পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. উন্মোচিত হ’ল যুৱ তথ্যচিত্ৰ নিৰ্মাতা সত্যৰঞ্জন বৰাৰ পৰিচালিনাৰে নিৰ্মিত "মায়ং দ্য ৱাণ্ডাৰলেণ্ড" নামৰ তথ্যচিত্ৰঃ ৫০মিনিটৰ এই তথ্যচিত্ৰখন ৰজা মায়ং চুবুৰীত উন্মোচন কৰিলে মায়ং কলেজৰ অধ্যক্ষই৷
ডাৱলচত ইউ এচ অপেন জয়েৰে
১৪তম গ্ৰেণ্ড শ্লেম লিয়েণ্ডাৰৰ হাতত

২. অতিকৈ পিচপৰা গোৱালপাৰাৰ পশ্চিমাঞ্চলৰ যুৱক-যুৱতী সকললৈ টেটৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজনঃ যুৱ সমাজকৰ্মী আখতাৰ হুছেইনে গ্ৰহণ কৰা এই উদ্যোগ উদ্বোধন কৰি শলাগ ল’লে ৱেষ্ট গোৱালপাৰা কলেজৰ অধ্যক্ষই৷

৩. জনজাগৰণৰ ফলতে পুনৰ অলিম্পিকত অন্তৰ্ভুক্ত হ’ল মল্লযুদ্ধঃ ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনে ব্যক্ত কৰিলে সন্তোষৰ লগতে ভাৰতলৈ অধিক পদক কঢ়িয়াই অনাৰ আশা৷

৪. চল্লিশতো অপ্ৰতিৰোধ্য লিয়েণ্ডাৰ পেজ’, ইউ এছ অ’পেন জয়েৰে হ’ল  ১৪টা গ্ৰেণ্ডশ্লেমৰ গৰাকীঃ পেজ-ষ্টেপানেকৰ শিৰত জিলিকিল পুৰুষ ডাৱলছৰ খিতাপ৷ মহিলাৰ চিংগলছত চেম্পিয়ন হ’ল ছেৰেনা উইলিয়ামচ৷

৫. কৃষি-জলসিঞ্চন আঁচনিৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়েঃ টেক্টৰ-পাৱাৰ টিলাৰৰ ৰাজ-সাহাৰ্য ৫০শতাংশৰ পৰা ৭৫শতাংশলৈ বৃদ্ধি কৰাৰ বাবে তুলি ধৰিলে প্ৰস্তাৱ৷ 

৬. নদীবান্ধ বিষয়ত উচ্চতম ন্যায়ালয়ে দিলে নিৰ্দেশঃ সেউজ ন্যায়াধিকৰণ অথবা উচ্চ ন্যায়ালয়ত তথ্য সহ ন্যায়িক আবেদন জনাবলৈ দিলে পৰামৰ্শ৷

৭. পূৰ্বাঞ্চল টাই সাহিত্য সভাই দাবী কৰিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণেৰে অসমক জনজাতীয় ৰাজ্য ঘোষণাৰঃ বাস্তৱসন্মত সমাধান গ্ৰহণ কৰি শান্তি-সম্প্ৰীতি-ঐক্যৰ বাণীৰে সকলোকে মিলিজুলি বসবাস কৰিবলৈকো জনালে আহ্বান৷

৮. আৰক্ষীৰ গুলীত নিহত হেমলাই বাগিচাৰ সপ্তম শ্ৰেণীৰ শিশু সুজিত নায়কৰ স্মৃতিত আটছাই মৰিয়নিত উদ্বোধন কৰিলে স্মৃতিসৌধঃ ৰাজহুৱা আদ্যশ্ৰাদ্ধত সৰ্বধৰ্ম প্ৰাৰ্থনাৰো কৰিছে আয়োজন৷

৯. নাজিৰা নাট্য মন্দিৰত যাদু সম্ৰাট এম হুছেইনৰ স্মৃতিচাৰণ সভাত ভাগ ল’লে মৌচাক মামায়োঃ এখন স্মাৰক পত্ৰ প্ৰকাশৰ বাবে মুখ্যমন্ত্ৰীয়ে জনসংযোগক নিৰ্দেশ দিয়াৰ সুখবৰো প্ৰকাশ পালে এই সভাতেই৷

১০. যোৰহাট তাৰকাগৃহ প্ৰেক্ষাগৃহত আজিৰে পৰা আৰম্ভ কৰা হৈছে "এপ্ৰিন্স"ৰ উদ্যোগত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে এক প্ৰশিক্ষণ শিবিৰৰঃ উদ্বোধনী অনুষ্ঠানত অংশ লব যোৰহাটৰ এচ পি ডঃ সংযুক্তা পৰাশৰ, উপায়ুক্ত তথা শিৱসাগৰৰ উপায়ুক্তই৷ দিল্লীৰ হংসৰাজ কলেজৰ প্ৰৱক্তা জ্যোতিষ্মান বৰা তথা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষক তমন্না ই ৰছুলে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰাৰ সুখবৰ৷

১১. বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অস্ত্ৰ-শস্ত্ৰসহ দুজনকৈ গঁড় হত্যাকাৰী চোৰাংচিকাৰীকঃ নুমলীগড়ৰ খতিয়াখলী গাঁৱত বাঢ়নী পানীৰ পৰা বাচিবলৈ আশ্ৰয় লোৱা পহু হত্যা কৰি ভোজন কৰা অভিযোগত ৯জনক গ্ৰেপ্তাৰ কৰি পঠালে ৰঙাঘৰলৈ৷

১২. টিহুত পালিত হ’ল ৰাষ্ট্ৰীয় পৰিপুষ্টি সপ্তাহঃ খাদ্য আৰু পৰিপুষ্টি বিভাগ আৰু "সহায়তা চ’ছাইটি"ৰ উদ্যোগত অনুষ্ঠিত হয় এই সজাগতা সৃষ্টিকাৰী কাৰ্যসূচীৰ৷

১৩. শিৱসাগৰত ১৯তম সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতাৰ হয় সফল সামৰণিঃ পুৰুষ তডিব্ৰুগড়ৰ  চৈদুল আলম আহমেদ, মহিলাত গুৱাহাটীৰ কাকলি লহকৰ চেম্পিয়ন৷ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে শিৱসাগৰৰ শিৱাশীষ বড়াই৷

১৪. নগাঁৱত সফলতাৰে সামৰণি পৰিল আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতাৰঃ নেহেৰুবালিত এই প্ৰতিযোগিতাত ৰাজ্যৰ ডেৰশৰো অদিক প্ৰতিযোগীয়ে ভাগ লয়৷

১৫. কলাইগাঁৱত ছলি আছে বড়োলেণ্ড ছহিদ ফুটবল প্ৰতিযোগিতাঃ কলাইগাঁৱ ক্ৰীড়া সন্থাক হৰুৱাই টংলা দলে প্ৰৱেশ কৰিলে ছেমিফাইনেলত৷

১৬. দেশজুৰি উলহ-মালহেৰে পালিত হৈ হ’ল গনেশ চতুৰ্থীঃ মুম্বাইত বলিউদী শিল্পী সকলেও গনেশ উৎসৱত উৎসাহেৰে ভাগ লৈ ভক্তপ্ৰাণ ৰাইজক উৎসাহ দিয়াৰ সুখবৰ৷

১৭. অহা ২১-২২ ছেপ্তেম্বৰত বৰপেটা জিলা দবা সংস্থাই আয়োজন কৰিছে ১৯তম আন্তঃজিলা প্ৰাইজমানী দবা প্ৰতিযোগিতাৰঃ অনুষ্ঠিত হব স্থানীয় সাহিত্য সভা ভৱনত৷ 

১৮. গ্ল’বেল এগ্ৰিকালচাৰ চামিটত অংশ লৈ নৰেন্দ্ৰ মোদীয়ে কৰিলে মন্তব্যঃ সহজলভ্য ঋণৰ অভাৱতে কৃষকে বাছি লৈছে আত্মহত্যাৰ পথ৷

১৯. জুৱাৰ আড্ডা ভাঙিবলৈ বোকাজানত আৰক্ষীয়ে গ্ৰহণ কৰিলে উদ্যোগঃ ৰূপালীম ক্লাৱত অভিযান চলোৱাক লৈ প্ৰশংসা কৰিলে সচেতন ৰাইজে৷

২০. মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে দৃঢ়মতঃ উত্তৰ-পূনত ক্ষুদ্ৰ জলবিদ্যুত প্ৰকল্পৰহে প্ৰয়োজন অধিক৷


চিন্তনীয় খবৰঃ
১. পৃথক বড়োলেণ্ডৰ দাবীত মন্তব্য - প্ৰতি মন্তব্যৰে বিপিএফত সংঘাত তীব্ৰতৰঃ অনুশাসন মানি চলাৰ জনালে আহ্বান৷

২. দুটাকৈ মৃদু ভূমিকম্পই কঁপাই গ’ল অসম৷

৩. ৰূপজ্যোতিক সকীয়নি আদালতৰঃ আইন হাতত তুলি লব নোৱাৰিব জনপ্ৰতিনিধিয়ে৷

৪. মাৰ্ঘেৰিটাৰ নামদাং চাহবিগাচত কণ্যাৰ সমুখত কণ্যাক ধৰ্ষণ কৰি হত্যাৰ ঘটনাঃ জংগী আন্দোলনৰ হুংকাৰ আছাৰ৷

৫. উত্তৰ প্ৰদেশৰ সাম্প্ৰদায়িক সংঘৰ্ষক লৈ ৰাজনৈতিক দলাদলিঃ মৃতকৰ সংখ্যা ৩১জনলৈ বৃদ্ধি৷

৬. তিনি টকীয়া চাউলৰ লগত ৯০টকীয়া দালি, ৬০টকীয়া পিয়াঁজ কেনেকৈ খাব বুলি প্ৰশ্ন কৰিলে সৰ্বানন্দ সোনোৱালে৷

৭. যোৰহাটত আদালতেত আৰক্ষীক অধিবক্তাই প্ৰহাৰ কৰাৰ বাতৰি৷

৮. জামুগুৰিহাটত চাইবাৰ ক্ৰাইমৰ বলি জ্যোতিষীঃ এইবাৰ চীমকাৰ্ড হেক হোৱাৰ ঘটনা৷

৯. ভোটাৰ তালিকাত অসোণোৱাল গাঁওঃ উত্তপ্ত হৈ পৰিছে কাকপথাৰ৷

১০. ভোটাৰ তালিকাত সোমাল মৰাণ গাঁওঃ আন্দোলনৰ হুংকাৰ দিলে মৰাণ ছাত্ৰ সংগঠনেও৷

No comments:

Post a Comment