পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. আজি ৰাজ্যজুৰি উদযাপিত হৈছে অভিৰুচি ক্ৰীড়া দিৱসঃ অৰ্জুন বঁটা বিজয়ী তথা আজি ৭৭বছৰত ভিৰ দিব লগা অসমীয়া দৌৰবিদ ভোগেশ্বৰ বৰুৱা জন্মদিনটোত সমূহীয়া দৌৰ আৰু অন্যান্য কাৰ্যসূচীৰে ক্ৰীড়া জনপ্ৰিয়কৰণৰ অৰ্থে এই দিনটো পালিত হৈ আহিছে৷
২. সংৰক্ষিত প্ৰজনন প্ৰকল্পৰ অধীনত গুৱাহাটী চিৰিয়াখানাত জন্ম হ’ল গঁড় পোৱালিঃ চেণ্ট্ৰেল জু অৱ ইণ্ডিয়াৰ ৬৪লাখ টকীয়া সাহাৰ্যৰে আৰম্ভ হোৱা এই প্ৰকল্পত সোণালী বান্দৰ, সোণালী মেকুৰী, ময়ুৰ আদিৰো প্ৰজনন প্ৰক্ৰিয়া আৰম্ভ কৰি সফলতা লভাৰ সুখবৰ৷

৩. নিৰ্বাচনৰ দিন ঘোষিত হ’ল সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ দিনঃ দুটা পৰ্যায়ত মিচিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন, ৩০ছেপ্তেম্বৰত সোণোৱাল কছাৰী পৰিষদৰ ভোট গ্ৰহণ৷
আসোঁৱাহ পূৰ্ণ তথ্যৰে মিচিং স্বায়ত্ত শাসিত
পৰিষদৰ নিৰ্বাচনৰ বিৰোধিতাৰে সমজুৱা মুণ্ডন

৪. অহা মাৰ্চ মাহৰ ভিতৰত অসমৰ প্ৰাথমিক বিদ্যালয় সমূহৰ বাবে হব নতুনকৈ শিক্ষক নিযুক্তিঃ ১৫হাজাৰ পদৰ নিযুক্তিৰ পথ হৈছে প্ৰশস্ত৷ 

৫. ভাৰতীয় বায়ুসেনা বাহিনীত অন্তৰ্ভুক্ত হ’ল জি-১৭ গ্লৱমাষ্টাৰ-৩ নামৰ আমেৰিকাত নিৰ্মিত বৃহৎ পৰিবহন বিমানঃ সীমান্তলৈ টেংককে ধৰি ৮০টন ওজন আৰু ১৫০ সুসজ্জিত সেনা কঢ়িয়াই নিব পৰাৰ প্ৰদান কৰিব সক্ষমতা ৷

৬. গুণগত শিক্ষাৰ বাবে শিক্ষকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়েঃ শিক্ষামন্ত্ৰীৰ সতে বহি সৰ্বশিক্ষাৰ কাম কাজৰ কৰিলে পৰ্যোলোচনা৷

৭. অসমীয়া চলচিত্ৰ কমেও তিনি সপ্তাহ প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰিব লাগে বুলি দাবী তুলিলে অসম গণ পৰিষদে৷

৮. চলি আছে কটন কলেজৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসৰ শতবৰ্ষ উৎসৱৰ প্ৰস্তুতিঃ অহা ৮ছেপ্তেম্বৰত “ছেকেণ্ড মেছ”ৰ প্ৰীতি সন্মিলন৷

৯. গুৱাহাটী বিশ্ববিদ্যালয়ত “ডেভেলপমেণ্ট এণ্ড নাৰ্ছাৰিং অৱ ইমাৰ্জিং ইণ্টাৰফেচ বিটুইন মেডিকেল ছায়েন্স এণ্ড বায়’টেকন’ল’জী” শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গোলাম নবী আজাদেঃ প্ৰতিৰোধ-প্ৰতিষেধকৰ ওপৰত গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীয়ে জনালে আহ্বান৷

১০. অসমত ডেংগুৰ বৰ্ধিত ঘটনাক লৈ ৰাজ্য সভাত সৰৱ ভূমিকা ল’লে অগপৰ সাংসদৰ বীৰেন্দ্ৰ কুমাৰ বৈশ্য দেৱেঃ মহামাৰী ৰূপ লোৱাৰ আগতেই কেন্দ্ৰীয় চৰকাৰৰ পৰা তেখেতে দাবী কৰিলে হস্তক্ষেপ তথা প্ৰয়োজনীয় আহিলাপাতি যোগানৰো

১১. বিধান সভাত উত্থাপিত হব নতুন বিধেয়কঃ ষষ্ঠ অনুসূচী বৰ্হিভূত স্বায়ত্ত শাসিত পৰিষদ সমূহৰ পৰা ভূমিৰ অধিকাৰ কৰ্তনৰ কৰাৰ ব্যৱস্থা হব বুলি প্ৰকাশ কৰিলে মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে৷

১২. আয়ৰ লগত সামজঞ্চ্য নাই সম্পত্তিৰঃ ৪.৫কোটি টকা জব্দ কৰিলে কৰ্ণাটক আৰক্ষীয়ে ২১ গৰাকী চৰকাৰী বিষয়াৰ ঘৰৰ পৰা৷

চিন্তনীয় খবৰঃ
১. গোষ্ঠী আন্দোলনৰ নতুন জোৱাৰত অসম জুৰি জ্বলিছে প্ৰতিবাদৰ জুইঃ ৰেল’ অৱৰোধ, পথ অৱৰোধ, বিমান বন্দৰ অৱৰোধেৰে কৰি তুলিছে জনজীৱনক ব্যতিব্যস্ত৷

২. অসোঁৱাহপূৰ্ণ তথ্যৰে মিচিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন পাতিবলৈ লোৱাৰ প্ৰতিবাদত তথা অনা-মিচিং গাঁৱৰ নাম কৰ্তনৰ দাবীত ধেমাজি উত্তাল কৰি আটাছুৱে গ্ৰহণ কৰিলে সমজুৱা মুণ্ডনৰ কাৰ্যসূচী৷ আজি আছে ঘাইপথ অৱৰোধ আৰু গণবিক্ষোভ৷

৩. চি পি যোশীৰ সৈতে অঞ্জন দত্তৰ বৈঠকঃ গঠিত হ’ল দল-চৰকাৰ সমন্বয়ৰক্ষী কমিটি৷

৪. ৰাণী নৰহ-ভূপেন বৰাৰ ৰাজনৈতিক সংঘাতৰ কুফল ভূগিছে সৰ্বসাধাৰণেঃ কোটি কোটি টকাৰ কাম ফাইলতে আবদ্ধ কৰি এমাহে লখিমপুৰ জিলা পৰিষদ স্তব্ধ হৈ থকাৰ খবৰে পালে সংবাদ শিৰোনামত স্থান৷

৫. এইবাৰ অসমীয়া সংবাদ পত্ৰত প্ৰকাশ পালে চুপাৰকপ কেপিএছ গীলৰ সাক্ষাৎকাৰঃ ক’লে ১০০ বছৰ পিছত অসমীয়া জাতিয়ে হেৰুৱাই পেলাব পৰিচয়!

৬. পুৰুষত্বৰ পৰীক্ষাত বলাৎকাৰ কৰাৰ সক্ষমতা প্ৰমাণিত হ’ল আশাৰাম বাপুৰঃ ১৪দিনৰ বাবে প্ৰেৰিত হ’ল কাৰাগাৰলৈ৷

৭. বোমা নুফুটাটোহে এতিয়া সংবাদঃ নিজৰ মাজতে ৰণ কৰি মৰিছে বিশ্বৰ মুছলমান ধৰ্মী লোক, পাকিস্তানত এমাহত নিহত ৮০, ইৰাকত ৮০০, ইছলাম বিশ্বত ৰক্তপ্লাৱনে শংকিত কৰিছে মানৱ সম্প্ৰদায়কে৷

৮. পেট্ৰ’লিয়াম মন্ত্ৰীৰ সান্ধ্য আইনৰ প্ৰস্তাৱত সচেতন মহলত জোৱাৰঃ ৰাতি আঠ বজাৰ পৰা পুৱা আঠ বজালৈকে পেট্ৰ’ল ডিপো বন্ধ ৰাখি পেট্ৰ’লজাত সামগ্ৰী খৰছ কমোৱাৰ নতুন প্ৰস্তাৱ তুলিছে বীৰাপ্পা মৈলীয়ে৷

৯. শোণিতপুৰত সক্ৰিয় নাৰী সৰবৰাহকাৰী, গ্ৰেপ্তাৰ দুইঃ চৰাইদেউৰ যুৱতী উদ্ধাৰ হ’ল পঞ্জাৱত৷

১০. ফিউৰো ইণ্ডিয়া নামৰ ভুৱা বিত্তীয় কোম্পানীৰ পৰিচালন সঞ্চালক গ্ৰেপ্তাৰ হ’ল অসমত৷

No comments:

Post a Comment