"ৰাৱনলীলাত ৰামলীলাৰ সন্ধান"
আজি আবেলি মুম্বাইৰ বান্দ্ৰাস্থিত ৰংগসাৰদা প্ৰেক্ষাগহত "যাত্ৰী" গোষ্ঠীয়ে মঞ্চায়ন কৰা "ৰাৱন লীলা" নামৰ নাটকখন উপভোগ কৰিলো৷ এক কথাত মনটো ভৰি গ’ল৷
দেশৰ চুকে কোণে ৰামলীলাৰ আয়োজনৰ আঁৰ কাপোৰৰ আঁৰৰ শিল্পীৰ দৈন্যতা, পেটৰ ভোক, উৰুখা চালৰ টোপাটোপে সৰা পানীক হাস্য ৰসেৰে ডুবাই আটক ধুনীয়াকৈ উপস্থাপন কৰা নাটকখন অতি আকৰ্ষণীয় আছিল৷
দেশৰ চুকে কোণে ৰামলীলাৰ আয়োজনৰ আঁৰ কাপোৰৰ আঁৰৰ শিল্পীৰ দৈন্যতা, পেটৰ ভোক, উৰুখা চালৰ টোপাটোপে সৰা পানীক হাস্য ৰসেৰে ডুবাই আটক ধুনীয়াকৈ উপস্থাপন কৰা নাটকখন অতি আকৰ্ষণীয় আছিল৷
সৰ্বোতকৃষ্ট অভিনয় কৰিলে হনুমানৰ চৰিত্ৰ ৰূপায়ণ কৰা বালকটিয়ে৷ ভাল অভিনয়ৰ বাবে দৰ্শকে দহটকা পুৰস্কাৰ দিয়া, পুৰস্কাৰ পোৱাৰ আনন্দ উল্লাসত মঞ্চত ৰাৱণ ৰূপী অভিনেতাকো সাৱতি লোৱা দৃশ্যই বহু কথাই কৈ যায়৷
ৰাৱণে মাজে মাজে ডাৱৰে যেতিয়া গৰজি উঠে, স্বৰ্ণ লংকাৰ অধিপতি হোৱা চৰিত্ৰৰ পৰা ওলাই গৈ ঘৰৰ উৰুখা পজালৈ মনত পেলায়৷ ঘৰুৱা সমস্যাৰ যত নমৰাকৈ, পেটত খুদকন নপৰাকৈ ৰামলীলা নকৰো বুলি অভিমান কৰা ৰাৱনক আয়োজক গজাননৰ বুজনিও অতি আকৰ্ষণীয় আছিল৷
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEh-a-e8ld0RVHbfm7cnrwFKQxZX1raZwcSbwBevSOdtlA8ZdzWTJUai4Q2LsSp38Jx8CbbEXbstfDr-XAr-xxXS7Cne5k_K9frFN9v1F-8tMHzSRVxfUjUJUG-f-nO9FdqNRGG6GDZ2RWA/s320/1.jpg)

ৰাৱণে ৰণৰ হুংকাৰ দিয়াৰ মাজতে পুনৰ মেঘৰ গৰজনি শুনি "ৰামজী বচা লেনা" বুলি কৰা প্ৰাৰ্থনাই শিল্পী "ৰাম ভৰসা"ৰ জীৱন আৰু ভাৰতীয় অপেচাদাৰী শিল্পীৰ আৰ্খিক দৈন্যতাৰ ছবি অতি সুন্দৰকৈ ফুটাই তুলিলে৷
আয়োজকে পৰম্পৰা ৰক্ষাৰ বাবে চান্দা বৰঙণি তুলি মাত্ৰ চৰিত্ৰৰ সাজ-পোচাক যোগাৰ কৰোতেই পুঁজি শেষ হোৱা, শিল্পীৰ মাননিৰ বাবে ফুটা কড়িও নথকা সত্যটোও প্ৰতিফলিত হৈ উঠিল৷ সমাগম দেখি ৰাজনৈতিক ভাষণবাজী কৰাৰ মঞ্চ বিচাৰি অহা মাননীয়া বিধায়িকাই ৰামলীলাৰ মঞ্চায়ন বা মঞ্চ প্ৰস্তুতিৰ বিৰতিতে ভূমূকি মৰা দশ্যই এনে সামাজিক অনুষ্ঠানলৈ নিশকতীয়া ৰাইজৰ পুঁজি পৰ্যাপ্ত নোহোৱাৰ বাবেই ৰাজনৈতিক নেতাক মঞ্চ ব্যৱহাৰ কৰিবলৈ দিব লগা হোৱাৰ দৰে সত্যও তুলি ধৰা হৈছে৷
মঞ্চৰ একাষে বহি ৰোৱা ৰামলীলা হোৱা গাঁৱৰ দৰ্শক সকলো এক আকৰ্ষণৰ স্থলী আছিল৷ ৰামলীলাত বচন ভুল কৰিলে বা নাটকলৈ শিল্পী অহা দেৰি কৰিলে লাঠি লৈ আয়োজকক খেদি অহা গঞা, মঞ্চলৈ উঠি আহি আয়োজকক ৰাম লীলাৰ বিকৃতৰূপৰ প্ৰতিবাদ কৰা মুখচোকা মহিলাৰ প্ৰদৰ্শনেও এক গঞা-হোজা পৰিবেশক মঞ্চত উজ্জিৱীত কৰি তোলা পৰিলক্ষিত হ’ল৷
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhi9GW8MRNGFiuI0Q1Iav76JxulQgyNErBtlH7b6Z50T31CapvpxXLaUW20LgjRiDsjhKOXSt-4u__ANQYw3OdEVk8tB-bVB3UV8IC9iuEJJ9kBg2Ld0bJw-2r6HaNMZRbhtpyjSVTdh2U/s1600/images+(1).jpg)

এক কথাত কবলৈ গ’লে হাস্য ৰসেৰে উপস্থাপন কৰা ভাৰতীয় অপেছাদাৰী থলুৱা শিল্পীৰ কৰুণ গাঁথা আছিল এই "ৰাৱণ লীলা" নাট৷ ইয়াৰ আগতেও "যাত্ৰা" গোষ্ঠীয়ে মুম্বাইৰ বিভিন্ন মঞ্চত "চিন্তা এৰা চিন্তামনি"কে ধৰি হাস্য ব্যংগৰে বাস্তৱ জীৱনৰ সঁচা বাৰ্তাবাহক নাটৰ মঞ্চায়ন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰি আহিছে৷
আজিৰ ৰংগসাৰদাৰ বৃহৎ হলঘৰত দৰ্শকৰ সমাগম আৰু হাঁহিৰ খলকনিৰ সতে হাত চাপৰিৰ জোৱাৰেই "যাত্ৰী"ৰ এই নাটকক সফলতাৰ স্বীকৃতি প্ৰদান কৰিলে৷ ৰাষ্ট্ৰভাষা প্ৰসাৰৰ বাবে অ’এনজিচিয়ে পালন কৰা পষেকযোৰা কাৰ্যসূচীৰ সতে সংগতি ৰাখি এই নাটৰ আয়োজন কৰা বাবে আয়োজক সকলো ধন্যবাদৰ পাত্ৰ৷ এনেদৰে শিল্পী দলে কৰ্পৰেট হাউচ বা কোম্পানী সমূহৰ দ্বাৰা আয়োজিত অনুষ্ঠানত পৰিবেশনৰ সুযোগ পালে ইয়ো এনে নাট্য শিল্পীৰ বাবে এক ধৰণৰ প্ৰশংসনীয় পৃষ্ঠপোষকতা বুলিবই পাৰি নিশ্চয়৷ এক ভাল লগা আবেলি উপহাৰ দিয়াৰ বাবে সকলো শিল্পী তথা আয়োজকলৈ ধন্যবাদ জনাইছো৷
No comments:
Post a Comment