আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
টকা কি, টকা.....

-মেৰিলীন দত্ত
ঠিক আছে ! ভালপোৱা, সপোন, আৱেগ এইবোৰ সকলো ঠিকেই আছে ! কিন্তু আজিৰ তাৰিখত আটাইতকৈ প্ৰেক্টিকেল শব্দটো হ'ল টকা ! মুদ্ৰা, ধন, বিভূতি, ঐশ্বয্য , ৰূপ, সম্পদ !
ডলাৰ বিহীন এই জীৱন....
পকেটত টকা বিশটা লৈ মহানগৰত সোমাই চাওঁকচোন বুজি পাব টকা কি ?

ঘৰৰ আপোনজন টান নৰিয়াত ! চিকিত্‍সালয়লৈ নিয়ক ! বুজি পাব টকা কি?

দুর্গা পূজা আহিছে ! ঘৰৰ সকলোৰে বাবে কিবা এটা ল'ব বিচাৰি বজাৰত সোমাইছে! বুজি পাব টকা কি ?

ভৱিষ্যতে আপোন হ'বলগীয়া কোনোবা এগৰাকীক লৈ এচি ৰেষ্টোৰেন্ট এখনত সোমাইছে ! ৱেইটাৰে দি গ'ল মেনু কার্ড ! বুজি পাব টকা কি ?

দৰমহাটো লোৱাৰ আগত এসোপা পৰিকল্পনা ! টকা কেইটা যেতিয়া হাতত ল'লে নোজোৰে দেখোন ! তেতিয়া বুজিব টকা কি ?

সমগ্ৰ ভূমণ্ডল টকাত ঘূৰে 
হাতত মোৰ সহস্ৰ টকা 
কড়িফুটা
তথাপি দেখোন আমাৰ টকা নোজোৰে 

টকা কি ? টকা কি ? টকা কি ?

1 comment: