লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)

-----------------------------
১. গুৱাহাটীত অনুষ্ঠিত কন্যা শিশু সকলৰ সুৰক্ষা সভাত পাটৰ মেখেলা চাদৰ পৰিধান কৰি মিছ ইউনিভাৰ্ছ অলিভিয়া উপস্থিত হোৱাত অসমীয়া আধুনিকা নাৰী সন্থাই ক্ষোভ প্ৰকাশ কৰিছে৷ কণ্যা সন্তানে চুটি আৰু অত্যাধুনিক কাপোৰ পিন্ধি টিঘিল-ঘিলাই ফুৰোতেহে সুৰক্ষা দিয়াৰ কথা প্ৰচাৰ কৰাৰ বাবে অলিভিয়াইও চুটি কাপোৰ পিন্ধি আদৰ্শ দেখুৱাব লাগিছিল বুলি তেখেত সকলে অনুভৱ কৰিছে৷ এতিয়া মেখেলা চাদৰ পিন্ধি মিছ ইউনিভাৰ্ছে দেখুৱাই দিয়াৰ পাছত অসমীয়া বোৱাৰী সকলক আন কাপোৰ পৰিধান কৰাৰ বাবে গালি-গালাজ পাৰিবলৈ শাহু সকলক সুবিধাহে কৰি দিয়া হৈছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷


২. "মন্ত্ৰী ভাঙিব" কইনাধৰা থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হৈছে এই বছৰৰ সৰ্বশ্ৰেষ্ঠ ৰহস্যধৰ্মী ৰাজনৈতিক নাটক৷ গেলেৰী পৰ্যন্ত হাউছফুল হোৱাৰ উল্লেখনীয় খবৰ৷

৩. গুৱাহাটী মহানগৰীত মাত্ৰ চাৰিশ কিবা খন দুৰ্গা পূজা পতাক লৈ ব্যৱসায়ী মহলে প্ৰকাশ কৰি প্ৰতিক্ৰিয়া৷ অন্ততঃ এহেজাৰখন দুৰ্গা পূজা মণ্ডপলৈ চান্দা দিবলৈ নাপালে মনটো ভালেই নালাগে বুলি মত প্ৰকাশ কৰে৷ অহা বছৰ পূজা মণ্ডপৰ সংখ্যাৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য গ্ৰহণ কৰিব লাগে বুলিও আঙুলিয়াই দিয়ে৷

৪. নামঘৰৰ চুবুৰীত বেলেগ বেলেগ কৰাৰ দৰেই আৰু নতুন নতুন আঞ্চলিক দল গঠন কৰিবৰ বাবে গুৱাহাটীত চলি আছে যো-জা৷ সকলো নেতাই যাতে দলীয় পদবী পাই সুখী হৈ থাকে, সেয়াই আঞ্চলিক দলৰবোৰৰ লক্ষ্য উদ্দেশ্য হৈ থকা উচিত বুলি ৰসাল শৰ্মাই মত প্ৰকাশ কৰিছে৷

৫. ভৰলু নামৰ ড্ৰেইন নৈ খনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে স্বীকৃতি দিয়াৰ বাবে দাবী তুলিলে অসমীয়া ক্ৰিয়েটিভ দাবী সমিতিয়ে৷ ভৰলু নদীক কাউৰীৰ দৰেই পবিত্ৰ আৰু সমাজৰ আবৰ্জনা বহন কৰি মহানগৰক প্লেগ বিহীন মহানগৰ ৰূপে বৰ্তাই ৰখাৰ বাবেই এই স্বীকৃতি বিচৰা বুলিও সমিতিয়ে জানিবলৈ দিছে৷ ডেংগু কেপিটেলৰ এই নৰ্দমা নদী বিশ্বৰ ভিতৰতে প্ৰসিদ্ধ কৰাৰ বাবেও বহুতো ক্ৰিয়েটিভ কনচেপ্ট বিকাশ কৰি বুলিও জানিব পৰা গৈছে৷

৬. আৰক্ষীৰ উন্নীতকৰণৰ বাবে আহিছে ৪০০কোটি, এইবাৰ ৰেছনৰ বদলি আৰক্ষীক দিব নগদ ধন৷ নগদ ধনেই সংসাৰৰ আচল বস্তু বুলি কনিষ্টবল খগেন বড়াই সন্তোষ প্ৰদান কৰে৷ ৰেছনৰ ধন বিপিএল ফেমিৰ দৰেই শ্ৰীমতী একাউণ্টত যোৱাৰ ব্যৱস্থা কৰিলেই দৰমহাৰ পইচাৰে বা বাহিৰা পইচাৰে বাহিৰা ফুৰ্তি-ফাৰ্তা কৰি থাকিব বুলিও তেখেতে প্ৰকাশ কৰিলে অভিমত৷

৭. গান্ধী জয়ন্তীত নিবনুৱা পৰিষদে "মজবুৰি কা নাম মহাত্মা গান্ধী" নামৰ টি-চাৰ্টৰ উন্মোচন কৰে৷ তাতেই নিবনুৱা সকলে অন্ততঃ গান্ধীৰ বাটেৰে দুৰ্নীতি নকৰা জীৱন যাপন কৰা সু-নাগৰিক বুলি বক্তব্য ৰাখে সচেতন শৰ্মাই৷ লংকালৈ নোযোৱালৈকে সকলো ৰাম হৈ থকাই উচিত, দুই নম্বৰী ধন খোৱাৰ সুযোগ নোপোৱালৈ সেই দৰে সৎ পথত থকাই ভাল৷ সেয়ে নিবনুৱা সকলক সু-নাগৰিক ভাট্টা প্ৰদান কৰাৰো তেখেতে তুলিলে দাবী৷

৮. বিদ্যুত খণ্ডত চলি থকা দুৰ্নীতি চলি থাকিবলৈ নিদিলৈ পদত্যাগ কৰিব বুলি সকিয়নী দিলে বিজুলী বৰদলৈয়ে৷ তেখেত কয় দুৰ্নীতি অবিহনে আয় ক’ত, আয় নহ’লে পুনৰ জিকাৰেই বা বাট ক’ত? সেয়ে সকলোকে এনে বিষয়ত মাত মাতি শক্তি ক্ষয় নকৰিবলৈ তেখেতে আহ্বান জনায়৷

৯. প্ৰতিবাদ কৰি টায়াৰ জ্বলাওক, তাৰ পাছত আলোচনা, তাৰ পাছত পিছ কোঠাত লেনদেন৷ তাৰ পাছত যাওক নেপাললৈ৷ সংগঠনৰ মূল কেইজন গৈ এনজয় কৰি অহাৰ নতুন আদৰ্শ দেখুৱালে আলু কচু ছাত্ৰ সন্থাই৷ এইবিষয়ে সবিশেষ ৰসাল প্ৰতিবেদন ৰসেশ্বৰ দাসে বনাই থকাৰ সুখবৰ৷

১০. দেওবাৰে লঘোন বা নিৰামিষ খাওক, সোমবাৰে দকচি দিয়ক৷ দেওবাৰে আলহী অহাৰ ভৰ বেছি হোৱাত খৰছ কমোৱাৰ বাবে ২৫টা বুদ্ধি নামৰ কিতাপখন লিখি উলিয়াইছে সিদ্ধিৰাম শৰ্মাই৷ এইটো তেখেতৰ প্ৰথমটো কিটিপ৷

No comments:

Post a Comment