পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

সুখৰ খবৰঃ
১. ঘোষিত হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাঃ শৰীৰৰ কোষৰ পৰিবহন ব্যৱস্থাক লৈ কৰা গৱেষণাৰ বাবে দুজন আমেৰিকান আৰু এজন জাৰ্মান গৱেষক  থমাছ ছাড’ফ, জেমছ ৰথমেন আৰু ৰেণ্ডী চেকমেনলৈ আগবঢ়ালে এই বঁটা ৷
দুশ সাত বছৰীয়া ইতিহাসত ভাৰতীয় ষ্টেট বেংকৰ
অধ্যক্ষ পদত প্ৰথম গৰাকী মহিলা অৰুন্ধতী ভট্টাচাৰ্য
২. ডিব্ৰুগড়ৰ আবৃত্তি ও এংকৰিঙৰ বিদ্যায়তনিক প্ৰশিক্ষণ কেন্দ্ৰ আকাংক্ষাই শিল্পী পুলক বেনাৰ্জীলৈ আগবঢ়ালে "আকাংক্ষা জীৱনজোৰা সাধনা বঁটা"৷ সেই অনুষ্ঠানতে উন্মোচিত হ’ল কবিৰাণী কাক্কাৰ গোস্বামীৰ কবিতাৰে চৈয়দা মাছহুদা ৰহমানৰ একক কণ্ঠৰ আবৃত্তিৰ শ্ৰব্য সঁফুৰা "কিনো বেদনাত আকাশে কান্দে"৷

৩. পালি ভাষাৰ প্ৰসিদ্ধ পণ্ডিত তদন্ত শাসনবংশ মহাথেৰলৈ আগবঢ়োৱা হৈছে ২০১২বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাঃ আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাই৷

৪. নাৰায়ণপুৰত উন্মোচিত হ’ল গৌৰীপ্ৰসন্ন ভৰালীৰ "শিকো আঁহা কবিতাৰে গণিত আৰু বিজ্ঞান" শীৰ্ষক গ্ৰন্থঃ নাৰায়ণপুৰ কাব্য কাননৰ মাহেকীয়া বৈঠকত হোৱা " সাহিত্য আৰু আপুনি" শীৰ্ষক অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰিলে বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ ৰাজেন্দ্ৰ সভাপণ্ডিতে৷

৫. উদ্যোগী সমাজ, অসমৰ লখিমপুৰৰ দ্বাৰা প্ৰকাশিত আৰু জাহ্নৱী গগৈৰ দ্বাৰা সন্পাদিত অৱসৰ-প্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ জীৱনীগ্ৰন্থ "অৱসৰ মহাশয়"ৰ পঞ্চম খণ্ড হ’ল উন্মোচিতঃ উন্মোচিত হ’ল মাজুলীৰ গড়মূৰৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী উচ্চ মাধ্যমাকি বিদ্যালয়ত৷

৬. অহা ২৬-২৭ ডিচেম্বৰত মৰাণ নাট্য সমাজে মৰাণ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজন কৰিছে সদৌ অসম ভিত্তিক এখন একাংকিকা নাট প্ৰতিযোগিতাৰ ৷

৭. ৰতন টাটালৈ আমেৰিকাৰ নেচনেল একাডেমী অৱ ইঞ্জিনিয়াৰিঙে আগবঢ়ালে সন্মাজনক সভ্য পদ৷

৮. ছিৰিয়াত আৰম্ভ হ’ল ৰাষ্ট্ৰসংঘৰ অস্ত্ৰ পৰিৰ্শকৰ দলে চিনাক্ত কৰা ৰাসায়নিক অস্ত্ৰৰ ধ্বংস প্ৰক্ৰিয়া৷

৯. ধেমাজিতো জিলা সাহিত্য সভাৰ উদ্যোগত পালন কৰিবলৈ আয়োজন কৰিছে সাহিত্যৰথীৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীঃ শুভাৰম্ভ হ’ব অহা ১৪ অক্টোবৰত৷

১০. বাংলাদেশৰ সৈতে স্বাক্ষৰিত হ’ল বন্দী প্ৰত্যৰ্পণ চুক্তিঃ অনুপ চেতিয়াৰ প্ৰত্যৰ্পণ হ’ল নিশ্চিত৷

১১. কলগেট ডেণ্টেল ক্ৰিম অফাৰেৰে কোম্পানীয়ে আগবঢ়াইছে দুশ ছাত্ৰ-ছাত্ৰীলৈ এক লাখ টকা পৰ্যন্ত জলপানিঃ অসমৰ শিলচৰৰ বিশাল ভৌমিকক প্ৰথম বিজেতা ৰূপে কৰিলে ঘোষণা৷

১২. দলগাঁৱত টেট’ শিক্ষয়িয়্ত্ৰীৰ ধৰ্ষণৰ ঘটনাত নিজা ববীয়াকৈ গোচৰ ল’লে অসম ৰাজ্যিক মহিলা আয়োগে৷

১৩.পৃথক ৰাজ্য গঠনেই সকলো সমস্যাৰ সমাধান সূত্ৰ নহয় বুলি মত প্ৰকাশ কৰিলে জে বি কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী ডঃ বলীন হাজৰিকাইঃ শিৱসগাৰ কলেজত হৈছিল এই বক্তৃতানুষ্ঠান৷

১৪.দিল্লীত অহা ৩০  অক্টোবৰত আয়োজিত হব "ধৰ্ম-নিৰপেক্ষ দল"ৰ অভিবৰ্তনঃ বাওঁপন্থীক লৈ তৃতীয় মৰ্চা গঠনৰ কুচ-কাৱাজ আৰম্ভ কৰিছে মুলায়ম সিং আৰু শাৰদ যাদৱে৷ 

১৫. বৰঝাৰ বিমান বন্দৰে আহমেদাবাদ বিমান বন্দৰৰ সতেই শাৰী পোনাই লাভ কৰিলে দেশৰ অন্যতম শ্ৰেষ্ঠ বিমান বন্দৰৰ স্বীকৃতি৷

No comments:

Post a Comment