পলতকে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলতকে সুখ দুখৰ বতৰা

পলতকে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. অকণিৰ প্ৰিয়বন্ধু অকণিৰ সাহিত্য সভাৰ উদ্যোগত ৩১জন কিশোৰে ইংৰাজীলৈ অনুবাদ কৰিছে "বুঢ়ী আইৰ সাধু": ইংৰাজী সংকলনখন সম্পাদনা কৰিব আমেৰিকাৰ নৰ্থ কেৰলিনা ষ্টেট ইউনিভাৰ্চিটিৰ প্ৰৱক্তা ডঃ নীলাক্ষি ফুকন নেওঁগ আৰু নগাঁও মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ মণিকা শইকীয়াই৷ ইয়াৰ পাছতে অকণিৰ সাহিত্য সভাই বেজবৰুৱাৰ দুখন সাধুপুথি "ককাদেউতা আৰু নাতি ল’ৰা" আৰু "জুনুকা"ও ইংৰাজীলৈ অনুবাদ কৰাৰ বাবে লব প্ৰশংসনীয় পদক্ষেপ৷
কন্যা শিশুৰ সুৰক্ষাৰ বাবে প্ৰচাৰ অভিযানত
গুৱাহাটীত মিছ ইউনিভাৰ্ছ অলিভিয়া কালপ’৷
লগত অসমৰ মুখ্যমন্ত্ৰী

২. প্ৰথমবাৰৰ বাবে এজন অসমীয়াই ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজত অধ্যাপক ৰূপে পালে নিযুক্তিঃ তেখেত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ভবেন বৰুৱাৰ প্ৰথম পুত্ৰ ডঃ অংকুৰ বৰুৱা৷

৩. আনাইৰাম নুনিছা সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা গ্ৰহণ কৰিলে ৰাধিকা মোহন ভাগৱতীয়েঃ অসমৰ সংবাদ মাধ্যমক আত্ম-বিশ্লেষণৰ বাবে জনালে আহ্বান৷

৪. উজবেকিস্তানত ১১-১৭ অক্টোবৰলৈ হ’ব লগা ১৯তম এছিয়ান ৰয়িং চেম্পিয়নশ্বিপত ভাগ লবলৈ ভাৰতীয় দলত স্থান লাভ কৰিলে গুৱাহাটীৰ সৰলা বিৰলা জ্ঞানজ্যোতিতৰ দশন শ্ৰেণীৰ ছাত্ৰী নাফিছা ছাদিকে৷

৫. খৈৰাবাৰীত অনুষ্ঠিত হৈ থকা বড়োলেণ্ড গেলেণ্টছ গ’ল্ড কাপ ফুটবলত আজি ফাইনেলত মুখামুখি হ’ব বিদ্যুৎ পৰিষদ আৰু মণিপুৰৰ আমোফা একাদশ৷

৬. কাইলৈ নগাঁৱত ৬৫তম স্বাধীনতা দিৱস কাপ ফুটবলৰ ফাইনেলঃ মুখামুখি হ’ব অইল আৰু অসম ৰাইফলছৰ দল৷

৭. অসমত থকা কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়াক এটা বিষয় ৰূপে অন্তৰ্ভুক্ত কৰিবলৈ দাবী তুলিলে অসমীয়া সাহিত্য সন্মিলনীয়েঃ অসমীয়া শিক্ষণ তথা অসমীয়া সাংস্কৃতিক অনুষ্ঠানত যাতে বাধাৰ সৃষ্টি নহয় তাৰ বাবেও পৰিবেশ গঢ়িবলৈ বিদ্যালয় সমূহলৈ সন্মিলনীয়ে আহ্বান জনায়৷

৮. মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উন্মোচন কৰিলে "হিষ্টৰি অৱ জুদিচিয়েৰী ইন আসাম" শীৰ্ষক অল আসাম লয়াৰ্ছ এছ’চিয়েছনে প্ৰকাশ কৰা গ্ৰন্থঃ গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত৷

৯. অসম গ্ৰামীণ বেংকে দিলে ১৬২গৰাকী যুৱক-যুৱতীক আত্মনিৰ্ভৰশীলতাৰ বিনামূলীয়া আবাসিক প্ৰশিক্ষণঃ ক্ষুদ্ৰ ব্যৱসায় তথা সেৱা খণ্ডত নিয়োজিত কৰাৰ বাবে উৎসাহী কৰিবলৈ গ্ৰামীণ বেংকে ৰাজ্যজুৰি গ্ৰহণ কৰা এনে সচেতনতা বৃদ্ধিৰ প্ৰশংসনীয় কাৰ্যসূচীৰ তেজপুৰৰ এই প্ৰশিক্ষণৰ কাৰ্যসূচীৰেই সফল সামৰণি পৰে৷

১০. নলবাৰী জিলাৰ ঘগ্ৰাপাৰত স্বেচ্ছাসেৱী সংগঠন শংকৰদেৱ স্বনিয়োজনে সফলতাৰে অনুষ্ঠিত কৰিলে ছয় সপ্তাহজোৰা সাজ-পোচাক তৈয়াৰী প্ৰশিক্ষণৰঃ স্থানীয় কুৰি গৰাকী যুৱতীয়ে এই প্ৰশিক্ষণ গ্ৰহণ কৰিলে৷

১১. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ’ল সত্যশ্ৰী দাসৰ "জ্যোতিপ্ৰসাদঃ তামূলবাৰীৰ ৰেঙনি" শীৰ্ষক গ্ৰন্থৰঃ উন্মোচী অনুষ্ঠানত অংশ ল’লে হীৰেণ গোহাঁই, সুদক্ষিণা শৰ্মাকে ধৰি বিশিষ্ট ব্যক্তিসকলে৷

১২. মধ্য অসমৰ ঐতিহাসিক তিৱা ৰাজ দৰবাৰৰ আগন্তুক দ্বিতীয়া দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি চলাইছে ৰাজদৰবাৰৰ পাৰিষদবৰ্গইঃ অহা ২০১৪ চনৰ ৮,৯ ফেব্ৰুৱাৰীত জাগীৰোডত এই অধিৱেশন অনুষ্ঠিত কৰিবলৈ লোৱাৰ সুখৰ খবৰ৷

১৩. গঁড় হত্যাৰ বিৰুদ্ধে জন-সচেতনতা বৃদ্ধিৰ বাবে গুৱাহাটীৰ এছিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকনল’লজিৰ গণসংযোগ বিভাগৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰদৰ্শন কৰিলে "গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধে প্ৰচাৰ" শীৰ্ষক বাটৰ নাট৷

১৪. দেশ জুৰি জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ অৰ্থে বিকল্প অৰ্থনৈতিক নীতি গ্ৰহণৰ দাবীত গণ সত্যাগ্ৰহ অনুষ্ঠিত কৰিলে চিপিআই দলেঃ ৩আৰু ৫ অক্টোবৰত দেশৰ আন আন অঞ্চলৰ দৰেই শিৱসাগৰতো পালন কৰিলে এই কাৰ্যসূচী৷

১৫. দিন হাজিৰা কৰা সকলতকৈ মফচলীয়া সাংবাদিকে কম মজুৰী লাভ কৰে বুলি মন্তব্য কৰিলে জাৰ্নেলিষ্ট এছ’চিয়েছন অৱ আসামৰ ৰাজ্যিক সভাপতি যতীন্দ্ৰ কুমাৰ বৰগোহাঁঞিদেৱেঃ মণিসেনা, বাছাৱন্ত আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ বাবেও শিৱসাগৰত হোৱা সভাত তুলিলে দাবী৷

১৬. তেজপুৰৰ জাহাজঘাটত হিন্দুস্তানী দুৰ্গা পূজা সমিতিৰ ব্যয়বহুল আয়োজন ৰাজস্থানৰ পৰা আনিছে ৪লাখ টকীয়া মাৰ্ল পাথৰৰ মূৰ্তিঃ তেজপুৰ চহৰ আৰু উপকণ্ঠ অঞ্চলত আয়োজিত হৈছে ১২৭খনকৈ দুৰ্গা পূজা৷

১৭. ৰহা সাৰ্বজনীন শ্ৰীমন্ত শংকৰদেৱ নামঘৰত অহা ১৪,১৫,১৬ অক্টোবৰত তিনি দিনীয়াকৈ আয়োজিত হৈছে শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৰঃ আয়োজন কৰিছে সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতাৰো৷

১৮. নগাঁৱত অকণিৰ সাহিত্য সভাৰ বঁটা প্ৰদান অনুষ্ঠানঃ প্ৰতিভাবান কিশোৰী মনস্বিতালৈ "এখন ৰহস্যময় দাপোনৰ সিপাৰে" নামৰ গ্ৰন্থৰ বাবে আজি পদ্মশ্ৰী মহিম বৰাৰ হাতেৰে প্ৰদান কৰিব এখুদ ককাইদেউ বঁটা৷

১৯. বিশ্বনাথ চাৰিআলিত অসম প্ৰাদেশিক মহিলা সমিতিৰ ৮৫তম অধিবেশনৰ সফল সামৰণিঃ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিলে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই৷

২০. গুৱাহাটীত এইবাৰ ৪৯০খন দুৰ্গাপূজাৰ মণ্ডপঃ নিয়োজিত হৈছে ৬০০নিৰাপত্তাৰক্ষী, প্ৰতিটো মণ্ডপত চিচিটিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ৷

২১. শিৱসাগৰৰ স্বাগতা কোঁৱৰে জাৰ্মানীৰ মিউনিখ বিশ্ববিদ্যালয়ত জীৱ প্ৰযুক্তিবিদ্যাৰ "হিউমেন বায়’লজি" বিষয়ত উচ্চ শিক্ষাৰ বাবে নিৰ্বাচিত হৈছেঃ উল্লেখযোগ্য যে স্বাগতাৰ অধ্যয়নৰ সম্পূৰ্ণ খৰছ  জাৰ্মান চৰকাৰেই বহন কৰিব৷

No comments:

Post a Comment