তিতা-টেঙা (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তিতা-টেঙা (হাস্য ব্যংগ)

তিতা-টেঙা (হাস্য ব্যংগ)

Share This
সীতাৰাম ৰকচ চকীয়া বাবু চকচ : 
- দেৱজিত শইকীয়া
কানৰ কাষৰ চুলি কেইডাল দীঘল হৈ মাইকী মানুহৰ দৰে বতাহত যেই উৰিব লাগিল, আৰু পিচ ফালৰ কেইডাল কেকোঁৰা হৈ ভাওনাৰ ভাৱৰীয়াৰ মুকুটৰ পিচ ফালে লাগি থকাৰ দৰে যেতিয়া উলমিবলৈ লাগিল, মই বোলো নাই সীতাৰামৰ দ্বাৰা গুৰি চপায় কটোৱাই লোৱাই ভাল ।কথামতে কাম, গৈ বহি দিলো সীতাৰামৰ ওখ চকী খনত ।

সীতাৰামে বোলে চকীয়াবাবু আজকলটো আপনি ফেচবুকত হিৰ’ বনি গৈছে, দে ধনাধন কাহানী কে কাহানী লিখি আছে । মই বোলো তই কেনেকৈ জানিলি ? 

খৈনি খিনি মুখত ভৰাই ক’লে, হামৰা ভি একাউন্ট আছে না ।
মই বোলো তই ফেচবুকত কি কৰ’? 
সি ক’লে চকীয়াবাবু জমানা বহুত চলনি হৈ গ’ল, আজকল পেপাৰ উপাৰত নিউজ পঢ়ি কি লাভ, আগৰদিনা টিভিমে যি নিউজ দিব চেই বিলাকে পিছদিনা আকৌ পেপাৰ ভি দিব । অউৰ টিভিকাটো কথাই নাই ক’হিব, চিৰিয়েল মাফিক মুজিক দি কেনে একতা কথা চিল্লাই চিল্লাই দচ বাৰ ক’হিব, এনকা লাগে কি টিভিৰ পৰা উলাই কিনে আহি চুলত ধৰি জকাৰি জকাৰি শুনাব, চুন চুন, আমাৰ নিউজ চুন । আৰু একটা অচমীয়া নিউজ চেনেলমে যদি কহে কি শৰ্মাচাহাব ভাল আছে আন চেনেল কহিব’ নাই খাৰাব আছে ।একটা মে যদি কহে কি গগে চাহাব ভাল আছে আন চেনেল কহিব’ নাই খাৰাব আছে । হামি কি মন্দিৰ কে ঘন্টা আছে, যিহেভি যি কহিব মানি ল’ম, নিউজ দেখিলৈ ফিৰ আপনিকে ডিমাগ ল’গাব লাগিব কি কোনটো চহি আচে আৰু কোনটো গলত, কনফিউজড হৈ যাও চকীয়া বাবু, উচচেটো আটছা হামাৰ ফেচবুক আছে, গ’হাটি মে ভু কম্প আহিব টো তেজপুৰ পহিচনে চে পহিলে পহিলে ফেচবুকমে স্টেটাচ পাই যাব কি “ভুকম্প আগেল’ হ’,আৰু কিচকা ঘৰ মে চুড়াকৰন হে, মুণ্ডন হে চব টাজা খবৰ পাই যাও না ।অউৰ চুলি কে কি ডিজাইন মাৰকেটমে চলি আছে ফেচবুকমে ফটো দেখি কিনে চমজি যাও না, টেকন’লজি আছে ইচটেমাল কৰিব লাগে ।

 মই বোলো বাহ দুনিয়া বাহ, বাৰু সীতাৰাম তই মোৰ কাহানি লিখা কথা কেনেকৈ জানিলি ? সি বোলে হাৰে আপনি কি মানুচ আছে হ’? দু মহিনা পহিলেটো আপনিয়ে মোক ফ্ৰেন্দ ৰিকুৱেষ্ট ভেজিছিল । মই ভেবা লাগি মূৰটো বেঁকা কৰি তাৰ ফালে চালো, সি আকৌ জোৰৰে মোৰ মুৰটো চিধা কৰি চুলি কটাত লাগিল ।

মই বোলো, কিন্তু মোৰ কোনো সীতাৰাম বুলি বন্ধু নাই । সি ক’লে,  অ’ সেই কথা…. আপনি হামনিকে ধৰিব’ পৰা নাই, অই যে একটা ছোৱালী ফুল লৈ কিনে দিয়া ফটো আছে, “চুইট ৰিয়া”, সেইটো টো হামনিয়েই হ্য়। একটা দষ্ট বনাই দিছে । হামি ইমান কহিছে কি ভাই লড়কি কে ফটো কিয় দিছ’ আৰু দিছ দিছ ভাই হামাৰ সীতাৰাম নাম দে,…. সি কহিছে কি,… অই বিহাৰি, লড়কি কে ফটো নিদিলে আৰু তোৰ সীতাৰাম নাম দিলে তোৰ মাইকি ভি তোক লাইক নাই মাৰিব, অউৰ কোনে ভি তোৰ ৱালত মুটিব ভি নাই আহিব, তেতিয়া তই চমজিভি । মৰদ হৈ কিনে ফেচবুকত মাইকি বনি হামনিকে পহিলে পহিলে অলপ বেয়া ভি লাগিছিল, চব চালা মৰদ বোৰে হামাক আই লাভ ইউ ক’হে, পৰন্ত পিছত দেখিলো বহুত আটচা আচে, হামাৰ দেচত থকা ছোতা ৱালা জোঁৱাই ভী এক দিন হামনিকে একাউন্টমে আই লাভ ইউ কহিছিল, দেচ গৈ কিনে কান কে নিছে এ বৰা বৰা দুটা দিছো নহয় চকীয়া বাবু, বোলো দহেজ মে দিয়া হাজাৰ ৰুপিয়া ম’বাইলকে ই ইস্টেমাল কৰিছ’? 

মইও তাৰ কথা শুনি অলপ পেটে পেটে ভয় খালো ।অসমীয়াত কবিতা লিখি লিখি ইমান “চুইট ৰিয়া”ক টেগাই থাকো, উত্তৰ নোপোৱাৰ কাৰণটো আজিহে গ’ম পালো ।তাৰ কেচি খন আনি তাৰেই চুলি কেইডাল কাটি দিব মন গৈছিল পিছে তাৰ আগতেই তাৰ কথা খিনিৰেই মোৰ নাকটো কটা গ’ল। সি মোৰ কথা কি ভাবিছে চাগৈ ? নাকটো মোহাৰি মই ক’লো মই নহয় অ’ টোৰ ভৌজিয়ে ছোৱালী বুলি তোলৈ ৰিকুৱেস্ট পঠাইছিল চাগে আৰু তেওঁৱেই কবিতা লিখি প’ষ্ট কৰে মোৰ একাউন্টত ।

সি বোলে কি কয় চকীয়া বাবু ভৌজি কবিতা উবিতা ভাল নাই পাই, হামনি জানেটো, মোৰ অউৰ একটা “এচ. ৰাম” নাম কে মৰদৱালা একাউন্ট আচিল পহিলে পহিলে, , ভৌজি হামাৰ ফ্রেন্ড আছিলটো, একবাৰ একটা ইংলিছ মে লিখা কবিতা লাল গোলাপ কে চাথ ভৌজিক দিছিলো, ইটনা গালি দিলে, ইটনা গালি দিলে, হামনি উচ দিন চে আজটক অ’ একাউন্ট ইস্টেমাল কৰা নাই ।বাদ মে কই হামনিকে ব’লা কি উচ দিন ছোটা ছোটা বাট্চাকে কই ট্যহাৰ থা । মই বোলো ভেলেন্টাইন ডে……ফেচবুকত লগত লগত এটা স্টেটাচ আপডেট কৰিলো “সীতাৰাম ৰকচ চকীয়া বাবু চকচ” ফিলিং ৰিলিফ……..

1 comment: