মিচা ক’লে কি ডাল হব (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব (হাস্য ব্যংগ)

মিচা ক’লে কি ডাল হব (হাস্য ব্যংগ)

Share This
অৰূপজ্যোতি সন্দিকৈঃ
অসম দেশৰ বিষম কথা-২
বানে আহে, আমি বাও নাওঁ
ৰিলিফৰ ধন,
অফিচাৰেহে  
কৰে দেখুন
খাওঁ খাওঁ খাওঁ খাওঁ

অসম দেশৰ বিষম কথা
কোনে শুনিব অসমৰ ৰাইজৰ কথা ।
আপদীয়া বানপানীয়ে 

সকলো উটুৱাই নিলে,
চৰকাৰে মথাউৰিতে 

থাকিবলৈ সুবিধাকন দিলে ।

ৰিলিফৰ নামত এপোৱা দালি আৰু এক কিলো চাউল পালো
এই চেগতে ভাৰতৰ নাগৰিক হোৱাৰ ভাল সুযোগটো পালো ।

আমাৰ বিলাই-বিপত্তি দেখি 

মন্ত্ৰী বিধায়ক নিজ নিজ সমষ্টিলৈ আহে
প্ৰতিশ্ৰুতিৰ তালিকাখন 
তাতেই দুগুণে বাঢ়ে ।

খৰালিত অসমত নহয় মথাউৰিৰ কাম

ঠিকাদাৰে ভাবে মথাউৰি ভাঙিলেহে দুই পইচা চুবলৈ পাম ।

চৰকাৰৰ দৃষ্টিত অসমৰ ৰাইজৰ জীৱ্নৰ মূল্য নাই

প্ৰতিবাদ কৰিলে পুলিচৰ লাঠীৰ কোবহে খাই ।

বানত ঘৰ-বাৰী হেৰুৱাই অঘৰী হ’লো

হাবিৰ কাষত ঘৰ সাজিবলৈ গৈ অপৰাধীৰ নাম হে পালো ।

জীয়াই থাকিবলৈ একো জীৱিকা নাই

আমাৰ জীৱনক লৈ চৰকাৰৰো কোনো গুৰুত্ব নাই ।

এইয়াই আমাৰ অসম চৰকাৰ

দুখীয়া ৰাইজৰ খবৰ ল’বলৈ কিহৰ দৰকাৰ ।

মিচা কলে কিডাল হ’ব

যোনে যিয়ে নকওক কিয় অসমত আকৌ কংগ্ৰেছৰ চৰকাৰেই হ’ব ।

No comments:

Post a Comment