বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণ

বিশ্লেষণ

Share This
শাসক নিৰ্বাচনত বনিক গোষ্ঠীৰ ভূমিকা 
- মানস দত্ত
বিশ্বত শাসক আৰু শাসনৰ নীতিৰ ওপৰতে বনিক সকলৰ ব্যৱসায়িক ভৱিষ্যত নিৰ্ভৰ কৰে৷ সেইবাবেই দেশে দেশে যুগে যুগে বনিক গোষ্ঠীয়ে নিজৰ মনোমত নীতি গ্ৰহণৰ বাবে তথা ব্যৱসায়িক প্ৰভূত্ব বিস্তাৰৰ বাবে শাসকৰ নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বিচাৰে৷ তাকে বিভিন্ন পটভূমিত ইয়াত বিশ্লেষণ কৰিবলৈ বিচৰা হৈছে৷

১) আন্ত:ৰাষ্ট্ৰীয় পটভূমি:: 

যেতিয়া বাৰাকওবামা আৰু হিলাৰি ক্লিন্টনৰ মাজত আমেৰিকৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন হৈছিল, ভাৰতৰ কোম্পানীবিলাক বিশেষকৈ তথ্য-প্ৰযুক্তি ক্ষেত্ৰৰ কোম্পানী সমূহৰ মাজত ওবামাক লৈ চিন্তা-চৰ্চা আৰম্ভ হৈছিল কিয়নো ওবামাই   তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত বহিৰাগত কোম্পানীৰ সেৱা গ্ৰহণৰ (Outsourcing)ৰ বিৰোধিতা কৰিছিল৷ বাংগালোৰৰ পৰিবৰ্তে বাফেল্ললৈহে( আমেৰিকাৰ এখন ঠাই) কাম দিবলৈ স্থানীয় কোম্পানীবিলাকক অনুৰোধ কৰিছিল আৰু ৰাষ্ট্ৰপতি হ’লে বিল পাচ কৰিব বুলিও ঘোষণা কৰিছিল৷ এনে পৰিস্থিতিত পৰি শংকিত হৈ প্ৰ-ভাৰতীয় হিলাৰী ক্লিন্টনৰ বিজয়ৰ বাবে তথাকথিত ভাৰতীয় পুঁজিপতিৰ গোষ্ঠী সমূহ যাক সংবাদ মাধ্যমে ইণ্ডিয়া ইংক নাম দিয়ে, তেও সৱে যথেষ্ট টকা খৰচ কৰিছিল৷ আমেৰিকাত  নীতি নিৰ্ধাৰণৰ বাবে টকা খৰছ কৰি নিজৰ সপক্ষে আইন বনোৱাৰ বাবে লবীঙ বা মত সৃষ্টিৰ চেষ্টা চলোৱাটো আইনৰ নিয়মৰ ভিতৰতে পৰে৷

২) ৰাষ্ট্ৰীয় পটভূমি: 
দেশত চৰকাৰৰ পলিচি আৰু সেই দেশৰ অৰ্থনীতিৰ মাজত কি সম্পৰ্ক সেয়া হয়তো বুজাই নকলেও হ’ব৷ শেহতীয়াকৈ ভাৰতীয় অৰ্থনীতিয়ে সন্মুখীন হোৱা অভাৱনীয় পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰো বহু পৰিমাণে দায়ী৷ সেয়ে স্বয়ং প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই নিজে স্বীকাৰ কৰিছে৷ আৰু এন ভুল নীতিৰ ফলতে আমদানি-ৰপ্তানিকে ধৰি গোটেই ভাৰতৰ উদ্যোগজগততেই প্ৰভাৱ পৰিছে৷ 

বিজেপি চৰকাৰক সাধাৰণতে প্ৰ-বিজনেচ বা বেপাৰী সকলৰ হিতাকাংখী চৰকাৰ বুলি কোৱা হয়৷ ২০০৪ চনত বিজেপিৰ পৰাজয়ৰ কাৰণৰ ভিতৰত ইয়ো এক হয় বুলি কোনোৱে মত প্ৰকাশ কৰে৷ চৰকাৰী কোম্পানীত বিনিয়োগ আঁতৰাই বিক্ৰী কৰা, জনবিৰোধী অৰ্থনৈতিক নীতি আদিৰ বাবে বাবেই বিজেপিৰ পতন হ’ল বুলি বিশেষজ্ঞই কব খোজে৷

এতিয়া আহোঁ ব্যৱসায়ীৰ কাষলৈ৷ শেহতীয়াকৈ এক সমীক্ষা কৰা হৈছিল ইণ্ডিয়া ইংকৰ মুখ্যকাৰ্যবাহী সকলৰ মাজত৷ ৭৫% বিজনেচ-লিডাৰেই মোডীক ৰধানমন্ত্ৰী হোৱাটো বিচাৰে৷ মাত্ৰ ৭% কাৰ্যবাহী বিষয়াইহে ৰাহুল গান্ধীক সমৰ্থন কৰিলে৷ দেশৰ বৰ্তমানৰ ডুবিব ধৰা অৰ্থনীতিক লৈ এইসকল লিডাৰ ইমানেই শংকিত যে তেওঁলোকৰ কংগ্ৰেছ চৰকাৰৰ ওপৰত আস্থা নাই৷ মোডীক এগৰাকী "বিনিয়োগ বন্ধু" নেতা আখ্যা দি তেওঁলোকে কয় যে মোডী প্ৰধানমন্ত্ৰী হ’লেহে অৰ্থনীতি ভাললৈ আহিব৷

তলৰ লিংকটোত সবিশেষ চাব পাৰে 
৩) আঞ্চলিক পটভূমি: 
পশ্চিমবংগত সিঙ্গুৰ আৰু নন্দীগ্ৰামত টাটা গ্ৰুপৰ হোৱা দুৰৱস্থাৰ বাবে জানো পশ্চিমবংগৰ ৰাজনৈতিক অৱস্থা দায়ী নহয়৷ ইমান টকা বিনিয়োগ কৰাৰ পাছত কিয় টাটা গ্ৰুপে গুজৰাটলৈ প্লেন্টটো উঠাই লৈ গ’ল – কাৰণ এটাই পশ্চিম বংগৰ ৰাজনৈতিক অৱস্থাৰ বা স্থানীয় মানুহক উদ্যোগৰ বিৰুদ্ধে উচটোৱা প্ৰৱণতাত লুকাই থকা ৰাজনৈতিক অনিশ্চয়তাৰ বিপৰীতে গুজৰাটৰ আছিল বিনিয়োগকাৰীৰ প্ৰতি বন্ধুত্বসুলভ নীতি থকা এখন চৰকাৰ আৰু তাৰ সুস্থিৰ ব্যৱসায়ীক পৰিৱেশ৷ এই ঘটনাৰ পাছত দেখিছোঁ প্ৰায় সকলোৱেই পশ্চিমবংগত বিনিয়োগ কৰিবলৈ শংকা প্ৰকাশ কৰিছে৷ আনহাতে গুজৰাটে নতুন নতুন বিনিয়োগ আনিয়েই আছে৷

গতিকে আমি ভাবো যে ৰাজপাটত কোন বহিব তাক লৈ ব্যৱসায়ীয়ে মূৰ ঘমোৱাৰ প্ৰয়োজন তেখেতসকলৰ ব্যৱসায়ীক স্বাৰ্থতেই আছে৷ কিয়নো সেই ৰাজপাটত থকাসকলৰ পলিচিয়েই ব্যৱসায়ীৰ ভৱিষ্যতৰ অৱস্থাৰ ইংগিত বহন কৰে৷৷ 

এতিয়া আহো নিয়ন্ত্ৰণৰ প্ৰসংগটোলৈ --

আনহাতে বহুতো ক্ষেত্ৰত ব্যৱসায়ীয়ে ৰাজনীতিকৰ পলিচিসমূহো নিয়ন্ত্ৰণ কৰে৷ তাত অলপ দ্বিমত হ'ব পাৰে কোনো কথা নাই - আমি মাত্ৰ আপোনাক এটা উদাহৰণ দিও –

কংগ্ৰেছ চৰকাৰে কৃষকৰ কাৰণে ৬০০০০ কোটিৰ এক অনুদান আগবঢ়াইছিল –লোন মাফ কৰি দিবৰ কাৰণে ৷ কিন্তু সেই একেই কংগ্ৰেছে চৰকাৰে কৰ্পৰেটৰ প্ৰতি থকা কৰ ৰেহাইয়ে সেই পৰিমাণক পিছ পেলাই যোৱাৰ উদাহৰণ আছে৷ কাৰণ সেই বিশেষ নীতিৰ দ্বাৰা বিশেষ অৰ্থনৈতিক অঞ্চল(SEZ)  আদিত কৰ দিব নালাগে ইত্যাদিৰ ব্যৱস্থা৷ মন কৰিবলগীয়া যে সেয়া আছিল কৃষকক দিয়া ৰেহাইতকৈ বহুত বেচি, প্ৰায় ১০০,০০০ কোটিটকৈও অধিক আছিল বোধহয়!

এতিয়া স্বাভাবিকতেই প্ৰশ্ন উঠিব যদিহে কোটি কোটি সাধাৰণ লোকে চৰকাৰ প্ৰতিষ্ঠা কৰে, তেন্তে এই আঙুলিৰ মূৰত গণিব পৰা ব্যৱসায়ীসকললৈ চৰকাৰৰ ইমান দৰদ কিমান??

কাৰণটো আপোনালোকেই বিশ্লেষণ কৰক৷ পিছে শাসকৰ নিৰ্বাচনত বনিকৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ হৈ উঠাটোহে সাধাৰণ মানুহৰ পক্ষে দিনে দিনে এক অসহনীয় কথা হৈ যে উঠিছে৷ যাৰ ফলত বনিক গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাই সৰ্ব প্ৰথম আৰু সাধাৰণ দেশবাসীৰ স্বাৰ্থ ৰক্ষাটোৰ প্ৰাধান্যতা যেন নোহোৱা হৈ আহিছে৷
-----------------------------------------------------------
লেখক আই আই এম কালিকটত অধ্যয়নৰত এগৰাকী শিৱসাগৰীয়া ডেকা

No comments:

Post a Comment