প্ৰতিভূ দত্তৰ কলমতঃ
যুঁজ
যুঁজ
এতিয়া ৬ টকা হ’ল গৈ ৷ আৰম্ভ কৰোতে ২৫ পইছামান আছিল নেকি জানো ? পাহৰিলো ৷
প্ৰায় ২৭/২৮ বছৰমান আগৰ কথা ৷ ২৫ পইছাৰে কমলৰ পান দোকানৰ পৰা কিনি আনো এটা উইলছ ফিল্টাৰ ছিগাৰেট ৷ তাৰ পাছত কোন এক গোপন ঠাইলৈ গৈ তিনি-চাৰিজন লগ হৈ ছিগাৰেটটো হুপিবলৈ লওঁ ৷ তেতিয়া আমি হাইস্কুলৰ ওপৰৰ শ্ৰেণীত পঢ়ো ৷ ছিগাৰেট হোপা মানে ধোৱাহে উৰুৱাইছিলো ৷ কোনো ধৰণৰ আমেজ পাইছিলো নে নাই মনত নাই, কিন্তু এটা নিষিদ্ধ কাম কৰাৰ আনন্দ নিশ্চয় পাইছিলো ৷
তাৰ পাছত আহি কলেজ হোষ্টল পালো ৷ আমাৰ কেইজনমানৰ বাবে ৰাতি ভাত খাই উঠি কোনোবা এটা ৰূমত সোমাই ছিগাৰেট হোপাটো সেই সময়ত এটা নিয়মৰ দৰে হৈছিল৷ সাধাৰণতে আমি উইলছ ফিল্টাৰ ছিগাৰেটেই হুপিছিলো যদিও ৰিজেন্ট কিং, পানামা, ছাৰমিনাৰ, কাপছতান আদি ছিগাৰেটো মাজে মাজে নোহোপা নহয় ৷
হাইস্কুলৰ ওপৰৰ শ্ৰেণীত পঢ়া দিনবোৰত যেনেকৈ ছিগাৰেট হোপা মানে মোৰ বাবে ধোৱা উৰুৱা আছিল কলেজ হোষ্টল পোৱাৰ পাছতো মই ছিগাৰেট হুপি ধোৱাহে উৰুৱাইছিলো ৷ বিশেষ একো আমেজ নাপাইছিলো ৷ এদিন পাছে সকলো সলনি হৈ গ’ল ৷ কেনেকৈ কি হ’ল নাজানো কিন্তু হঠাতে অনুভৱ কৰিলো মই দেখোন ছিগাৰেট হুপি বৰ আমেজ পাইছো, গাটো কিবা কিবিখন লাগিব ধৰিছে ৷
সেয়াই আৰম্ভণি ৷ ১৯৮৭/৮ চন মানৰ কথা হ’ব ৷ উইলছ ফিল্টাৰ নহ’লে থাকিব নোৱাৰা হ’লো ৷ কিমান উইলছ ফিল্টাৰ হুপিলো তাৰ হিচাব নাই ৷ মাজে মাজে এৰিবলৈ যত্ন নকৰা নহয় ৷ কৰিছো যত্ন ৷ পাছে সেই বিখ্যাত উক্তি, ‘‘ছিগাৰেট এৰিবলৈ বৰ সহজ, মই জীৱনত ১২০০ বাৰ এৰিছো’’ দোহাই দি প্ৰতিবাৰেই হেলাৰঙে পহৰি পেলাইছো যে ‘‘মই ছিগাৰেট এৰিছো ৷’’ কেতিয়াবা ছিগাৰেট এৰি মাথো এদিনমানহে থাকো, কেতিয়াবা তাতোকৈ বেছি দিন ৷ দুবাৰমান কেইবা মাহ ছিগাৰেট এৰি আছিলো ৷
এইবাৰ পাছে একেবাৰে এৰিলো ৷ এইবাৰ মই মোৰ বাবে ছিগাৰেট এৰা নাই ৷ এইবাৰ ছিগাৰেট এৰিছো মোৰ ছোৱালীজনীৰ বাবে ৷
প্ৰতিটো দিনেই মোৰ বাবে এখন যুজ ৷
‘‘মাথো এবাৰ, মাথো এটা ছিগাৰেট, মাথো এটা হোপা…….. ৷ তাৰ পাছত জীৱনলৈ ছিগাৰেটৰ ফালে ঘুৰি নাচাও ৷’’
সাংঘাতিক প্ৰলোভন !
‘‘কোনেনো দেখিব ? কোনেনো গম পাব ? মাত্ৰ এটা হোপা ……………৷’’
উস্ সাংঘাতিক প্ৰলোভন !
পাছে প্ৰত্যেক বাৰেই ময়ে জয়ী হৈছো ৷
প্ৰত্যেকবাৰেই প্ৰলোভন অহাৰ লগে লগে মোৰ চকুৰ আগত ভাহি উঠিছে মোৰ ছোৱালীজনীৰ হাঁহি থকা মুখখন ৷
এইবাৰ হাৰিব নোৱাৰে, হাৰিলে হয়তো হাৰি যাম জীৱনৰ সৈতে ৷
মোৰ বৰ প্ৰিয় এই কথাখিনি
ReplyDelete