পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

সুখৰ খবৰঃ
১. গুৱাহাটী ৰে’লৱে ষ্টেচনে পাব অত্যাধুনিক ৰূপঃ এছকেলেটৰ, ভিআইপি গেট, ফুড প্লাজা স্থাপন, সৌন্দৰ্য বৰ্ধন, অন্যান্য সা-সুবিধাৰ ব্যৱ্স্থাৰে এক ন-ৰূপ প্ৰদান কৰিব বুলি উত্তৰ পূৱ সীমান্ত ৰে’লৱেই ঘোষণা কৰিলে সুখবৰ৷
গুৱাহাটীত বিজেপিৰ সভাপতি ৰাজনাথ সিঙে ক’লে-
মোদীয়ে মেজিক নহয় কামহে কৰে!

২. কাজিৰঙাত এইবাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ আৰ্হিত ব্যৱহৃত হব অত্যাধুনিক কেমেৰাঃ প্ৰস্তাৱিত ইলেক্ট্ৰ’নিক আই কেমেৰা প্ৰকল্পই অনুমোদন লাভ কৰাৰ সুখৰ খবৰ৷

৩. অসমতো আৰম্ভ হ’ব নেশ্বনেল ন’লেজ নেটৱৰ্কঃ ডিজিটেল ক্লাছৰুম ধাৰণাৰে লাইব্ৰেৰীত বহিয়েই আন শিক্ষানুষ্ঠানৰো আলোচনা তথা পাঠদানত ভাগ লব পৰা ব্যৱস্থাৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে খৰছ কৰিব লগা ১০০০কোটিৰ পৰা অসমৰ ৭৭খন কলেজে লাভ কৰিব ১কোটিকৈ টকা৷

৪. ডাইনী হত্যাৰ দৰে কু-সংস্কাৰ তথা অন্ধ-বিশ্বাসৰ বিৰুদ্ধে যুঁজৰ নেতৃত্ব দি অহা বীৰুবালা ৰাভালৈ এইবাৰ ইংখং ৱেলফেয়াৰ চ’ছাইটিয়ে ঘোষণা কৰিছে ২০১৩ বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ মানৱ বঁটা৷

৫. পাকিস্তানী কিশোৰী মালালা ইউচুফজাইলৈ আগবঢ়োৱা হৈছে এমনেষ্টি ইণ্টাৰনেচনেল এম্বেছাদৰ অৱ কনচায়েঞ্চ বঁটাঃ সংস্থাটোৰ সৰ্বোচ্চ সন্মান মালালাক ডাবলিনত প্ৰদান কৰিলে প্ৰসিদ্ধ গায়ক বনোৱে৷

৬. প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়েঃ অহা তিনিবছৰত ৰাজ্যত ৮০০০০কিল’মাটিৰ পথ নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলোৱাৰ সুখবৰো কৰিলে প্ৰকাশ৷

৭. পৰিচালক চন্দ্ৰ মুদৈয়ে এইবাৰ নিৰ্মাণ কৰিব অসমীয়া আৰু বাংলা ভাষাত মুক্তি দিব খোজা দ্বি-ভাষিক ছবি "ছয়গাঁৱৰ চম্পা": দুৰ্গাপূজাৰ পাছতে শ্বুটিং আৰম্ভ কৰিবলৈ আহিব বাংলা অভিনেতা জয় ভট্টাচাৰ্য আৰু অভিনেত্ৰী পৌলমী বেনাৰ্জী৷

৮. কোনো মহিলা চৰকাৰী চাকৰিয়ালক বঞ্চিত কৰিব নোৱাৰিব প্ৰসূতিকালীন ছুটিৰ বাবেঃ এগৰাকী নাৰীৰ বঞ্চনাৰ গোচৰত আদালতৰ ন্যায়ে নিশ্চিত কৰিলে সকলোৰে বাবে ১৮০দিনীয়া ছুটিৰ৷

৯. শিল্পী সাহাৰ্য নিধিৰ সুবিধা গ্ৰহণ কৰিবলৈ দৰিদ্ৰ, বয়োজ্যেষ্ঠ, শাৰিৰীক ভাৱে অক্ষম বা ৰোগাক্ৰান্ত শিল্পীলৈ চৰকাৰে জনালে আহ্বানঃ মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা ২০১১ চনতে এক কোটি টকাৰ পুঁজি এই উদ্দেশ্যে অসম ৰাজ্যিক চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমলৈ আগবঢ়াই ৰখাৰ কথা আহিল পোহৰলৈ৷

১০. মেধাৱী ছাত্ৰী নৱনীতা চক্ৰৱৰ্তীৰ মৃত্যুৰ ঘটনাক লৈ অভিভাৱকৰ অভিযোগক গুৰুত্ব প্ৰদান কৰি তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিবক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে৷

১১. পবিতৰা অভয়াৰণ্যত গঁড় হত্যাত জড়িত ৪জন চোৰাং চিকাৰী যোৱা দুদিনত গ্ৰেপ্তাৰ কৰি সফলতা লভিলে অসম আৰক্ষীৰ বিশেষ অভিযানকাৰীৰ দলে৷

১২. গ্ৰন্থ ক্ৰয়ৰ নামত সৰ্ব শিক্ষাত ১৮কোটি টকাৰ অনিয়মক পোহৰলৈ অনিলে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাইঃ আদালতৰ দ্বাৰস্থ হ’ব বুলি কৰিলে ঘোষণা৷

No comments:

Post a Comment