পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

সুখৰ খবৰ:
১) জনজাতীয় লোকসকলৰ সৰ্বাংগীন বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে দেশৰ ২৬ ৰাজ্যলৈ মুঠ ২৯০৪ কোটি ৭১ লাখ টকা মুকলি কৰি দিছে । এবিবৃতিত প্ৰকাশ কৰিছে এই অনুদান পথ-দলং, জল সংৰক্ষণ সুবিধা, সুৰক্ষিত খোৱাপানী, বিদ্যালয় স্থাপনৰ কামত ব্যয় কৰা হ’ব ।



) কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী বীৰাপ্পা মৈলীয়ে এক সংবাদমেলত পেট্ৰ’লৰ মূল্য হ্ৰাস কৰাৰ ইংগিত দিয়ে । কিন্তু কেতিয়া আৰু কিমান হাৰত মূল্য হ্ৰাস কৰা হ’ব সেই বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত থাকি তেওঁ কয় জনসাধাৰণক কিছু সকাহ দিয়া হ’ব ।


৩)মুম্বাই পৃথিৱীৰ দ্বিতীয়খন সৎ মহানগৰ । পৃথিৱীৰ ১৬খন মহানগৰত চলোৱা এটা সমীক্ষাত ভাৰতৰ বিত্তীয় ৰাজধানী মুম্বাই পৃথিৱীৰ ভিতৰত দ্বিতীয়খন সৎ মহানগৰ বুলি বিবেচিত হৈছে ।



) আকাশবাণীয়ে শাস্ত্ৰীয় সংগীতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে প্ৰতি বছৰে দেশৰ বিভিন্ন কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ কাৰ্যসূচীৰ আয়োজন কৰে । এইবছৰো অহা ২৮ ছেপ্টেম্বৰত দেশৰ মুঠ ৫৮ টা কেন্দ্ৰৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰইও সেইদিনা পুৱা দহ বজাত ৰবীন্দ্ৰ ভৱনত প্ৰভাতী শাস্ত্ৰীয় সংগীত অনুষ্ঠানৰ আয়োজন কৰিছে ।


) অসমৰ আগশাৰী বে-চৰকাৰী সংগঠন ‘তপোবন’ৰ উদ্যোগত দিল্লীত অসমৰ ৰোগী সকলৰৰ বাবে বিশেষ আৰ্থিক ৰেহাইৰ ব্যৱস্থা কৰা হৈছে । এই সন্দৰ্ভত অধিক তথ্যৰ বাবে গুৱাহাটীৰ তপোবন কাৰ্যালয়ৰ ০৯৮৬৪০১০৮৭৮ ফ’ন নম্বৰত যোগাযোগ কৰিব পাৰিব।


৬) প্ৰকৃতিপ্ৰাণ প্ৰয়াত ফটো সাংবাদিক পংকজ শৰ্মাৰ সোঁৱৰণত অসমৰ জ্যেষ্ঠ ফটো সাংবাদিক মহেন্দ্ৰ বৰুৱাক ২০১৩ বৰ্ষৰ ‘জীৱনজোৰা সাধনা’ বঁটা প্ৰদান কৰা হয় ।


৭) সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত অহা ১৪ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ নগাঁও চহৰৰ নেহৰুৱালিত নগাঁও গ্ৰন্থমেলা-২০১৩ অনুষ্ঠিত হ’ব ।


৮) ভ্ৰাম্যমান নাট্যদল হেঙুল থিয়েটাৰৰ ২০১৩-২০১৪ নাট্যবৰ্ষৰ মুখপত্ৰ ‘হেঙুল’ উন্মোচন কৰা হয় । এই মুখপত্ৰখন সম্পাদনা কৰিছে ৰাজদ্বীপে ।


) অসমৰ উদীয়মান শ্বাটলাৰ অস্মিতা চলিহা ইণ্ডোনেছিয়াৰ কুদোত অনুষ্ঠিত হ’বলগীয়া যুথ এছীয়া বেডমিণ্টন চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হৈছে ।


১০) তৃতীয় ৰাষ্ট্ৰীয় শক্তি উত্তোলন চেম্পিয়নশ্বিপত অসমৰ ৰঙিয়াৰ যুৱক বলীন কলিতাই ৰূপৰ পদক অৰ্জন কৰিছে ।


১১) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অস্ত্ৰ-শস্ত্ৰৰ সৈতে ছয়জন চোৰাং চিকাৰী গ্ৰেপ্তাৰ হয় । তেওঁলোক আছিল এটা দুৰ্ধৰ্ষ গড় চিকাৰীৰ দল ।


No comments:

Post a Comment