দেৱজিত শইকীয়াৰ দূৰবীণত...
:::::::::বিশ্বকৰ্মা পূজাৰ কিছু অনুভৱ::::::::
১. অন্য দেৱ-দেৱীৰ নিৰ্দিষ্ট তিথি আছে গতিকে তিথি মিলাই অগা পিছাকৈ পূজা লবলৈ মৰ্ত্যলৈ নামে ।কিন্তু বিশ্বকৰ্মা বাবা মডাৰ্ণ চিন্তা ধাৰাৰ । ইঞ্জিনীয়াৰ প্ৰফেচনত থকা বাবেই নেকি সদায় তেঁও ফিক্স ডেটত নিজৰ পূজা ভাগ ল’বলৈ আহে ।
২. বিশ্বকৰ্মাৰ পূজাৰ দিনা বিশ্বকৰ্মা বাবাকো আপুনি ক’ৰবাত বিছাৰি উলিয়াব পাৰিব, কিন্তু বাবাৰ পুজা কৰা দেউসকলক ঔষধত দিবলৈকো নাপাব। এজন দেউ, হাজাৰখন পূজাৰ থলী , কিমান চৰ্ট কাট মেনেজ কৰিব ল’গা হয়, আপুনি কি বুজিব?
৩. বাবাৰ পূজাত মন্ত্ৰৰ উপৰিও কান তাল মৰা হিন্দী জনপ্ৰিয় গানৰ দ্বাৰা অৰ্চনা-বন্দনা কৰা হয় । বাবায়ো মিউজিকত নাচো নাচো কৰে!
৪. বিশ্বকৰ্মা বাবাই বাপি লাহিৰিৰ গীত “আই এম এ ডিস্কো ডেন্সাৰ” বা “জিলে লে জিলে লে” শুনি বৰ ভাল পাই ।উষা উথুপৰ গীতো প্ৰিয়, পিছে এই বাৰ “ছিলা কি জৱানি” আৰু “মুন্নি বদনাম হুই” গীতৰ ফৰমাইচ দিয়া বুলি ভক্ত সকলে জানিব দিছে।
৫. মূৰ্ত্তি বিসৰ্জনৰ দিনা তেওঁৰ ভক্ত সকলৰ দ্বাৰা উক্ত গীতৰ তালে তালে পৰিবেশন কৰা “অদ্ভূত নৃত্যত” সন্তোষ্ট হৈ পিছৰ বছৰ একেটা দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
৬. বহু ভক্তই বাবাৰ পূৰণি মূৰ্ত্তি সমূহ নদীত বিসৰ্জন নিদি ৰাষ্টাৰ ডিভাইদাৰত থৈ আহি সন্তুষ্টি লাভ কৰে আৰু জহি খহি নোজোৱা পৰ্য্যন্ত বাবাই ট্ৰেফিক দৰেই ডিউটি পালন কৰে ।
৭. ৰাষ্টাৰ কাষত ট্ৰেফিক পুলিছৰ দৰে এটা হাত দাঙি ৰৈ থকা বস্ত্ৰহীন বাবাৰ অবস্হা দেখি নেক্সট আহিব লগীয়া দূৰ্গা দেবীয়ে আৰু তেওঁৰ এচিটেণ্ট সকলে আগতেই ৰিটাৰ্ন ৰিজাৰ্ভেচন টিকট বুকিং কৰি ৰাখে ।
৮. বাবাৰ ভক্ত সকলে দিনত খিচিৰি আৰু ৰাতিলৈ ফুৰ্তি পানীকণৰ ব্যৱস্হা সুন্দৰকৈ আয়োজন কৰা দেখা যায় ।আৰু ইমানেই অধিক ফুৰ্তি হৈ যায় যে ৰাতি লৈ বাবাৰ “জেন্দাৰ” চেন্জ হৈ “বিশ্বকৰ্মা মা কি জয়” হৈ যায় ।
৯. কিছু দিনৰ আগলৈকে বাবাৰ হাতীটোৰ বৰ ডিমান্দ আচিল, বাবাক হাতীৰ পৰা নমাই হাতীটোক কিছু সংখ্যকে নিজৰ কাৰ্য্যালয়ত বা ঘৰত সজাই ৰাখিছিল ।
১০. এতিয়া সেই হাতীৰো দিন নাই, তেলৰ চৰা দামতো গাড়ীৰো মূল্য নাই৷
তথাপিও ফেচবুকতে বহুতে পালন কৰিলে এইবাৰ বাবাৰ পূজা, বোলো জয় বিশ্ব শৰ্মা! অ নহয় বিশ্বকৰ্মা৷
No comments:
Post a Comment