পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. শিশুৰ প্ৰতিভা বিকাশৰ বাবে অসম সাহিত্য সভাই গ্ৰহণ কৰিছে আঁচনিঃ কুৰিটা শিতানেৰে সমৃদ্ধ হৈ অহা ২০ অক্টোবৰত প্ৰকাশ পাব সাহিত্য সভাৰ শিশু আলোচনী কুঁহিৰ প্ৰথম সংখ্যাঃ সম্পাদনাৰ দ্বায়িত্ব প্ৰদান কৰা হৈছে  শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ৰণজিৎ ৰঞ্জন তামুলীক৷
বিশ্ব গঁড় দিৱসত গঁড় সংৰক্ষণৰ দাবীৰে
ইণ্ডোনেচিয়াৰ জাকাৰ্টাত প্ৰকৃতি প্ৰেমীৰ প্ৰদৰ্শন

২. তেজপুৰত মঞ্চস্থ হ’ল কামৰূপীয় সনাতন ধৰ্মমণ্ডলীৰ কামৰুপী উপভাষাৰ নাটক "উৰাৰেদি যায় উৰাণ জাহাজ": অনুষ্ঠানত ভাগ লৈ প্ৰবীণ অভিনেতা অৰুণ নাথে ৰোমন্থণ কৰিলে পুৰণি দিনৰ স্মৃতি৷

৩. নতুন দিল্লীত হব লগা ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰকল্প প্ৰতিযোগিতালৈ নিৰ্বাচিত হ’ল দৰঙৰ দুই ছাত্ৰঃ লোকপ্ৰিয় উচ্চতম মাধ্যমিক বিদ্যালয়ৰ মইদুল ইছলামৰ "বালি, চাউল, হালধি, মচলা গুড়ি চালিব পৰা চিভিং মেচিন" আৰু বোনমাঝা উচ্চ মাধ্যমিকৰ আজিজুৰ ৰহমানৰ "বাঁহৰ দৈ তোলা" যন্ত্ৰৰ আৰ্হিয়ে ৰাজ্যিক পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হয়৷


৪. বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ শৰ্মাক শ্ৰীশ্ৰীমথুৰা দাস বুঢা আতা বঁটা আৰু হৰেকৃষ্ণ মহন্তক সত্ৰভূষণ উপাধি প্ৰদানঃ অনুষ্ঠানত অংশ লৈ হোমেন বৰগোহাঞিদেৱে ক’লে- "বৰ্তমান পাপ সমুদ্ৰৰ মাজত বৰপেটা পুণ্য দ্বীপ হিচাপে বৰ্তি আছে"৷

৫. ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধি ১০শতাংশঃ প্ৰৱল মূল্যবৃ্দ্ধিৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীক এইবাৰ কেন্দ্ৰীয় চৰকাৰত সমহাৰত মৰগীয়া বানচ বৃদ্ধি কৰিবলৈ বাধ্য হ’ল অসম চৰকাৰ৷

৬. অৱশেষত দাখিল হ’ল অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশনৰ হিচাপঃ ৰাহি ধনেৰে ডঃ ভূপেন হাজৰিকাৰ স্মৃতিসৌধ নিৰ্মাণৰ বাবে গ্ৰহণ কৰিলে সিদ্ধান্ত৷

৭. অসমীয়া উদীয়মান শিল্পী প্ৰয়াস মজুমদাৰে সংগীত তথা কণ্ঠৰে সজোৱা হীৰেন ভট্টাচাৰ্যৰ গীতৰ মিউজিক ভিডিঅ’ আন্তৰ্জাতিক সংগীতৰ ৱেব পৰ্টেল ভিভো যোগে প্ৰচাৰ কৰিবলৈ কৰিলে নিৰ্বাচিতঃ বৰ্তমান শিল্পী গৰাকী একক এলবামেৰে অসমৰ সংগীত জগতলৈ অৰিহণা যোগোৱাৰ কামত ব্ৰতী হৈ থকাৰ খবৰ পোৱা গৈছে৷

৮. শিৱসাগৰত আজি ডঃ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতিয়ে ২০১৩চনৰ ময়িদুল ইছলাম সাহিত্য বঁটা প্ৰদান কৰিছে ডঃ পীতাম্বৰ দেৱ গোস্বামীকঃ তৰুণ সংঘ ৰিডিং ক্লাৱত এই বঁটা প্ৰদান কৰিব অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহদেৱে৷

৯. নগাঁৱত আনন্দৰাম ঢেকিয়াল ফুকনৰ ১৮৫তম জন্মজয়ন্তী উপলক্ষে আয়োজিত হ’ল "বিজ্ঞানক জনপ্ৰিয় কৰিব পাৰিনে" শীৰ্ষক স্মাৰক বক্তৃতাঃ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত এই বক্তৃতা প্ৰদান কৰিলে জনপ্ৰিয় বিজ্ঞান লেখক ডঃ দীনেশ চন্দ্ৰ গোস্বামীয়ে৷

১০. বিশিষ্ট উদ্ভিদ বিজ্ঞানী, চাহ বিজ্ঞানী তথা লোক সংস্কৃতিৰ গৱেষক ডঃ আনন্দ চন্দ্ৰ দত্তক যোৰহাট জিলা সাহিত্য সভাই কালি প্ৰদান কৰে "যোৰহাট ৰত্ন" উপাধিঃ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই উপাধি৷

১১. শিৱসাগৰৰ কৰ্মযোগী ভুৱন চন্দ্ৰ গগৈ মেম’ৰিয়েল অসম পলিটেকনিক ইনষ্টিটিউটত কালি মাধ্যমিক বিদ্যায় সমূহৰ মাজত এক ৰাষ্ট্ৰীয় লোকনৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়ঃ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে৷

১২. কেকোঁসাপৰ ব্যৱসায়ৰ বাবে সাপ কিনিবলৈ গৈ সেনাৰ জালত পৰিল মহিলাসহ চাৰিজনঃ গোৰেশ্বৰত এইদৰে গ্ৰেপ্তাৰ হ’ল ভূটানৰ নাগৰিক৷

১৩. বৰপেটা সত্ৰত শ্ৰীশ্ৰীমথুৰা দাস বুঢ়া আতাৰ কীৰ্তন মহোৎসৱঃ ঘোষা কীৰ্তন আৰু ব্যাস কীৰ্তনৰ পাছতে নহাটীৰ বাপুসকলে ধৰ্মীয় শোভাযাত্ৰাৰে "কৰ ভাৰ" প্ৰদান কৰিব৷ কীৰ্তন মহোৎসৱ উপলক্ষে বৰপেটাত অৰ্ধছুটি ঘোষমা কৰিলে উপায়ুক্তই৷

১৪. শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ স্বৰ্ণজয়ন্তী বৰ্ষঃ ২৭ ছেপ্তেম্বৰত আৰম্ভ হব শুভ উদ্বোধনী অনুষ্ঠান হ’ব শিৱসাগৰৰ আমোলাপট্টিৰ হিন্দু মহাসভা নামঘৰ প্ৰেক্ষাগৃহত৷ শুভ উদ্বোধন কৰিব ইমৰাণ শ্বাহ দেৱে৷ সন্মানিত অতিথিৰূপে শ্ৰীমন্ত শংকৰ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্ত, অসম সত্ৰ মহাসভাৰ সভাপতি লীলাকান্ত মহন্ত আৰু আছুৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে অংশগ্ৰহণ কৰিব৷

১৫. দুৰ্গাশক্তি নাগপালৰ বিতৰ্কিত নিলম্বন অৱশেষত প্ৰত্যাহাৰ কৰিলে উত্তৰ প্ৰদেশ চৰকাৰেঃ বিষয়া গৰাকীয়ে মুখ্যমন্ত্ৰীক লগ ধৰি ক্ষমা খোজাৰ পাছতে এই প্ৰত্যাহাৰৰ নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে৷

No comments:

Post a Comment