লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)

১. "ঘোঁচ খাব কেনেকৈ" লুভীয়া কৰ্মচাৰী সন্থাই আয়োজন কৰিছে দুৰ্গাপূজা বিশেষ কৰ্মশালাৰ৷ তাত সমল ব্যক্তি ৰূপে যোগদান কৰিবলৈ গৌহাটি জেলৰ পৰা আৰ শ্বাহৰূখ খান চাহাবক সমল ব্যক্তি ৰূপে পঠাবলৈ উচ্চ ন্যায়ালত পে’ৰলৰ বাবে সন্থাই আবেদন জনোৱাৰো সুখবৰ আমালৈ আহিছে৷

২. দূৰ্গাপূজা সমিতি সমূহৰ মাজত চান্দা বৰঙণি সংগ্ৰহ কৰাৰ বাবে এক বিশেষ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ সৰ্বোচ্চ কালেকচন কৰাৰ পাছত ঘাটি বাজেট কৰা সকললৈ বিশেষ পুৰস্কাৰ ৰাজনৈতিক প্ৰতিভা সন্ধানী সমাজে প্ৰদান কৰিব বুলি এক বিজ্ঞপ্তি যোগে জনাইছে৷

৩. দৰমহাৰ টকা স্পৰ্শ কৰা চাকৰিয়াললৈ ছোৱালী বিয়া দিবলৈ অস্বীকাৰ কৰা মহিয়সী আইসকললৈ লৈ এই বৰ্ষৰ শ্ৰেষ্ঠ ভৱিষ্যদ্ৰষ্টা মাতৃ বঁটা আগবঢ়োৱা হব৷ এই পুৰষ্কাৰৰ বাবে মনোনয়নৰ বাবে এনে সু-মাতৃ সকলক নিজৰ জীৱন-পঞ্জী তথা গৰিমাৱলী সহ পাচপৰ্ট চাইজৰ ফটো ব্লকত জমা দিবলৈ আহ্বান জনাইছে নাৰী মুক্তি কল্যান সন্থাই৷
৪. অহা ১৯ তাৰিখে কম-বেছি বিধায়ক সকলৰ এখন সভা আহ্বান কৰা হৈছে৷ কোন কোন নীলা চোলা পিন্ধা বিডাল তপস্বী, কোন কোন বগা চোলা পিন্ধা বিড়াল তপস্বী, সেই সভাতে নিৰ্ণয় কৰা হব বুলি আহ্বায়ক ভূৱন প্ৰদেশ কলিতাই জনাইছে৷

৫. পূজাৰ বতৰত গুৱাহাটীত মাত্ৰ বিক্ৰী হ’ল ৪০কোটি টকাৰ গাড়ী, আঢ্যবন্ত মধ্যৱন্তৰ হাতৰ পুতলা হৈ পৰিছে বিলাসী গাড়ী! ৰাতি এঘাৰ বজালৈকে গাড়ীৰ শ্ব’ৰূমত গাড়ী কিনোতাৰ ভিৰেই প্ৰমাণ কৰিছে অসমৰ প্ৰগতিৰ হাৰ৷ এই বাতৰিটোকে পেপাৰ কাটিঙ কৰি ৰসাল গগৈ লণ্ডনলৈ ওলোৱাৰ খবৰ৷ চাহৰ বাগানেই নহয়, বিলাসী গাড়ীৰ গেৰেজো অসমত অসংখ্য বুলি বোৱাৰী বাপেকক জনাবলৈ অত্যুৎসাহী হৈ পৰাৰো গোপন বতৰা৷

৬. হাজাৰ কোটিৰ নায়কক মাত্ৰ চকীত বহিবলৈ দিয়াৰ আৰু কাষত থিয় হৈ কিবা সেৱা কৰিব লাগিব নেকি সুধি থকাৰ ফটো বাতৰিৰ প্ৰথম পৃষ্ঠাত ছপা হোৱাৰ পাছতে গৌহাটী কাৰাগাৰৰ কনিষ্টবল নিলম্বনৰ খবৰ৷ প্ৰকৃততে কঁকালৰ বিষ থকা খান ছাৰক কুছন পাৰি নিদিয়াৰ বাবেহে এই নিলম্বন হোৱা বুলি গোপন সূ্ত্ৰই প্ৰকাশ কৰিছে৷

৭. অসমত ভঙা চিঙা বস্তুটো ছিণ্ডি নামৰ কেট বহোৱা মল্ল নামৰ নেতা জনক নীলা চোলা পিন্ধা শিয়াল বুলি আখ্যা দি পোহৰ বৰদলৈয়ে৷ পিছে এতিয়া মল্ল বৰুৱাই শিয়াল বুলি কৈ মানৱ অধিকাৰ হনন কৰাৰ অভিযোগ হনাত পোহৰ বৰদলৈৰ হাহাঁকাৰ লগাৰ খবৰে কঁপাইছে তিনিচুকীয়া৷

৮. হিন্দী চিনেমাৰ কায়দাৰে গৌহাটীৰ জেলৰ পৰা পলাল কয়দী৷ অসমীয়া চিনেমাৰ দুৰ্দিনত অন্ততঃ তেখেতলোকে সহানুভূতিৰে অসমীয়া চিনেমাৰ কায়দাৰে পলায়ন কৰা হ’লে ভাল আছিল বুলি কনিষ্টবল খগেন খাৰখোৱাই জনাইছে৷ সেয়ে জেলত হিন্দী চিনেমা বন্ধ কৰি বাধ্যতামূলকভাৱে অসমীয়া চিনেমা কয়দীসকলক দেখুৱাওৱাৰ ব্যৱস্থা কৰিবলৈকো তেওঁ দাবী জনাইছে৷ মাত্ৰ অসমীয়া চিনেমা চাবলৈ বাধ্য হোৱাটো কিমান ডাঙৰ শাস্তি হব সেয়া নোচোৱা সকলে অনুভৱ কৰিব নোৱাৰে বুলিও তেওঁ মিচিকি হাঁহিৰে ব্যক্ত কৰিছে৷

৯. সৰুকন বৰাৰ ঘনিষ্ঠক ৭০০কোটিৰ ঠিকা দি চিনাকী ঠিকাদাৰ সমাজৰ কল্যাণ কৰিলে সমাজ কল্যাণ বিভাগে৷ অচিন কাঠৰ থোৰাও নলগাবা ফৰ্মূলা ব্যৱহাৰ কৰাৰ বাবে অসমীয়া ভাষা প্ৰেমী সংঘই সমাজ কল্যাণ বিভাগক ভূৰি ভূৰি প্ৰশংসা কৰাৰ বাতৰি আমালৈ আহি আছে৷

১০. নাওবৈছাত ধঁপাত খোৱা যুৱকৰ সংখ্যা বৃদ্ধি পোৱাক লৈ চিন্তিত হৈছে বাৰ মালিক সন্থা৷ ধঁপাত খোৱাটো কিমান ষ্টেণ্ডাৰ্ড নোহোৱা কথা, তাৰ ঠাইত স্কটছ, ৰাম, ভদকা আদি বিদেশী ষ্টেণ্ডাৰ্ড বস্তু সেৱন কৰাই ভাল! সেই সম্পৰ্কে স্কুলে এক সজাগতামূলক অভিযান চলাবলৈকো ঠিৰাং কৰা বুলি বাৰ মালিক সন্থাই জনাইছে৷ সমাজৰ ভৱিষ্যত নাগৰিক সকলক ইমান তললৈ যোৱাৰ অভ্যাস গঢ়িবলৈ কোনো পধ্যেই দিব নোৱাৰি বুলিও তেখেতসকলে গভীৰ মতামত ব্যক্ত কৰিছে৷

No comments:

Post a Comment