সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
ফেচবুকৰ ভাল দিশবোৰ প্ৰচাৰ কৰক
#ড° বুলজিৎ বুঢ়াগোহাঁই



মাননীয় সম্পাদক মহোদয়,

এটা কথা লক্ষ্য কৰিছোঁ যে বিভিন্ন জনে ফেচবুকৰ বেয়া দিশটিৰ প্রতি অজস্র কথা লিখে কিন্তু ফেচবুকৰ ভাল দিশটি কথা তেনেই নগণ্য লিখে । ফেচবুকৰ সুপ্রয়োগ কৰিলে যে কিমান লাভৱান হ’ব পাৰি তাৰ বিষয়ে আলোচনা কৰা চকুত পৰা নাই ।

ফেচবুক বৰ্ত্তমানৰ অতি কম খৰচী, বেগী আৰু সহজ যোগা-যোগ মাধ্যম, ইয়াক সুপ্রয়োগ কৰিলে বিভিন্ন ধৰণে লাভৱান হ’ব পাৰি । যিসকলে ফেচবুক বিষয় বস্তু লৈ লেখা-মেলা কৰে, সেইসকলক অনুৰোধ কৰিছোঁ যাতে ফেচবুকৰ ভাল দিশটিক গুৰুত্ব দি লেখা-মেলা কৰে যেন ।

আমি ভাবোঁ , বেয়া দিশটি গুৰুত্ব দি লেখা-মেলা কৰিলে , বেয়া দিশটি প্রতি আৰ্কষিত কৰাহে হ’ব। ফেচবুকৰ দ্বাৰা হোৱা ভাল কামবোৰৰ বিষয়ে যিমান পাৰি সিমান লেখা-মেলা কৰিব লাগে,তেতিয়া ৰাইজৰ উপকাৰ হ’ব । আশা কৰিছোঁ, এই বিষয়ে সকলোৰে মন কান দিব।

No comments:

Post a Comment