভাকাংখী ৰাইজক প্ৰেছ বিজ্ঞপ্তিয়ে চিন্তাতহে পেলাইছে বুলি খবৰ ওলাইছে৷

৬. অসমৰ লোকেল চুলাই উদ্যোগ এক ভয়ঙ্কৰ সংকটৰ সন্মুখীন হৈছে৷ কম-বেছি চৰকাৰৰ দিনত কম পইচাতে চাউল পাই মানুহবোৰে লোকেল চুলাই নাখাই দেশতে বনোৱা বিদেশী ব্ৰেণ্ডলৈ হেপাঁহ কৰাৰ বাবে এই কুটীৰ উদ্যোগটো অস্তিত্বৰ সংকটত পৰিছে৷ গতিকে এই কুটীৰ উদ্যোগটোক এটা পেকেজেৰে সামৰি এক ৰপ্তানি নিৰ্ভৰ উদ্যোগলৈ ৰূপান্তৰিত কৰিবলৈ কুটীৰ উদ্যোগী দুখীয়া ৰাইজে আহ্বান জনাইছে৷ পাৰিলে দেশৰ ৰাজধানী চহৰতো চুলাই মেলা আয়োজনৰ বাবে কোনো মন্ত্ৰীৰ পত্নীৰ এনজিঅ’ক ঠিকা প্ৰদানৰ বাবেও দাবী জনাইছে৷

৭. ইচ্ছামতে সমষ্টি বাচিব নোৱাৰিব পদুম পাৰ্টিৰ মানুহে৷ নিজৰ নিজৰ প্ৰতিদ্বন্দীক খালত পেলাবলৈ এনে নীতি তৈয়াৰ কৰি উলিয়াইছে পদুম পুখুৰী তদাৰকী কমিটিয়ে৷ এনে নীতিয়েহে দলীয় মঞ্চত নিজৰ অস্তিত্ব তথা ক্ষমতা ৰক্ষাত সহায় কৰিব পাৰিব বুলিও মত প্ৰকাশ কৰিছে৷

৮. গড়কাপ্তানিত অঙহী বঙহীৰ নামত ঠিকা কৰি আদৰ্শ দেখুৱালে এজন কনিষ্ট অভিযন্তাই৷ ডাঙৰ ডাঙৰ ঠিকাদাৰক ঠিকা দি কোটি টকাৰ কেলেংকাৰী কৰাৰ সুযোগ দিয়াতকৈ অঙহী বঙহীৰ নামত নিজে কাম কৰাই উত্তম বুধি বুলি তেখেতে আত্ম-পক্ষ সমৰ্থনত বক্তব্য দাঙি ধৰে৷ সুযোগ পালে তাৰ সদ-ব্যৱহাৰ নকৰাজনেইতো আজিৰ তাৰিখত মূৰ্খ মানুহ আৰু তেওঁ সেই শাৰীত নপৰে বুলিও দৃঢ়মত প্ৰকাশ কৰে৷

৯. ফেচবুকত বিদেশী ললিপপ বাইদেউ সকলৰ আকৰ্ষণীয় প্ৰস্তাৱ গ্ৰহণ কৰক নকৰক, কিন্তু এইবাৰ ছোনিয়া নামৰ বিদেশী কণ্যাৰ নামত আৰ্মী জেনেৰেললৈ ফোন যোৱাৰ ঘটনাই দেশৰ বুঢ়া-মেথা সকলৰ লগতে লাল্লু-পাঞ্জু সকলকো চকিত কৰি তুলিছে৷ সেয়ে ৰাইজক ছোনিয়া বুলি ফোন কৰিলেই নিজৰ নিজৰ এটিএম কাৰ্ডৰ সবিশেষ দি নিদিবৰ বাবে সচেতন শৰ্মাই আহ্বান জনাইছে৷

১০. ডাইনীৰ অপযশ লৈ প্ৰাণৰ মমতাত কোকৰাঝাৰত এটা পৰিয়াল পলাই ফুৰাৰ বিপৰীতে "ডাইনী টিভি" অপযশেৰে এটা লাইভ নিউজ চেনেলেও অপযশ সহ্য কৰিব লগাৰ দুখজনক বাতৰি আমালৈ আহিছে৷ সকলো ওজা-বেজক তাৰ পৰা খেদাৰ পাছতো এই অপযশৰ পৰা চেনেলটো উদ্ধাৰ পোৱা নাই বুলি সংবাদ আহিছে৷

No comments:

Post a Comment