প্ৰচ্ছদ নিৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰচ্ছদ নিৱন্ধ

প্ৰচ্ছদ নিৱন্ধ

Share This
অসমীয়া ভাষা-সাহিত্য অধ্যয়ন আৰু গুৱাহাটী বিশ্ববিদ্যালয়
ডঃ অঞ্জল বৰা
আমাৰ অসম কাকতৰ ৩ ছেপ্তেম্বৰ ২০১৩ তাৰিখৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত ডঃ অংকুৰণ দত্তৰ “অসমীয়া ভাষা-সাহিত্য অধ্যয়ন আৰু গুৱাহাটী বিশ্ববিদ্যালয়” শীৰ্ষক গুৰুত্বপূৰ্ণ লেখাটো পঢ়িলোঁ৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটোক সুকীয়া অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ বা প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ কিছুমান পৰামৰ্শ আগবঢ়োৱাৰ লগতে তাৰ সুন্দৰ বিশ্লেষণো আগবঢ়াইছে৷ 

আমি তেখেতৰ পৰামৰ্শসমূহৰ লগত সহমত পোষণ কৰি অন্যান্য দুটামান কথাও উল্লেখ কৰিব বিচাৰিছোঁ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে আৰু পিছলৈ সেই বিভাগতে আমাৰ গৱেষণা কাৰ্য সম্পন্ন কৰি আমি এটা কথা মন কৰিছোঁ যে বিভাগটোক ‘সুকীয়া অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ’ হিচাপে গঢ়ি তোলাৰ লগতে বিভাগটোৱে বৰ্তমান সময়ৰ লগত ফেৰ মাৰিব পৰাকৈ কিছুমান কাৰিকৰী দিশৰ প্ৰতিও গুৰুত্ব দিয়া উচিত৷ 



বৰ্তমান অসমীয়া ভাষা-সাহিত্যৰ সংৰক্ষণ আৰু প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত দেশ-বিদেশৰ বিভিন্ন ঠাইত নতুন ধৰণেৰে বিভিন্ন কাম হৈ আছে৷ ইয়াৰে কিছুমান স্বেচ্ছামূলক আৰু কিছুমান বৃত্তিমূলক৷ স্বেচ্ছামূলক কামবোৰৰ ভিতৰত অনলাইন বহুভাষীক অসমীয়া-ইংৰাজী অভিধান নিৰ্মাণ (উদাহৰণ স্বৰূপে www.xobdo.org), বানান-পৰীক্ষা সঁজুলি (spell checker) নিৰ্মাণ, বিভিন্ন ৱেবচাইট নিৰ্মাণ (উদাহৰণ স্বৰুপে www.sahityarathi.com), ইউনিক'ডৰ মাধ্যমেৰে পুৰণি অসমীয়া সাহিত্যৰ বিভিন্ন পাঠ সংগ্ৰহ (উদাহৰণ স্বৰূপে www.xahitya.org-ৰ সাহিত্যৰ সংগ্ৰহালয় শিতান) ইত্যাদি কামসমূহ বৰ্তমান দেশ-বিদেশৰ বিভিন্ন শিক্ষিত যুৱকসকলে অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীলভাৱে কৰি আহিছে৷ 

 ইয়াৰোপৰি অসমীয়া ৱিকিপিডিয়া (www.as.wikipedia.org), অসমীয়া ৱিকিউৎস (www.as.wikisource.org) আদি ৱেবচাইটসমূহৰ মাধ্যমেৰেও অসমীয়া ভাষা-সাহিত্যক সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে৷ বাস্তৱক্ষেত্ৰত অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ ইমান বছৰৰ পিছত অনলাইন অসমীয়া অভিধান বা ডিজিটেল আৰ্কাইভৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় একোখনে যেনেদৰে কাম হাতত ল'ব লাগিছিল আজিলৈকে লোৱা দেখা নগ'ল৷ অন্যান্য ভাৰতীয় ভাষাৰ তুলনাত এনে দিশসমূহৰ ক্ষেত্ৰতো অসমীয়া ভাষা বহু পিচ পৰি আছে বুলিব পাৰি৷

বৃত্তিমূলক কামসমূহৰ ভিতৰত বৰ্তমান মাইক্ৰ'চফ্ট, চেমচাং আদি বিভিন্ন কোম্পানীসমূহে নিজৰ বিভিন্ন প্ৰডাক্টসমূহক ভাৰতৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষালৈও অনুবাদৰ কাম হাতত লৈছে৷ অসমীয়া ভাষাক প্ৰচাৰ আৰু সংৰক্ষণ কৰাত এনে অনুবাদ কাৰ্যই বিশেষ ভূমিকা গ্ৰহণ কৰিছে৷ গতিকে এনে অনুবাদত ব্যৱহৃত ভাষাৰ দিশটো নিৰীক্ষণ কৰাও অতি গুৰুত্বপূৰ্ণ কথা৷ ইয়াৰ বাবে প্ৰয়োজন অসমীয়া ভাষাত প্ৰচাৰ কৰা প্ৰডাক্টসমূহৰ সঠিক ব্যৱহাৰ আৰু মানদণ্ডৰ পৰ্যালোচনা৷ 

সেয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে অসমীয়া ভাষা-সাহিত্যৰ লগত জড়িত এনে বিভিন্ন দিশসমূহৰ প্ৰতিও লক্ষ্য ৰখা উচিত৷ কাৰণ সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাবলৈ অসমীয়া ভাষা-সাহিত্যক পাঠ্যপুথিৰ পৰা আঁতৰাই আনি কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ বহুল ব্যৱহৃত পৃথিৱীখনত পৰিচয় কৰাই দিবই লাগিব৷ তেতিয়াহে সঠিক অৰ্থত গৱেষণা কেন্দ্ৰ বা প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠিব৷

ওপৰোক্ত বিষয়সমূহৰ বিষয়ে বহু সময়ত আমি নিজাকৈও বিভিন্ন লিখা-মেলা কৰি আহিছোঁ যদিও বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা যিমান সঁহাৰি লাভ কৰিব লাগিছিল এই পৰ্যন্ত লাভ কৰা নাই৷ বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলক এনে ধৰণৰ বিষয়সমূহৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিলে অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু সংৰক্ষণত প্ৰভূত বৰঙণি আগবঢ়াব পাৰে৷ 

বিশেষকৈ ইউনিক’ডৰ পদ্ধতিৰে বিভিন্ন পুৰণি অসমীয়া সাহিত্যৰ ‘ডিজিটেল আৰ্কাইভ’ কৰা, ৱিকিপিডিয়াৰ পৃষ্ঠাত অসমীয়া ভাষা-সাহিত্যৰ বিষয়ে লিখা আদি দিশসমূহৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰা উচিত৷ ইয়াৰ বাবে প্ৰধানকৈ আমাক প্ৰয়োজন কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সুবিধা আৰু ইয়াৰ ব্যৱহাৰ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে আজিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰ কৰিব পৰাকৈ পৰ্যাপ্ত কম্পিউটাৰ, ইণ্টাৰনেটৰ সুবিধা নাই৷ এনেদৰে কম্পিউটাৰ, ইণ্টাৰনেটৰ সুবিধাৰ অবিহনে গুৱাহাটী বিশ্ববিদ্যালয়ক বিশ্বমানৰ বিশ্ববিদ্যালয়ৰ সমপৰ্যায়ৰ কৰাৰ কথা কল্পনা কৰিব নোৱাৰি৷ 

ডঃ অংকুৰণ দত্তই অসমীয়া ভাষা-সাহিত্যক অধ্যয়ন কৰাৰ যি নতুন নতুন দিশসমূহৰ কথা আলোচনা কৰিছে তাৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলক বিশ্বৰ অন্যান্য ভাষাৰ উত্থান-পতন, ইতিহাস অধ্যয়ন আদি কৰাৰ সুবিধা প্ৰদান কৰিব পাৰিব লাগিব৷ ভাষা-বিজ্ঞানৰ বহল পৃথিৱীখনত খোজ দিব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক গঢ়ি তুলিবলৈও নতুন নতুন সঁজুলিৰ ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিব লাগিব৷ তেতিয়াহে আমি প্ৰকৃতাৰ্থত ভাষা অধ্যয়নকো বিজ্ঞানৰ শাৰীলৈ লৈ যাব পাৰিম৷ আনহাতে ডঃ দত্তই সঠিকভাৱেই উল্লেখ কৰিছে যে “তেজপুৰ বিশ্ববিদ্যলয়ৰ অসমীয়া অধ্যয়ন কেন্দ্ৰ কাৰ্যতঃ বিশেষভাৱে সফল হোৱা পৰিলক্ষিত হোৱা নাই৷” কাৰণ বাস্তৱ ক্ষেত্ৰত কেন্দ্ৰটোৱে বৰ্তমানলৈ যিমান কাম হাতত ল’ব লাগিছিল সেয়া হৈ উঠা নাই৷ 

ইয়াৰ বিপৰীতে অসমীয়া ৱিকিউত্স, সাহিত্য ডট্ অৰ্গৰ দৰে ৱেবচাইটসমূহেই সঠিক অৰ্থত স্বেচ্ছাসেৱক সদস্যৰ দ্বাৰা বিভিন্ন সংগ্ৰহৰ কাম হাতত লৈছে৷ এক কথাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগক ‘সুকীয়া অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ’ হিচাপে গঢ়ি তোলাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ লগত জড়িত ইণ্টাৰনেটৰ পৃথিৱীখনৰ লগতো ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰি দিব পাৰিব লাগিব৷ ইয়াৰ লগতে অধ্যাপকসকলেও অসমীয়া যুৱক-যুৱতীসকলে পৃথিৱীৰ বিভিন্ন ঠাইত থাকি স্বেচ্ছামূলকভাৱে অসমীয়া ভাষা-সাহিত্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কৰি অহা কামবিলাক নিৰীক্ষণ কৰি উত্সাহ, উদ্দিপনা যোগোৱা উচিত আৰু ছাত্ৰ-ছাত্ৰীসকলকো তেনে কামৰ লগত জড়িত হ’বলৈ উত্সাহিত কৰা উচিত৷ 

লেখক ইন্দোৰ, মধ্যপ্ৰদেশত ৱেব দুনীয়া.কমত ভাষা স্থানীয়কৰণ প্ৰকল্পত কৰ্মৰত তথা অসমীয়া ৱিকি, শব্দ.অৰ্গ আদিৰ সতে সক্ৰিয়ভাৱে জড়িত৷ মোবাইল০৯৮২৭৪৪৭০১৯ ৷লেখাতো আমাৰ অসম কাকততো প্ৰকাশ পাইছে৷

No comments:

Post a Comment