শোকোতাৰ খাৰ
ৰূপাঞ্জলী বড়া, শিৱসাগৰ
(তিতা মৰাৰ শুকান পাতক শোকোতা বোলা হয়। বগা আঁহযুক্ত মৰাপাতেই তিতামৰা। ৰ’দত শুকুৱাই গুৰি কৰি বটলত ভৰাই থোৱা হয়।)
|  | 
| উপকৰণৰ ফটোগ্ৰাফীঃ অঞ্জলি সোনোৱালৰ | 
উপকৰণঃ-
পিঠাগুৰি ডেৰ কাপ
শোকোতাৰ গুৰি ডাঙৰ চামুচেৰে
২ চামুচ খাৰপানী (কল খাৰ)
একাপ নহৰু ৬/৭ ফুটা
 মিঠাতেল-ডাঙৰ চামুচেৰে এচামুচ
কেৰাহী এখনত তেল গৰম কৰি নহৰুখিনি দি লৰাই দিয়ক৷
এতিয়া পিঠাগুৰি আৰু শোকোতাৰ গুৰিখিনি দি অলপ লৰাই দিয়ক৷
তাৰ পাছতে তাত খাৰ আৰু পানী দি অলপ ঘন হোৱালৈকে লৰাই স্বাদ অনুসৰি নিমখ দি দিব লাগে। আৰু পলকতে এইদৰে শোকোতাৰ খাৰৰ ব্যঞ্জন তৈয়াৰ হৈ উঠিব৷
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 



 
 
No comments:
Post a Comment