বিশ্ব পৰ্যটন দিৱসঃ ২৭ ছেপ্তেম্বৰৰ প্ৰাক-মূহূৰ্তত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্ব পৰ্যটন দিৱসঃ ২৭ ছেপ্তেম্বৰৰ প্ৰাক-মূহূৰ্তত

বিশ্ব পৰ্যটন দিৱসঃ ২৭ ছেপ্তেম্বৰৰ প্ৰাক-মূহূৰ্তত

Share This
অলপ আত্মবিশ্লেষণঃ
পৰ্যটনৰ ক্ষেত্ৰখনলৈ কিয় আকৰ্ষিত হলোঁ 

- হেমাঞ্জলী চুতীয়া

পৰ্যটন ক্ষেত্ৰখনে মানুহৰ ভ্ৰমণৰ লগত জড়িত সকলোবোৰ দিশ সামৰি লয়৷  আমি সৰুৰেপৰাই ফুৰি চাকি ভাল পাইছিলো৷ এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হোৱাৰ ইয়েই প্ৰধান কাৰণ আছিল৷ লগতে পৃথিৱীৰ বিভিন্ন কোণত থকা ঠাইসমূহ, তাৰ বাসিন্দাসকলৰ বিষয়ে আৰু তেওঁলোকৰ কলা-সংস্কৃতিৰ বিষয়ে জানিবলৈ সৰুৰেপৰাই ইচ্ছুক আছিলো৷ তৃতীয় কাৰণটো আছিল চাগৈ বুৰঞ্জী আৰু স্থাপত্য কলাৰ প্ৰতি থকা অতীৱ আগ্ৰহ৷

বিভিন্ন ৰজা, মহাৰজাৰ জীৱন-কাহিনী, তেওঁলোকৰ কৰ্মপঞ্জীবোৰে আমাক যিমান আকৰ্ষণ কৰিছিল, সিমানেই আকৰ্ষণ কৰিছিল তেওঁলোকে বিভিন্ন ঠাইত নিৰ্মাণ কৰা অট্টালিকা, মন্দিৰ, দেৱাল ইত্যাদিৰ সুন্দৰ কাৰুকাৰ্যবোৰে৷পৰ্যটনক কেৰিয়াৰ হিচাবে বাচি লোৱাৰ সময়লৈকে বাস্তৱত বহু কম এনে বুৰঞ্জীপ্ৰসিদ্ধ ঠাইহে ভ্ৰমণ কৰাৰ আৰু কীৰ্তিচিহ্ন চোৱাৰ সৌভাগ্য হৈছিল৷ কিন্তু ভৱিষ্যতে যিমান পাৰি সিমান এই বুৰঞ্জীপ্ৰসিদ্ধ ঠাইসমূহ ভ্ৰমণ কৰাৰ আৰু কীৰ্তিচিহ্নবোৰ চোৱাৰ আশা মনত সদায় পুহি ৰাখিছিলো৷

পৰ্যটনৰ ক্ষেত্ৰখনৰ সৈতে অলপ পৰিমানে পৰিচিত হোৱাৰ পিছত জানিছিলো যে এই সকলোবোৰ আগ্ৰহৰ বিষয়বস্তু এই ক্ষেত্ৰখনৰ এক অভিন্ন অঙ্গ আৰু বহু সংখ্যক পৰ্যটকে কেৱল এনে ঠাই সমূহ চোৱাৰ বাবেই বা তাৰ সতে জড়িত পৰিবেশ, ইতিহাস আদি জানিবৰ বাবেই বিভিন্ন ঠাই ভ্ৰমণ কৰে৷

অৱশ্যে আৰু এটা কাৰণো আছিল যিয়ে পৰ্যটনকে কেৰিয়াৰ হিছাপে উদগনি দিছিল৷ সৰুৰেপৰাই এনে বহু মানুহক লগ পাইছিলো,  যি বিভিন্ন কাৰণত নিজৰ চাকৰি বা কামৰ লগত সুখী নাছিল৷ তাৰেই কোনোবাজনে নিজৰ শিক্ষাগত অৰ্হতাৰ জোখাৰে চাকৰি/কাম পোৱা নাছিল, কাৰোবাৰ আক’ কৰিবলৈ পোৱা কামবোৰ মনেমিলা নহয়৷ এই কথাবোৰে মনত কেতিয়াবা কেতিয়াবা যথেষ্ট শংকাৰ সৃষ্টি কৰিছিল কাৰণ যিটো কাম কৰি আমি জীৱিকা অৰ্জন কৰো, যিটো কামত আমি দিনটোৰ গড়ে ৮-৯ ঘন্টা(বা তাতোতকৈয়ো বেছি সময়) খৰচ কৰো, সেই কামটো আমাৰ মন পচন্দৰ নহ’লেছোন জীৱনটোৱেই আশান্তিদায়ক হৈ পৰিব!

সেয়েহে নিজৰ আগ্ৰহৰ বিষয়বস্তুৰ লগত জড়িত কিবা এটা বিষয়কে কেৰিয়াৰ হিছাপে ল’ম বুলি ঠিক কৰিছিলো৷ সেই সময়ত পৰ্যটনৰ লগত জড়িত বিভিন্ন পাঠ্যক্ৰমসমূহ আৰু এই ক্ষেত্ৰত লাভ কৰিব পৰা নিয়োগৰ সুবিধাসমূহৰ সবিশেষ তথ্য আমাৰ হাতত নাছিল আৰু তথ্য আহৰণৰ বাবে সম্পূৰ্ণৰূপে বাতৰি কাকতত প্ৰকাশিত প্ৰবন্ধ সমূহৰ ওপৰতেই নিৰ্ভৰ কৰিব লগীয়া হৈছিল৷

অতি সীমিত তথ্য হাতত থকা সত্ত্বেও আগ্ৰহৰ বিষয়বোৰত অধিক পঢ়া-শুনা আৰু জ্ঞান লাভ কৰাৰ সুবিধা পাম বুলি ভৱাৰ কাৰণেই এদিন মা-দেউতাৰ অনুমতিত পৰ্যটনকে কেৰিয়াৰ হিছাপে ল’ম বুলি ভাৱি পেলালো| পিছৰ সময়ছোৱাত এই বিষয়ত শিক্ষা গ্ৰহণ কৰি থকা সময়তহে জানিব পাৰিলো যে পৰ্যটন ক্ষেত্ৰখন এখন অতি বিশাল ক্ষেত্ৰ, বিভিন্ন উদ্যোগক ই ইয়াৰ মাজত সামৰি লৈছে৷
ঠিক তেনেধৰনে বিভিন্ন পাঠ্যক্ৰম গ্ৰহণ কৰি বিভিন্ন ধৰণে এই ক্ষেত্ৰত যোগ দিব পাৰি৷ পিছলৈ আৰু বহু কথা জানিবলৈ বাকী আছিল আৰু ভৱিষ্যতে কেনে কাম কৰিম, কোন উদ্যোগত যোগ দিম(হোটেল উদ্যোগ, ট্ৰেভেল এজেঞ্চি ইত্যাদি), এই দিশবোৰ নিৰ্ণয়ৰ সময়ত এক প্ৰকাৰৰ প্ৰত্যাহ্বানৰেই সন্মুখীন হৈছিলো৷ কিন্তু এই ক্ষেত্ৰখনত যুক্ত হৈ বিভিন্ন ঠাই পৰ্যটনৰ আকৰ্ষণ কেন্দ্ৰ হিছাপে গঢ়ি তুলিব পৰাকৈ কিবা কাম কৰাৰ সপোন আৰম্ভণিৰেপৰাই দেখিছিলো৷

ব্যক্তিগত জীৱনত পৰ্যটনকে কেৰিয়াৰ হিছাপে লোৱাৰ মোৰ বাবে কেতিয়াও হয়তো সম্ভৱপৰ নহ’লহেতেন যদিহে মাননীয় শ্ৰীযুত দ্বিপেন ভিতৰুৱাল কোৱঁৰ ককাইদেৱে এই ক্ষেত্ৰখনৰ লগত আমাক প্ৰথমবাৰৰ বাবে চিনাকি কৰাই নিদিলেহেতেন আৰু দেউতা শ্ৰীযুত জিতেন চুতীয়াই কেৰিয়াৰ নিৰ্বাচনৰ স্বাধীনতাকন নিদিলেহেতেন৷ সেয়েহে দুয়োজনৰ ওচৰতে মই চিৰকৃতজ্ঞ৷

সেয়ে পৰ্যটন দিৱসৰ প্ৰাক-ক্ষণত এই ক্ষেত্ৰখনক পেশা হিচাবে লোৱাৰ ক্ষেত্ৰত নিজৰ সন্তানক বা পৰিয়ালৰ সদস্যক উৎসাহিত কৰাৰ বাবে আপোনাসৱক আহ্বান জনাব খুজিছো৷ আৰু তাৰ আগতে এই বিষয়ে বিজ্ঞজনৰ লগত পৰামৰ্শ গ্ৰহণ কৰি আৰু পঢ়ি-শুনি-বুজি লৈ আগবাঢ়িব লাগে৷ এই ক্ষেত্ৰত শিক্ষানুষ্ঠান নিৰ্বাচন আৰু ভৱিষ্যত আৰ্জনৰ পথ দুটা সম্পৰ্কে জ্ঞাত হৈ লোৱাটো বিশেষ প্ৰয়োজনীয়৷ ইণ্টাৰনেট যোগেও এনে তথ্য আহৰণ কৰিব পাৰি তথা www.xomidhan.org যোগে অসমীয়া শিক্ষাৰ্থী সকলে বিনামূলীয়াকৈ কেৰিয়াৰ পৰামৰ্শ সংশ্লিষ্ট ক্ষেত্ৰৰ বিজ্ঞজনৰ পৰা আহৰণ কৰিব পাৰে৷
------------------------------------------------
লেখিকা চেন্নাইত পৰ্যটন ক্ষেত্ৰত কৰ্মৰত ধেমাজিৰ জীয়াৰী

No comments:

Post a Comment