পৌৰাণিক কথাৰেঃ গীতাৰ বাণী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৌৰাণিক কথাৰেঃ গীতাৰ বাণী

পৌৰাণিক কথাৰেঃ গীতাৰ বাণী

Share This
শ্ৰেষ্ঠ কোন
- শশীমাই শইকীয়া দত্ত

শ্ৰেষ্ঠ গছ আঁহত৷ ঋষিৰ ভিতৰত শ্ৰেষ্ঠ নাৰদ৷ সিদ্ধ পুৰুষৰ ভিতৰত শ্ৰেষ্ঠ কপিল মুনি৷ গন্ধৰ্ভ সকলৰ শ্ৰেষ্ঠ চিত্ৰৰথ৷ ঘোঁৰাৰ ভিতৰত শ্ৰেষ্ঠ উচ্চৈশ্ৰৱা৷ হাতীৰ ভিতৰত শ্ৰেষ্ঠ ঐৰাৱত৷ অস্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠ বজ্ৰ৷ গাভী সমূহৰ শ্ৰেষ্ঠ কামধেনু (সুৰভি)৷ সন্তান জন্ম কাৰণ সমূহৰ ভিতৰত শ্ৰেষ্ঠ কামদেৱ৷ আৰু সৰ্প বিলাকৰ ভিতৰত বাসুকী৷ বহু ফণাযুক্ত নাগ সমূহৰ ভিতৰত শ্ৰেষ্ঠ অনন্ত৷ জলবাসী সকলৰ ভিতৰত বৰুণ৷ অনন্ত আৰু বৰুণ উভয়েই কৃষ্ণৰ প্ৰতিৰূপ৷ পিতৃ বা পুৰ্ব-পুৰুষ সকলৰো এটা বেলেগ গ্ৰহ আছে৷ তাৰ অধিপতি অযৰ্মা৷ তেৱোঁ কৃষ্ণৰ প্ৰতিভূ৷ অপৰাধী আৰু পাপী সকলক শাস্তি দিয়াৰ ক্ষেত্ৰত শ্ৰেষ্ঠ যম৷ দৈত্যৰ শ্ৰেষ্ঠ ভক্ত প্ৰহ্লাদ৷ আনক বশ কৰোতা বিলাকৰ ভিতৰত শ্ৰেষ্ঠ কাল৷ জন্তুৰ ভিতৰত শ্ৰেষ্ঠ সিংহ৷ চৰাইৰ ভিতৰত শ্ৰেষ্ঠ গৰুড়৷ 

আনক পবিত্ৰ কৰিব পৰাৰ ভিতৰত শ্ৰেষ্ঠ বায়ু৷ অস্ত্ৰধাৰী সকলৰ ভিতৰত ৰাম শ্ৰেষ্ঠ৷ সকলো বিধ মাছৰ ভিতৰত মগৰ(ঘঁৰিয়াল) শ্ৰেষ্ঠ৷ নদী বিলাকৰ ভিতৰত শ্ৰেষ্ঠ গংগা৷ অক্ষ সমূহৰ ভিতৰত শ্ৰেষ্ঠ অ বৰ্ণ৷ সমাসৰ ভিতৰত দ্বন্দ সমাস৷ ক্ষয়হীন কাল, সৃষ্টিকৰ্তাৰ ভিতৰত ব্ৰহ্মা, শাস্ত্ৰ সমূহৰ ভিতৰত সাম্যবেদৰ গায়ত্ৰী মন্ত্ৰ শ্ৰেষ্ঠ৷

মাহ বিলাকৰ ভিতৰত শ্ৰেষ্ঠ আঘোণ৷ ঋতু সমূহৰ ভিতৰত শ্ৰেষ্ঠ বসন্ত৷গান সমূহৰ ভিতৰত বৃহৎসামত্ত গান শ্ৰেষ্ঠ৷ গায়ত্ৰী মন্ত্ৰৰ উদ্দেশ্য ভগৱানক উপলদ্ধি কৰোৱাতো৷ এই গায়ত্ৰী মন্ত্ৰ পাঠ কৰিবৰ বাবে উত্তম গুণৰ অধিকাৰী হব লাগে৷ 

জুৱা খেল পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰৱঞ্চক খেল৷ 

বৃষ্ণিবংশী সকলৰ ভিতৰত শ্ৰেষ্ঠ বাসুদেৱ৷ পাণ্ডৱ সকলৰ ভিতৰত শ্ৰেষ্ঠ অৰ্জুন৷ মুনি সকলৰ ভিতৰত ব্যাস শ্ৰেষ্ঠ৷ চিন্তাশীল ব্যক্তিসকলৰ ভিতৰত শ্ৰেষ্ঠ শুক্ৰাচাৰ্য৷ দেৱতা সকলৰ ভিতৰত শ্ৰেষ্ঠ গুৰু বৃহস্পতি৷ প্ৰত্যোক বস্তুৰে একোটা কাৰণ আছে, আৰু সেই কাৰণ বা বীজটোৱেই হ’ল কৃষ্ণ৷ কৃষ্ণৰ শক্তিৰ অবিহনে কোনো বস্তু বৰ্তি থাকিব নোৱাৰে৷ সেয়ে কৃষ্ণক সৰ্ব শক্তিমান বোলা হয়৷ কৃষ্ণৰ শক্তিৰ ওপৰত বৰ্তি নথকা যি কোনো বস্তুৰে স্থিতিটোক বোলা হয় মায়া৷ (মা মানে নহয়, য়া মানে যিটো) ৷

1 comment: