নাৰী তুমি অনন্যা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাৰী তুমি অনন্যা

নাৰী তুমি অনন্যা

Share This
ভাৰতীয় ষ্টেট বেংকৰ ২০৭ বছৰৰ ইতিহাসত 
প্রথম মহিলা মূৰব্বী অৰুন্ধতী ভট্টাচাৰ্য

- অনুপমা বৰগোহাঁই

চীনদেশীয় পুৰণা আপ্ত বাক্য এষাৰ আছে “When women wake, mountain moves"। কথাষাৰ সঁচা বুলি লাহে লাহে প্রতিপন্ন হৈ আহিছে । আজিৰ মহিলাই কৰিব নোৱাৰা কাম একোৱেই নাই । কলা,বিজ্ঞান, বাণিজ্য, বেংক, প্রশাসন সকলো শাখাতে মহিলাই পুৰুষৰ সমানে বা কিছু কিছু ক্ষেত্ৰত পুৰুষতকৈ বেছিহে আগবাঢ়ি যাবলৈ সক্ষম হৈছে । ভাৰতৰ দৰে এখন দেশ, য’ত বহুলোকে জন্মৰ পূৰ্বেই কন্যা সন্তানক মাতৃগৰ্ভতে হত্যা কৰে, যৌতুকৰ নামত নিৰ্য্যাতন চলাই হেজাৰগৰাকী নাৰীক মৃত্যুক সাবটি ল’বলৈ বাধ্য কৰায় , বিবাহৰ পিছত ওৰণিৰে মুখ ঢাকি নাৰীক কেৱল স্বামী, সন্তান আৰু ৰন্ধনশালৰ চাৰিবেৰৰ মাজত জীৱন আৱদ্ধ কৰি ৰাখিবলৈ বিচাৰে - তাৰ মাজতো কিছু সংখ্যক ভাৰতীয় নাৰীয়ে সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰি নাৰী পুৰুষতকৈ যে কোনো গুণে কম নহয় আৰু সুবিধা পালে নাৰীয়ে যিকোনো ক্ষেত্ৰতে চমকপদ সাফল্য লাভ কৰিব পাৰে তাক এই পুৰুষপ্রধান সমাজত সময়ে সময়ে প্রতিপন্ন কৰি আহিছে । এনে সকল নাৰী সকলোৰে বাবে প্রেৰণাৰ উৎস !


এনে এক উদাহৰণ সৃষ্টিকাৰী নাৰী হ’ল অৰুন্ধতী ভট্টাচাৰ্য _ যি নিজকে ষ্টেট বেংকৰ ২০৭ বছৰৰ ইতিহাসত প্রথম মহিলা অধ্যক্ষা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে । ষ্টেট বেংক অব ইন্ডিয়াৰ প্রবন্ধ নিৰ্দেশক তথা মুখ্য অৰ্থনৈতিক উপদেষ্টা ৰূপে কাম কৰি থকা ৫৭ বছৰীয়া অৰুন্ধতী ভট্টাচাৰ্যই অৱসৰ ল’ব লগীয়া বৰ্তমানৰ অধ্যক্ষ প্রদীপ চৌধুৰীৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিব । ১৯৭৭ চনত ষ্টেট বেংকৰ প্রবেশ্বনেৰী অফিচাৰ হিচাপে দায়িত্বভাৰ গ্রহণ কৰা মেধাবী অৰুন্ধতী ভট্টাচাৰ্যই দেশৰ নানা গাঁৱ, চহৰ আৰু ভিতৰুৱা অঞ্চলতো নিজৰ সেৱা আগবঢ়াই আহিছে । বিগত ৩টা দশকত তেওঁ ক্ৰেডিট বৃদ্ধি, বিদেশী মুদ্রাৰ নিয়ন্ত্রণ, কোষাগাৰ বৃদ্ধি আৰু খুচৰা খন্ডৰ বিত্তীয় অপাৰেচনত কাম কৰাৰ অভিজ্ঞতা আৰু যোগ্যতা দুয়োটা অর্জন কৰিছিল । তাৰোপৰি কৰ্পৰেট বিকাশ অধিকাৰী আৰু উপ প্রবন্ধ নিৰ্দেশক হিচাপে তেওঁ বিত্তীয় সমাবেশ আৰু স্বয়ং সহায়ক গোট সমূহক বিত্তীয় সহায়তাৰ বাবে দিয়া বৃহৎ ঋণৰ লেন দেন আদিৰ দৰে বিষয়ো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সক্ষম হৈছিল । SBIৰ জেনেৰেল ইন্সুৰেন্স , Macquarie Infrastructure Fund, SBI SG Securities Ltd আদিৰ লগতে মোবাইল বেংকিং , নেট বেংকিং আদিৰ দৰে বিভিন্ন উন্নত প্রযুক্তিৰ লগত অৰুন্ধতী ভট্টাচাৰ্য জৰিত আছিল ।

চলিত বৰ্ষত কেইবাগৰাকী মহিলাই বিত্তীয় খণ্ডৰ উচ্চ পদত উপবিষ্ট হৈছে । তাৰ ভিতৰত এলাহাবাদ বেংকত শুভলক্ষ্মী পানচে , বেংক অব ইন্ডিয়াত বিজয়লক্ষ্মী আয়াৰ , ইউনাইটেট বেংক অব ইন্ডিয়াত অৰ্চনা ভাৰ্গব মুৰব্বী পদত কার্য নিবাহ কৰি আছে । 
 
অন্যহাতে ব্যক্তিগত খন্ডৰ ICICI বেংকত- চন্দা কচ্চাৰ , Axis বেংকত- শিখা শৰ্মা মুৰব্বী হিচাপে অধিষ্ঠিত হৈ আছে । তেনেদৰে ৰিজাৰ্ভ বেংকত উচ্চ পদত থকা দুগৰাকী মহিলা হ’ল শ্যামলা গোপীনাথ, কে. জে. উদেচী আৰু উষা থৰাট !!

অৰুন্ধতী ভট্টাচাৰ্যকে ধৰি এই সকল মহিলাই নিজৰ নিজৰ গুৰু দায়িত্ব সফলতাৰে পালন কৰি দেশৰ বিত্তীয় খণ্ডলৈ বৃহৎ সাফল্য কঢ়িয়াই আনক ! লগতে তেওঁলোকৰ এই উত্তৰণৰ দৃষ্টান্তই বহু লোকৰ নাৰী জাতিৰ প্রতি থকা বৈষম্যমূলক ভাবধাৰাসমূহ আঁতৰ কৰাতো সহায়ক হওঁক !
--------------------------------------------------------------------------
লেখিকা নয়ডা নিবাসী সচেতন সু-মাতৃ তথা অৰ্থনীতি বিষয়ক সুখ দুখৰ নিয়মীয়া স্তম্ভ লেখিকা৷

No comments:

Post a Comment