আজিৰ শিক্ষকৰ কলমত... - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ শিক্ষকৰ কলমত...

আজিৰ শিক্ষকৰ কলমত...

Share This
অঘাইটং ছাত্ৰৰ স্কুলীয়া দিনৰ ফ্লাচ্ বেক... 
-দেৱজিত শইকীয়া

শ্ৰেণীকোঠাৰ শেষৰ বেন্সত বহি আৰু এক দুই বছৰ খৰচি মাৰি একেটা শ্ৰেণীতে পঢি লওঁ বুলি ভবা আমাৰ এটি চাৰিজনীয়া গ্ৰুপ আছিল৷ চাৰ বাইদেউ সকলে যে এচাৰি ডাল আমাৰ নামতে ঘৰত বনাই আনে আমি নকলেও ভাল দৰে জানিছিলো৷ পঢ়াই থাকি বুজিছনে বুলি সুধিলে কিন্তু হয় ছাৰ শব্দতো আমাৰ মুখত আখৈ ফুতাদি ফুটিছিল, পিছে ওলোটাই সুধিলেহে অলপ টান পাইছিলো ৷
কাৰণ ছাৰসকলে তেতিয়া মুখৰে কম আৰু বেতেৰে বেছিকৈ বুজাইছিল৷

প্ৰথম পিৰিয়ডতে নিজৰ টিফিন শেষ কৰি লেজাৰৰ বেল পৰালৈ প্ৰায় ওচৰ -পাজৰৰ বেন্সৰ সতীৰ্থৰ টিফিন আমাৰ পাকস্হলিত হজম হৈছিল৷ লেজাৰৰ পিচৰ পিৰিয়ডত গোচৰীয়া পক্ষৰ শুনানি শুনাৰ পিচত আমাৰ হজমী শক্তি বঢাবলৈ ছাৰ বাইদেউ সকলে আঠু কঢ়াই ৰাখিছিল৷

কিয় জানো ছাৰ বাইদেউ সকলক কপিল দেব চাৰ, বগলী বাইদেউ, অগ্নি শৰ্মা ছাৰ আদি নামেৰে নামাকৰণ কৰি কিয় ভাল লাগিছিল? আটাইতকৈ বিৰক্তি দায়ক কামটো আছিল বৰ্ডলৈ যদি আমাক ভূলঃবশত মাতি অংক কৰিব বা ইংৰাজী অনুবাদ কৰিবলৈ দিয়াতো৷ কাৰণ স্কেল বা বেতৰ কঠিন স্পৰ্শ যাৰ দেহৰ কোমল অংশত পৰে সিহে বুজি পায় পিচদিনা স্কুল যাবৰ সময়ত গা ধুতে কিমান চেকচেকাই!  তথাপি চাৰসকলে নেৰে, এক প্ৰকাৰ যেন শপত খাইহে থৈছে আমাক মানুহ বনোৱাৰ! এজন শ্ৰেনী শিক্ষকেটো কৈয়ে পেলাইছিল হয় তহঁত গৰু কেইটাক মানুহ বনাম নহলে মই মাষ্টৰীয়েই এৰি দিম! আমাৰ বেয়াও লাগিল চাৰে যদি
সঁচাকৈয়ে আমাৰ বাবে স্কুল এৰি দিয়ে? আকৌ নতুন চাৰ জন যদি এইজনতকৈও কাঢ়া হয়!

তাতকৈ অলপ পঢ়া-শুনা কৰিবলৈকে চেষ্টা কৰি চোৱা যাওক নেকি? বহু উত্তৰ বিচাৰি নোপোৱা প্ৰশ্নই হেঁচা মাৰি ধৰাত যি হব হব আৰু বুলি চাৰক স্কুলত ৰাখিবৰ বাবেই আমি পঢ়া আৰম্ভ কৰিলো৷ চাৰৰ বাবে পঢ়োতে পঢ়োতে বোজা যেন লগা পঢ়াশুনা বস্তটো কিবা ভাল লগা হৈ পৰিল!

কিয় জানো বেত নামৰ অস্ত্ৰপাটো চাৰসকলৰ হাতত সঘনাই নেদেখা হ’লো৷ গৰু গাধা শব্দবোৰো চাৰে আমাৰ ক্ষেত্ৰত প্ৰায় ব্যবহাৰ নকৰা হ’ল.....

আজি শিক্ষক দিৱস৷ পিচে আমাৰ গ্ৰুপৰ প্ৰতিজন সদস্যৰ বাবে প্ৰতিদিনেই শিক্ষক দিৱস, কাৰণ হাতুৰিৰে পিতি লোহাক নাঙলৰ ফাল বনাই খেতি পথাৰৰ বাবে উপযুক্ত কৰি তোলাৰ দৰে আমাৰ দৰে অজক নিজৰ ভৰিত ঠিয় দিব পৰাকৈ 
উপযুক্ত কৰাৰ উপৰিও সমাজত মানুহ বুলি চিনাকি দিয়াৰ যোগ্যতা আনি দিলে তেখেত সকলক শ্ৰদ্ধা জনাবলৈ আমাক কোনো এটা বিশেষ দিন নালাগে৷ সেই শ্ৰদ্ধা সদায়েই আছে৷

তথাপি আজিৰ আনুষ্ঠানিক শিক্ষক দিৱসৰ এই পবিত্ৰ দিনত 
প্ৰতিজন শিক্ষাগুৰুৰ চৰণত প্ৰণাম জনাইছো আৰু তেখেতসৱৰ সু-সাস্হ্য তথা দীৰ্ঘায়ু কামনা কৰিছো৷
--------------------------------------------------------------------
লেখক তেজপুৰ নিবাসী তথা চিএনবি কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰৱক্তা

2 comments:

  1. স্কুলীয়া দিনবোৰলৈ মনত পেলাই দিলেহে...

    ReplyDelete