সুখৰ খবৰঃ
১. আজি ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠিত হ’ব দুৰ্গা দেৱীঃ ৰাজ্য-জুৰি কেইবা হাজাৰ পূজা মণ্ডপত হ’ব দুৰ্গতিনাশিনীৰ আৰাধনা৷
১. আজি ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠিত হ’ব দুৰ্গা দেৱীঃ ৰাজ্য-জুৰি কেইবা হাজাৰ পূজা মণ্ডপত হ’ব দুৰ্গতিনাশিনীৰ আৰাধনা৷
মুম্বাই অসমীয়া সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ পাঁচ দিনীয়াকৈ আয়োজিত পূজাৰ মণ্ডপ |
২. চাইবাৰ ক্ষেত্ৰত কৰা গৱেষণাৰ বাবে আমেৰিকাবাসী বিজ্ঞানী লেভিট, ৱাৰ্চেল আৰু কাৰপ্লাছলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা৷
৩. এইবৰ্ষৰ পৰা আৰম্ভ হোৱা সুব্ৰত কাপৰ ছোৱালীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত প্ৰথমটো বিজয় সাব্যস্ত কৰিলে অসমৰ তিনিচুকীয়াৰ বৰাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে৷
৪. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ কলেজ মহিলা ফুটবলঃ খোৱাং মহাবিদ্যালয়ে অৰ্জন কৰিলে চূড়ান্ত বিজয়ীৰ সন্মান৷
৫. লাহোৱালত হোৱা অনিৰুদ্ধ ট্ৰফী ফুটবল প্ৰতিযোগিতাত চেম্পিয়ন হ’ল তামোলবাৰী চাহ বাগিচা৷
৬. অৱশেষত ডেৰ মাহৰ বিৰতিত ঠেহ ভাগিল ব্ৰহ্মপুত্ৰ বৰ্ডৰঃ মাজুলীত স্থায়ী সুৰক্ষাৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবে ল’লে সিদ্ধান্ত৷
৭. উন্মোচিত হ’ল শ্ৰব্য এলবাম "নিকা": নিকা শাণ্ডিল্য একক কণ্ঠৰে সজোৱা গীত সমূহৰ সংগীত পৰিচালনা মানস হাজৰিকা৷
৮. তেজপুৰৰ জোনাকী হল আৰু যোৰহাটৰ স্মৃতি গোপাল চিনেমাতো প্ৰদৰ্শিত হ’ব অসমীয়া চলচিত্ৰ তথা প্ৰথমখন ভাৰতীয়া মাৰ্চিয়েল আৰ্ট কমেডী ছবি "লোকেল কুংফু": ১১অক্টোবৰৰ পৰা এটা সপ্তাহ যোৰহাট আৰু তেজপুৰৰ দৰ্শকে এই ছবি উপভোগ কৰিবলৈ পাব বুলি পৰিবেশকে জনাইছে৷
৯. বংগৰ ১.০৪লাখ প্ৰতাৰিত গ্ৰাহকক ক্ষতিপূৰণ দিলে মমতা বেনাৰ্জীৰ চৰকাৰেঃ তাৰ বিপৰীতে দিছপুৰে লোৱা নাই অবৈধ সম্পত্তি নিলামৰ কোনো ব্যৱস্থা৷
১০. ভৰলুমুখ আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সফলতাঃ ৬০ লক্ষাধিক টকা মূল্যৰ চুৰি হোৱা সোণ-ৰূপৰ মুদ্ৰা গহনা কৰিলে উদ্ধাৰ৷
১১. আজি মিচিং আৰু সোনোৱাল কছাৰী নিৰ্বাচনৰ ভোট গণনাঃ নিৰ্ণয় হ’ব আজি ২৭৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷
১২. যান-বাহনৰ খুন্দাত জীৱ-জন্তু নিহত হোৱা ৰোধ কৰিব নোৱাৰিলে যান বাহন চলাচল বন্ধ কৰি দিয়াৰ সকীয়নি দিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেঃ কাজিৰঙাৰ মাজেৰে যোৱা ৩৭নং ঘাইপথ বহলোৱাতো জাৰি কৰিলে নিষেধাজ্ঞা৷
১৩. দক্ষিণৰ তিনি ৰাজ্যত উজ্বলাললে অসমীয়া সংস্কৃতিঃ অক্টেভ-২০১৩ নামৰ দক্ষিণ ভাৰতত হোৱা সাংস্কৃতিক মহোৎসৱত সমাদৰ বুটলিলে সাংস্কৃতিক শিক্ষা প্ৰতিষ্ঠান "পঞ্চসুৰ"ৰ শিল্পীসকলে৷
১৪. পূজাৰ বতৰত ব্ৰেণ্ডেড সামগ্ৰীৰ বিক্ৰী ৩০ শতাংশ বৃদ্ধি পোৱাৰ সুখবৰঃ ব্যৱসায়ত বিশাল পৰিমানৰ লাভ অৰ্জন কৰিলে দেশী-বিদেশী প্ৰতিষ্ঠানে৷
১৫. ভূমি পট্টন- সীমা সমস্য সমাধানৰ দাবীত নাৰায়ণপুৰত কৃষক মুক্তিৰ সভাঃ আঠুঁৱা কম্বলৰ বাবে বিবেক বিক্ৰী নকৰিবলৈ অখিল গগৈয়ে সমবেত ৰাইজলৈ জনালে আহ্বান৷
১৬. এন.এইচ.পি.চিৰ অপহৃত মহাপ্ৰৱন্ধকৰ লুকুৱাই ৰখাৰ সম্ভেদ পাইছে আৰক্ষীয়েঃ তেজপুৰত আই.জি.পি. এছ এন সিঙে প্ৰকাশ কৰিলে এই তথ্য৷
১৭. যোৰহাটৰ উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ নতুন সঞ্চালক ৰূপে নিযুক্তি লাভ কৰিলে ডঃ ডি ৰামাইয়াইঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তুলিলে অসমীয়া বিজ্ঞানীক বঞ্চিত হোৱাৰ অভিযোগো৷
১৮. ধৰ্ম-নিৰপেক্ষতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰি নাগপুৰৰ দুৰ্গা পূজা কমিটিত মুছলিম যুৱকক দিলে উপসভাপতিৰ পদ৷
১৯. কনিষ্ঠ পৰ্যায়ৰ পদত পাহাৰীয়া জনজাতিৰ বাবে কিয় নাই সংৰক্ষণঃ লোকসেৱা আয়োগলৈ আদালতে জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী৷
২০. ম’বাইল ফোনৰ টাৱাৰৰ ওপৰত নিয়্ন্ত্ৰণ বিষয়ক লৈ গুৱাহাটী পৌৰ নিগমলৈ হাইকৰ্টে কৰিলে কৈফিয়ৎ তলৱ৷
No comments:
Post a Comment