পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. তালিবানৰ হাতত প্ৰাণ দিয়া লেখিকা  সুস্মিতা বেনাৰ্জীৰ নামত ৫০গৰাকী দৰিদ্ৰ ছাত্ৰীৰ বাবে স্কলাৰশ্বিপ ঘোষণা কৰিলে মন্ত্ৰী ৰকিবুল হুছেইনেঃ কলিয়াবৰত মহাবিদ্যালয়ৰ এক অনুষ্ঠানতে কৰিলে এই ঘোষণা৷
কাশ্মীৰৰ পাছত এইবাৰ মুম্বাইত
জুবিন মেহতাৰ সংগীতৰ লহৰ

২. পুৰণিগুদামত “ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহ”ৰ উদ্বোধনঃ নতুন প্ৰজন্মক ভূপেনদাৰ গীত সমূহ বিশ্লেষণ কৰিবলৈ আহ্বান জনালে শিল্পী সুদক্ষিণা শৰ্মাই৷

৩. দিল্লীত আত্মহনন প্ৰতিৰোধ দিৱস পালনঃ বছৰি ১.৮লাখ ভাৰতীয় আত্মহত্যা, তথা এছিয়াৰ যুৱ সমাজৰ আত্মহননৰ প্ৰৱণতাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰচেষ্টা৷

৪.  জুবিন গাৰ্গে অসমৰ বিভিন্ন স্থানত ৬০টা মিনি চিনেমা হ’ল স্থাপনেৰে অসমীয়া ছবি উদ্যোগক এক নতুন প্ৰাণ সঞ্চাৰ কৰিব বুলি কৰিলে ঘোষণাঃ শুভাকাংখী বন্ধুৰ সহযোগতে এই প্ৰকল্প ৰূপায়ণ কৰাৰ বাবেই কৰিব প্ৰয়াস৷

৫. ধৰ্মীয় কাৰণ তথা জীৱনৰ প্ৰতি নিৰাপত্তাহীনতাত ভূগি অসমলৈ অহা বিদেশীক শৰণাৰ্থীৰে মৰ্যদাৰে হ’লেও ৰাজনৈতিক আশ্ৰয় দিব বুলি মত প্ৰকাশ কৰিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷

৬. সংবাদ কৰ্মীৰ সুৰক্ষা আৰু আৰ্থিক নিৰাপত্ত সুনিশ্চিত কৰণৰ দাবীত অসমৰ মফচলীয় সাংবাদিক সকলৰ সংগঠন "আপকু"ৱে দিল্লীত গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী৷

৭. অৱশেষত গুৱাহাটী পৌৰ নিগমৰ মুখ্য স্বাস্থ্য বিষয়াৰ পদত নিযুক্তি পালে মানুহৰ চিকিৎসকেঃ পূৰ্বতে এই পদত পশু চিকিৎসক নিযুক্তি দিয়া বাতৰিয়ে লাভ কৰিছিল সংবাদ শিৰোনামা৷

৮. বিগত সাতমাহত ১৩০টা শুনানিৰ অন্তত দ্ৰুত আদালতে দোষী সাব্যস্ত কৰিলে দিল্লীৰ গণধৰ্ষণৰ অভিযুক্তসকলকঃ আজি ঘোষণা হব শাস্তি৷

৯. আজি মক্কা অভিমুখে ৰাওনা হব উত্তৰ পূৱৰ হজযাত্ৰীঃ অসমৰ হজ যাত্ৰীক হাজী মুছাফীৰখানাত বিদায় সম্ভাষণ জনালে মুখ্যমন্ত্ৰীয়ে৷

১০. লোকসভাৰ ১৪খন আসনতে অসম গণ পৰিষদে নিজা প্ৰাৰ্থীৰে প্ৰতিদ্বন্দিতা কৰিব বুলি কৰিলে ঘোষণা৷

১১. ১৯৮৪চনৰ দিল্লীৰ শিখ নিধন কাণ্ড সম্দৰ্ভত দলীয় কৰ্মীক ৰক্ষণাবেক্ষন দিয়াৰ অভিযোগত আমেৰিকাৰ এক মানৱ অধিকাৰ সংগঠনে ৰুজু কৰা গোচৰৰ ভিত্তিত চোনিয়া গান্ধীক মাৰ্কিন আদালতে জাৰি কৰিলে চমনঃ আমেৰিকাত চিকিৎসা গ্ৰহণৰ বাবে যোৱা গান্ধীক চিকিৎসালয়তে চমন হস্তান্তৰ কৰিবলৈ দিলে নিৰ্দেশ৷

১২. গুৱাহাটী কাৰাগাৰত উপস্থিত হ’লগ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ দলঃ কয়দীক উপযুক্ত সা-সুবিধা প্ৰদানৰ কৰিলে পোষকতা৷

১৩. ৰাষ্ট্ৰীয়কৃত বেংকে অনা-অসমীয়াক পুঁজিপতিকহে পৃষ্ঠপোষকতা কৰে, দুখীয়া কৃষকক নহয় বুলি অভিযোগ তুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েঃ বৰ্হিঃ ৰাজ্যত নহয় অসমতে বিনিয়োগ কৰিবলৈ তুলিলে দাবী৷

চিন্তনীয় বাতৰিঃ
১. অ’ এন জি চিৰ শিৱসাগৰ ডিমুৱাল গাঁৱস্থিত এক নং জিজিএচত ভয়ঙ্কৰ অগ্নিকাণ্ডৰ খবৰঃ বহুকোটি টকাৰ সামগ্ৰীৰ বিস্তৰ ক্ষতি হোৱাৰ বাতৰি৷

২. শিল্পী পুলক গগৈয়ে আৰু অসমীয়া ছবি নিৰ্মাণ নকৰে বুলি কৰিলে ঘোষণাঃ তেখেতৰ শেহতীয়া ছবি "মমতাজ"ৰ প্ৰতি দৰ্শকৰ অনীহা দেখিয়েই গগৈদেৱে এনে সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷

৩. পুনৰ পুত্ৰ কণ্যাই বৃদ্ধা মাতৃক ত্যাগ কৰাৰ ঘটনাই শংকিত কৰিলে সচেতন মহলেঃ আশ্ৰয় দান কৰিলে হেল্প এইড নামৰ সংস্থাই৷

৪. ৰাজ্যত অব্যাহত আছে ডেংগুৰ সন্ত্ৰাসঃ ৬১৬জনলৈ ৰোগীৰ সংখ্য বৃদ্ধি পোৱাৰ চিন্তনীয় খবৰ৷

৫. অচিৰেই হব ব্যাপক সালসলনিঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতিকে ধৰি ৰাজ্যৰ মন্ত্ৰী সভাৰো৷

৬. লখিমপুৰত সৰ্বানন্দক ফেক্টৰ নহয় বুলি ঘোষণা কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক প্ৰতিদ্বন্দিতাৰ বাবে প্ৰত্যাহ্বান জনালে ৰাণী নৰহে৷

৭. নগাঁও কাগজ কলৰ ভয়াবহ প্ৰদূষণক লৈ শংকিত ৰাইজঃ কৃষক মু্ক্তিয়ে প্ৰদান কৰিলে স্মাৰক পত্ৰ৷

No comments:

Post a Comment