পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. গোলাঘাটত উদযাপিত হ’ল আন্তৰ্জাতিক বয়োজ্যেষ্ঠ দিৱসঃ ১৮০গৰাকী জ্যেষ্ঠ নাগৰিকক গামোচা আৰু মানপত্ৰৰে জনালে সম্বৰ্ধনা৷
আহমেদাবাদত নৱৰাত্ৰি উদযাপনত গৰ্ৱা নৃত্য 

২. দুৰ্গতি নাশিনীক পূজিবৰ বাবে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো চলিছে প্ৰৱল প্ৰস্তুতিঃ ৰাজ্যত উৎসৱ মুখৰ হৈ পৰিছে শাৰদীয় পৰিবেশ৷  আজি মহালয়া, দেশৰ বিভিন্ন প্ৰান্তত নৱৰাত্ৰি পালনৰ বাবে হৈছে ব্যাপক আয়োজন৷

৩. লালু প্ৰসাদ যাদৱৰ দৰে আগশাৰীৰ নেতাক পশু খাদ্য কেলেংকাৰী গোচৰত পাঁচ বছৰলৈ কাৰাগাৰলৈ নিক্ষেপৰ আদেশ দিলে চিবিআইৰ বিশেষ আদালতেঃ ১৭ অক্টোবৰত ৰায়ৰ প্ৰত্যাহ্বান জনাই যাদৱে আবেদন জনাব উচ্চ ন্যায়ালয়ত৷ সাংসদ পদ খাৰিজ হোৱাৰ লগতে তেখেতে অহা ছয় বছৰৰ বাবে কোনো নিৰ্বাচনত কৰিব নোৱাৰিব প্ৰতিদ্বন্দিতা৷

৪. প্ৰশস্ত হ’ল পৃথক তেলেংগানা গঠনৰ পথঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ খচৰাত অনুমোদন দিলে কেবিনেটে, দহ বছৰলৈ হায়দৰাবাদকে যুটীয়া ৰাজধানী ৰূপে গণ্য কৰাৰ প্ৰস্তাৱ৷

৫. অহা ১৪নৱেম্বৰত মামণি ৰয়ছমৰ ৭২তম জন্মজয়ন্তী উদযাপনৰ লগতে তেখেতৰ ৰচিত গ্ৰন্থ পাঁচটা ভাষা বাংলা, নেপালী, বড়ো, মিচিং আৰু খাচী ভাষাত প্ৰকাশৰ দিহা কৰাৰ সুখবৰ৷ ব্যতিক্ৰম মাছডোৰ উদ্যোগত এই অনুষ্ঠানতে আয়োজিত হৈছে "মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু সাহিত্য" বিষয়ক আন্তৰ্জাতিক আলোচনাচক্ৰৰ৷ তছলিমা নাছৰিণকে ধৰি প্ৰখ্যাত সাংবাদিক অন্তৰা দেৱসেন, লেখিকা নৱনীতা দেৱসেনেও অংশগ্ৰহণ কৰাৰ কথা৷

৬. চলিত বৰ্ষত ৰাজ্য চৰকাৰৰ পৰা আৰক্ষীৰ সাহসিকতা বঁটাপ্ৰাপক মৰাণহাটৰ একালৰ মেধাবী ছাত্ৰ তথা মাৰ্ঘেৰিটা মহকুমাৰ আৰক্ষী বিষয়া ডঃ প্ৰদীপ শইকীয়াক সম্বৰ্ধনা জনালে মৰাণ প্ৰেছ ক্লাৱে৷

৭. টাইমছ হায়াৰ এডুকেছন ৱৰ্ল্ড ইউনিভাৰ্চিটী ৰেংকিংত আই আই টিক অতিক্ৰমী ২২৬তম স্থান দখল কৰিলে ভাৰতৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিলে পঞ্জাৱ বিশ্ববিদ্যালয়ে৷

৮. সুধাকণ্ঠৰ সোঁৱৰণীত নাজিৰা ন-পুৰণি শিল্পী সমাজ, ভূপেন্দ্ৰ ফেনছ ক্লাৱৰ যুটীয়া উদ্যোগত এক মনোজ্ঞ সংগীত সন্ধিয়াৰে মুখৰিত হ’ল আকাশ বতাহঃ  গীত পৰিবেশন কৰিলে ইণ্ডিয়ান আইডল খ্যাত প্ৰিয়ম বৰপাত্ৰ গোহাঁইয়েও ৷

৯. শাৰদীয় পূজাৰ বাবে দুৰ্গা স্তুতিৰ চিডি তথা ভিডিঅ’ নিৰ্মাণ কৰি উলিয়াইছে ৰাজ মিউজিকেঃ অসীম বৰুৱাৰ সংগীত পৰিচালনা আৰু মাধুৰী গগৈৰ কণ্ঠৰে সজোৱা এই এলবামটোৰ পৰিচালনা প্ৰতিভা সম্পন্ন অভিনেতা নৱজ্যোতি গগৈয়ে৷

১০. গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি কালি নগাঁৱত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ফাউণ্ডেছন কাৰ্যালত উন্মোচন কৰে এক শৰীৰ চৰ্চা কেন্দ্ৰৰঃ উন্মোচন কৰিলে ফাউণ্ডেচনৰ সভাপতি তথা বিধায়ক ডাঃ দুৰ্লভ চমুৱাই৷

১১. মৰাণৰ টিফুক কলা কেন্দ্ৰৰ আমন্ত্ৰণমূলক ফুটবলত দেউৰীটিঙ দলক হৰুৱাই দবা একাদশে হ’ল চেম্পিয়নঃ ৰিদিপ ফুকন-পংকজ বৰা শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত ৷

১২. খৈৰাবাৰীত চলি থকা বড়োলেণ্ড গেলেণ্ট গ’ল্ড কাপ ফুটবলত তুৰাৰ বোকা জুনিয়ৰ স্পৰ্টছ ক্লাৱক ৪-১ গ’লত পৰাভূত কৰি অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলে প্ৰৱেশ কৰিলে ফাইনেলত৷

No comments:

Post a Comment