লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
মিচা ক’লে কি ডাল হব?
১. মেডামৰ সমুখত মোৰ একো দম নাই, মিচা ক’লে কি ডাল হব৷ সেয়া কইনাধৰাৰ নিমাতীকইনাই হওক বা জনপথৰ বিদেশী কন্যা৷ আচল চন্দুকৰ চাবিপাত কন্যা সকলৰ হাততহে আছে৷ মিচা ক’লে কি ডাল হব, মেডামে বিচাৰিলে মই ৰাজকোষৰ ডুপ্লিকেট চাবিটো পাঁচ মিনিটতে চমজাই দিব লাগিব৷ কালি ৰাষ্ট্ৰীয় কন্যা দিৱস উপলক্ষে ৰসাল গগৈয়ে দেশী-বিদেশী কন্যাক সন্মান কৰাৰ বিষয়ে এনেদৰেই দুৱাষাৰ মান কোৱাৰ খবৰ আহিছে৷

২. অসমত ৰাজহুৱা উদ্যোগৰ বিষয়ে চাবলৈ শ্মশান যাত্ৰা.কম ত লগ ইন কৰিবলৈ উদ্যোগী বৰদলৈয়ে আহ্বান জনাইছে৷ স্কেপ মেটেৰিয়েল মানে ভঙা চিঙা বস্তু কিনিব বিচৰা সকলে অসমৰ ৰাজহুৱা উদ্যোগত কিনিব পৰা বস্তুৰ বিষয়ে জানিবলৈ এই ৱেবচাইটৰ লাম-লাকটু পেজত ক্লিক কৰি টেণ্ডাৰ দিব পাৰিব বুলিও বিজ্ঞপ্তিত প্ৰকাশ৷
বৰ জমাই কিন্তু দেই!

৩. কথা নুশুনা ল’ৰাৰ বাবেই মাক-বাপেকৰ অশান্তি৷ মিচা ক’লে কি ডাল হব৷ ভৰ যৌৱনতে টকা-সিকা-পাই শকত হোৱা পেটুৱা, তপা ল’ৰা বিলাকে অকাল কুষ্মাণ্ড হৈ চিৰসেউজ প্ৰবীণ নেতা সকলক আতঁৰাবলৈ চক্ৰান্ত কৰাকে বিসম্বাদ বুলি কয় বুলি ৰসাল গগৈয়ে এক আলোচনা চক্ৰত ব্যক্ত কৰিছে৷

৪. জালুকবাৰীৰ পৰা মালিগাঁৱলৈ সকলো গেৰেজত বিশ্বকৰ্মা পূজাৰ দিনা বিশ্ব শৰ্মা বাবাকী জয় ধ্বনি দিয়াৰ বাতৰি আহিছে৷ স্থানীয় বাবাজনে অতি কমসময়তে সম্পত্তিৰ পাহাৰ গঢ়ি লোৱাৰ প্ৰতি সন্মান প্ৰদৰ্শণ কৰিয়ে এই ধ্বনি দিয়া বুলি জানিব পৰা গৈছে৷
কি কৱ নহয় মনাই....

৫. "ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ"ৰ পাছত এইবাৰ প্ৰদেশ কম-বেছে দিছে নতুন ধ্বনি, "ৰাইজৰ যোগাযোগ, ফেচবুক টুইটাৰ"৷ নিজৰ দলীয় খাম-খেয়ালিৰ পৰা ৰাইজৰ পদূলিত পদধূলা দিবলৈ যাবলৈ আহৰি নাইকীয়া সকলো মন্ত্ৰী নেতাৰ বাবে আৰম্ভ কৰিছে এই নতুন সেৱা৷ পিছে নদাই ভদাইয়ে ফেচবুক, লগ ইন আদি শব্দ শিকাৰ বাবে স্কুল বিচাৰি হাবাথুৰি খোৱাৰ খবৰে যোগাইছে নতুন চিন্তাৰ খোৰাক৷

৬. দেশৰ এটা বৃহৎ সমস্যাৰ সমাধান হোৱাৰ বাবে দেশ বাসীয়ে কৃতজ্ঞতা জনালে পদুম পাৰ্টিলৈ৷ মোদী প্ৰধান মন্ত্ৰীৰ প্ৰাৰ্থী হিচাবে হবনে নহয়, আদৱানি ছাৰে হকা-বাধা কৰিব নেকি, তাকে লৈ দেশৰ ৰাষ্ট্ৰীয় চেনেল বোৰে লগাই আছিল তালফাল৷ এতিয়া অন্ততঃ সেইটো ঠিক হোৱাত পিয়াজৰ দাম বঢ়া আদি কথাই এয়াৰ টাইম পাবলৈ সক্ষম হব বুলিয়ে জনতাৰ মুখত বিৰিঙিছে হাঁহি৷

৭. ৰাজ্যত এতিয়াও এজন আৰক্ষীৰ বিপৰীতে আছে ৫০০ লোক৷ আৰক্ষী নিযুক্তিৰ জৰিয়তে তাতোকৈ মানুহ কম কৰিলে চলিবলৈ টান হব বুলি মতামত ব্যক্ত কৰিলে কনিষ্টবল খুজিন্দ্ৰ গগৈয়ে৷ দৰমহাৰ যিহে কম, খুজি লবলৈকো গায়েপতি মানুহ কমালে আন্দোলনৰ পথ লোৱাৰ বাহিৰে হেনো কোনো উপায় নাথাকিব পুলিচৰ হাতত!

৮. কিৰিপ কাইয়ে দৰ্শন দিলে মহিলা আয়োগক৷ মহিলাক লৈ মন্তব্য কৰি সংবাদ শিৰোনামা দখল কৰাৰ বুৰঞ্জি থকা ককাইদেৱে এইবাৰ মহিলা আয়োগৰ মহিলাৰ বিষয়ে দুই এষাৰ কথা কয়েই নেকি বুলি তেওঁৰ সাক্ষাৎকাৰ বিচাৰি সাংবাদিকে ভিৰ কৰাৰ চিন্তনীয় খবৰ৷

৯. প্ৰদেশ কম-বেছৰ পৰ্যবেক্ষক পাণ্ডে চাৰে পুনৰ কৰিলে কৌতুক, ক’লে- "কোনেও গগৈ চাৰৰ অপসাৰণ বিচৰা নাই"৷ জালুকবাৰী লাইভ টিভিৰ ফালৰ পৰা আজিৰ দিনটোৰ শ্ৰেষ্ঠ কৌতুকৰ পুৰষ্কাৰ পাণ্ডে চাহাবলৈ আগবঢ়োৱাৰ সুখবৰ৷

১০. এইবাৰ ভ্ৰাম্যমানৰ মঞ্চত চাওক "গ্ৰেপ্তাৰ হবনে ৰূপজ্যোতি" নামৰ হাস্য মধুৰ ৰহস্য নাটক৷ নাট্যকাৰ কিৰিপ কাইয়ে সংলাপ লিখি থকা শেষ হোৱাৰ পাছতে নাটকখন ততাতৈয়াকৈ মঞ্চস্থ কৰিব বুলি প্ৰকাশ কৰিলে থিয়েটাৰ কৰ্তৃপক্ষই৷ ৰাজনৈতিক সামাজিক নাটক খনত আৰক্ষী বিষয়াৰ অভিনয় কৰিবলৈ প্ৰকৃততেই শক্তিশালী নায়িকাৰ সন্ধান কৰি থকা বুলি সূত্ৰত প্ৰকাশ৷ চাচপেঞ্চৰ বাবে এইখন ড্ৰামা নৱেল বঁটালৈ মনোনীত হবই বুলি কিৰিপ কায়ে  মন্তব্যও কৰিছে৷

No comments:

Post a Comment