পূজাৰ পৰীক্ষামূলক জিলেপী
হেমাঞ্জলী চুতীয়া
হেমাঞ্জলী চুতীয়া
আৰম্ভণিতে আপোনালোক সকলোলৈকে শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ| দূৰ্গা পূজা বুলিলে আপোনালোকৰ মনলৈ কি কি ভাৱ নাজনো, কিন্তু মোৰ বাবে দূৰ্গা পূজা মানেই হ’ল নতুন নতুন কাপোৰ কিনা, বিভিন্ন ৰঙী বেলুন কিনা আৰু সকলোতকৈ ডাঙৰ কথা হ’ল জিলেপী কিনা, ৰসগুল্লা কিনা আৰু বিভিন্ন আৰ্হিৰ মিঠা মিঠা নিমকি কিনা| বেলুন, কাপোৰ নহলেও কথা নাই, কিন্তু জেলাপী, ৰসগুল্লা আৰু নিমকিৰ অবিহনে দূৰ্গা পূজাৰ কথা ভাৱিবই নোৱাৰি.......এতিয়াও৷

ঘৰত ক’লো বোলো এইবাৰ পূজাত জিলেপী মই ঘৰতেই বনাম, গতিকে বাহিৰৰপৰা নিকিনিলেও হ’ব৷ ইয়াৰ আগতেও এনেদৰে মই বিভিন্ন আলোচনীত বিভিন্ন সময়ত প্ৰকাশ পোৱা বিভিন্ন ধৰণৰ ৰেচিপি পঢ়ি পঢ়ি সেইবোৰ নিজেই বনাবলৈ কেইবাবাৰো বিফল চেষ্টা ইতিমধ্যে কৰিছো, গতিকে মোৰ কথা শুনি মোৰ সেই সকলোবোৰ পূৰ্বপ্ৰচেষ্টাৰ ভুক্তভোগী ঘৰৰ সকলোৰে চকু কপালত উঠিল, মনতে ভাবিলে কিজানি এইবাৰ জিলেপীয়ে বা কি ৰূপ লয়গৈ মোৰ হাতত পৰি| মোৰ অৱশ্যে বিশ্বাস আছিল জিলেপী ভাল বনিব বুলি কাৰণ পঢ়োঁতে বনোৱাৰ প্ৰক্ৰিয়াতো বৰ উজু পাইছিলো|
সময়ত পূজা আহিল আৰু এদিন ভগৱানকে স্মৰণ কৰি ময়ো জিলেপী বনোৱাৰ কাম আৰম্ভ কৰিলো| ময়দাৰ পৰিমান অলপ সৰহকৈয়ে ললো কাৰণ পূজা বুলিয়েইছোন দুদিনমান, ঘৰততো সকলোৱে খামেই, ঘৰলৈ অহা সকলো আলহীকো দিব লাগিব| সময়মতে মোৰ জিলেপী বনোৱা হৈ গ’ল| সেইদিনা পিছবেলা বান্ধৱী তৃষ্ণা আমাৰ ঘৰলৈ ফুৰিবলৈ আহিল| পিছবেলাতো আমাৰ ঘৰতে কটাই তৃষ্ণা সন্ধিয়া ঘৰলৈ যাবলৈ ওলাল| তাই যোৱাৰ সময়তে দেতাই মোক ক’লে, "আই অ’, তৃষ্ণাকো দি পঠিয়া আক’ তোৰ জিলেপী কেইহেতামান মোনা এটাতে ভৰাই...|"

এনেধৰণৰ মিঠাই বনোৱাৰ চেষ্টা অৱশ্যে এতিয়াও অব্যাহত ৰাখিছো, প্ৰায়বোৰেতই বিফল হওঁ, পিছে ময়ো হাৰ মনা নাই, কাৰণ কোনে জানে এনেদৰেই কোনোবা এদিনা কিবা এটা ভালো বনিবগৈও পাৰে, নহয়জানো???
No comments:
Post a Comment