পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. পেৰিচত আৰ্চাৰী বিশ্বকাপত দীপিকা কুমাৰীয়ে জিনিলে ৰূপঃ একেৰাহে তৃতীয়বাৰৰ বাবে ফাইনেলত স্বৰ্ণজয়ৰ পৰা পৰাস্ত হ’ল দীপিকা৷
কেতিয়া পূৰ হব এই সোণালী লক্ষ্য?

২. বুডাপেষ্টত অনুষ্ঠিত ছিনিয়ৰ বিশ্ব ৰেষ্টলিং চেম্পিয়নশ্বিপত ভাৰতীয় ৰেষ্টলাৰ সন্দীপ যাদৱে জয় কৰিলে ব্ৰঞ্জৰ পদক৷

৩. "বাঙালি বৌ"ৰ পাছত এইবাৰ ৭২ বছৰীয়া ফিলিছ চেছলাৰৰ কলমত কট্টৰপন্থী মুছলিম সমাজৰ মাজত আফগানিস্তানত এগৰাকী নাৰীৰ দুৰ্বিবহ আত্ম-জীৱনী, প্ৰকাশ পালে নতুন গ্ৰন্থ " এন আমেৰিকান ব্ৰাইড ইন কাবুল"৷

৪. নগৰবেৰাৰ সমীপৰ শিমলীতোলা সাপ্তাহিক বজাৰত অইন বছৰৰ দৰে এই বছৰো হিন্দু-মুছলমান উভয়ে যৌথভাৱে ব্যাপক প্ৰস্তুতি চলাইছে শাৰদীয় দুৰ্গাপূজা আৰু ঈদ সন্মিলনৰ৷

৫. দেশত খাদ্যশস্যৰ সুৰক্ষিত সংৰক্ষণ নিশ্চিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছেঃ ভাৰতীয় খাদ্য নিগম আৰু ৰাজ্য চৰকাৰৰ সংস্থা সমূহলৈ বিশেষ নিৰ্দেশণা কাৰ্যকৰী কৰাৰ বাবে বিজ্ঞানসন্মত পদ্ধতিৰ ব্যৱস্থা তথা পৰিদৰ্শনেৰে তাক নিশ্চিতিকৰণৰ নিৰ্দেশ জাৰি কৰা হৈছে৷
ইমৰাণ শ্বাহ দেৱৰ পৰা ডঃ ময়িদুল ইছলাম সাহিত্য বঁটা
গ্ৰহণ কৰিছে ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে, কালি শিৱসাগৰত
৬. এনডিএফবিৰ ৰঞ্জন দৈমাৰী গোটৰ সতে আলোচনা প্ৰক্ৰিয়াঃ অহা ৩০ছেপ্তেম্বৰত স্বাক্ষৰিত হব আন এখন বড়ো চুক্তি৷

৭. অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিপিনীসকলৰ বিভিন্ন বস্ত্ৰ সম্ভাৰক বজাৰৰ সন্ধান দিয়াৰ লক্ষৰে আৰ্টফেডৰ উদ্যোগত গুৱাহাটীৰ চানমাৰি খেলপথাৰত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় হস্ত-তাঁত বস্ত্ৰ মেলা৷


৮. ৰাঁছীত আৰম্ভ হ’ল ছেম্পিয়নছ লীগ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাঃ জয়েৰে অভিযান আৰম্ভ কৰিলে  চেন্নাই চুপাৰ কিংছে৷

৯. নগাঁৱত আৰম্ভ হ’ল স্বাধীনতা দিৱস ফুটবলঃ উদ্বোধনী খেলত বিজয় সাব্যস্ত কৰিলে এফ চি আই দলে৷

১০. নলবাৰী চকু চিকিৎসালয়ে প্ৰবৰ্তন কৰিলে চিকিৎসা বিজ্ঞানৰ সতে জড়িত ব্যক্তি বা অনুষ্ঠানৰ সেৱাৰ স্বীকৃতিৰ স্বৰূপে প্ৰদান কৰিব লগা "নৱদীপ বঁটা": এই বৰ্ষৰ এই বঁটা অহা ২৯ছেপ্তেম্বৰত গুৱাহাটী মেডিকেল কলেজৰ শিশুৰোগ বিভাগৰ অধ্যাপক ডাঃ জ্ঞানেন্দ্ৰ নাথ শৰ্মাক প্ৰদান কৰা হব৷

১১. ১৮৮৬চনতে স্থাপিত শতাব্দী প্ৰাচীন বৰপেটা পৌৰসভাৰ নৱ-নিৰ্মিত ভৱনৰ দ্বাৰ হ’ল উন্মোচিতঃ শতাব্দী ভৱন নামাকৰণেৰে ২কোটি ২৯লাখ টকা ব্যয়ৰ ভৱনটি উন্মোচন কৰিলে বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিমাংশু শেখৰ দাসে৷

১২. শিৱসাগৰৰ বিভিন্ন নদী, বিল, খাল, জলাশয় তথা ঐতিহাসিক পুখুৰী আদি লেছিৰ পৰা মুক্ত কৰি ৰাইজক জীৱন-নিৰ্বাহৰ সমল ৰূপে মুকলি কৰি দিবলৈ দাবী তুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ,শিৱসাগৰ জিলা সমিতিয়ে৷

১৩. "বেজবৰুৱাৰ প্ৰতিভা আৰু অসমৰ জাতীয় জীৱন" শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰিছে অসমীয়া সাহিত্য সন্মিলনীয়েঃ খাগৰিজান মহাবিদ্যালয়ৰ সহযোগত ১৮-১৯ অক্টোবৰত অনুষ্ঠিত কৰিবলগীয়া  এই আলোচনাচক্ৰৰ পত্ৰ সমূহ গ্ৰন্থাকাৰেও সংকলিত কৰিবলৈ ওলোৱাৰ সুখবৰ৷

১৪. "ইয়ঙ লীডাৰ চেলেণ্ড" নামৰ সৰ্বভাৰতীয় প্ৰতিযোগিতাৰ বাবে "মাটিৰ কেইটিমান ভৌতিক ধৰ্মত প্লাষ্টিক প্ৰদূষণৰ প্ৰভাৱ" প্ৰকল্পৰ বাবে উত্তৰ-পূৱৰ পৰা একমাত্ৰ ছাত্ৰী ৰূপে চতিয়াৰ চেঙামাৰী হাইস্কুলৰ পূৰ্ণিমা বৰমুদৈ নিৰ্বাচিত হৈছেঃ ইয়াৰ চূড়ান্ত ফলাফল অহা জানুৱাৰী মাহত ঘোষিত হব আৰু বিজয়ীক প্ৰাক্তন ৰাষ্ট্ৰপতি কালামদেৱে বঁটা প্ৰদান কৰিব৷

১৫. মৰিগাঁও জিলাৰ জাগীভকত গাঁৱৰ ছহিদ সূ্ৰ্য বৰা মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱটি ২৭-২৯ছেপ্তে্ম্বৰত উদযাপিত হবঃ "অসমৰ প্ৰচলিত শিক্ষা ভৱিষ্যৎ" শীৰ্ষক আলোচনাচক্ৰও হৈছে আয়োজিত, শেষৰ দিনা মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি স্থানীয় সাংসদ গৰাকীয়েও অংশগ্ৰহণ কৰিব৷
চিন্তনীয় খবৰঃ
১. উচ্চতম ন্যায়ালয়ে দিলে নিৰ্দেশ আধাৰ কাৰ্ড ভাৰতীয়ৰ বাধ্যতামূলক প্ৰমাণ পত্ৰ নহয়ঃ অবৈধ নাগৰিকক আদাৰ কাৰ্ড নিদিবলৈকো ন্যায়ালয়ে জাৰি কৰিলে জাননী৷

২. ছাত্ৰ ছাত্ৰীৰ অভাৱত যোৰহাটত ৩০খনকৈ বিদ্যালয় বন্ধ হোৱাৰ পথত বাতৰিয়ে লাভ কৰিলে সংবাদ শিৰোনামাত স্থান৷

৩. উদ্যোগ বিভাগে দিলে জাননীঃ অহা ১০ অক্টোবৰৰ ভিতৰত বন্ধ হব গুৱাহাটীৰ আমবাৰীস্থিত নেডিফি হাট!

৪. ভাষ্য বিকৃতকৰণৰ অভিযোগ উঠিল নিউজ লাইভৰ বিৰুদ্ধেঃ এই অভিযোগ তুলি ইলেক্ট্ৰ’নিক সংবাদ মাধ্যমক সংযত হবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে৷

৫. অৱশেষত চিগাৰেট খোৱাৰ অপৰাধত জুবিন গাৰ্গৰ প্ৰহাৰৰ সন্মুখীন হোৱা নাবালকৰ পিতৃয়ে দাখিল কৰা গোচৰৰ দাখিল হ’ল অভিযোগনামা৷

৬. কেনিয়াৰ শ্ব’পিং মলৰ সংকট অব্যাহতঃ গুলীয়াগুলীৰ মাজতে এতিয়াও আৱদ্ধ হৈ আছে ৬৩জনকৈ লোক৷

৭. দাৰিদ্ৰ্যতাৰ শেষ সীমাঃ কণমানি সন্তানক বুকুত বান্ধি নাঁৱৰ পৰা লুইতৰ বুকুলৈ জাপ দি আত্মহত্যা কৰি দম্পতিয়ে গুৱাহাটীত৷

৮. অত্যাধিক সুৰাপানৰ পাছত দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ শিৱিৰত দুদল আৰক্ষীৰ মাজত তুমুল সংঘৰ্ষৰ খবৰ৷

৯. ফেচবুক টুইটাৰত মুখ্যমন্ত্ৰীৰ ভুৱা প্ৰফাইল সম্পৰ্কীয় গোচৰত তদন্তৰ নিৰ্দেশঃ এইবাৰ টেলিফোনতো ওলাইচে ভুৱা ছোনিয়া গান্ধী৷

১০. অগপৰ কাৰ্যালয়ত নহয়, খোদ স্বাস্থ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ বন্ধ হৈ থকা চিকিৎসালয় প্ৰাংগণত বিয়া অনুষ্ঠিত হোৱা বাতৰিয়ে পালে সংবাদ শিৰোনামা৷

No comments:

Post a Comment