পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. কেঁচামালৰ বাবে মূলধনঃ সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰভাৱত কঁহাৰ সংঘক পাঁচ কোটি টকাৰ সুত বিহীন ঋণ প্ৰদানৰ ব্যৱ্স্থা কৰিলে ৰাজ্য চৰকাৰে৷ জি আই মাৰ্কৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনোৱা কঁহাৰ সংঘই বাতৰি পৰিবেশনৰে এই ক্ষেত্ৰত অৰিহণা যোগোৱা সাংবাদিক চন্দন পাঠককো  জ্ঞাপন কৰে সম্বৰ্ধনা৷
ঘৰলৈ ঘূৰিল শ্বহীদ হৈ....
 নৰোত্তমলৈ সেনাৰ শ্ৰদ্ধাঞ্জলি, বিমানবন্দৰত
২. তেজপুৰত কনিষ্টবলে খেদি খেদি কৰায়ত্ত কৰিলে চাইবাৰ ক্ৰাইমৰ মষ্ট ৱাণ্টেড অপৰাধী পংকজ পালকঃ সততাৰ নিদৰ্শণ দাঙি ধৰি আৰক্ষী কৰ্মী ফুলমণি নাথে তিনি লাখ টকাৰ উপঢৌকনৰ প্ৰলোভন নেওচি গতাই দিলে থানাত৷ এটিএমৰ পৰা ধন লুণ্ঠন কৰাত সিদ্ধহস্ত এই অপৰাধীজনক বিলাসী গাড়ীসহ হাতে-লোটে ধৰা পেলালে এই আৰক্ষী কৰ্মীজনে৷

৩. আলকতৰাৰে লুতুৰি পুতুৰি হৈ থকা অজগৰ কেৰাচিনেৰে ধুই জীৱনদান দিলে তেজপুৰৰ ফটো সাংবাদিক সৌৰভ বৰকটকীয়েঃ সাংবাদিকতা আৰু প্ৰকৃতি প্ৰেমৰ ক্ষেত্ৰত দেখুৱালে নিদৰ্শণ৷

৪. অসমত স্থাপিত হব এখন ক্ৰীড়া বিদ্যালয়, ৫০০খেলুৱৈ থাকিব পৰা হোষ্টেল, সৰু সজাই ক্ৰীড়া প্ৰকল্পত শিশু উদ্যানঃ মুখ্যমন্ত্ৰীৰ ক্ৰীড়া প্ৰাধিকৰণৰ পৰ্যালোচনা বৈঠকত অনাগত আইএমজি ৰিলায়েঞ্চ ফুটবল লীগ গুৱাহাটীত অনুষ্ঠিত কৰা বিষয়েও পালে গুৰুত্ব৷

৫. কটন কলেজৰ মানিক চন্দ্ৰ বৰুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষ ৰূপে ভূমিকা গ্ৰহণ কৰিলেহে সাংবাদিক অৰ্ণৱ গোস্বামীয়েঃ সংবাদ মাধ্যমক নিৰ্ভুল নহয় বুলি আখ্যা দি জি এচ ৰোড কাণ্ড সংবাদ মাধ্যমৰ চূডান্ত ভুল আছিল বুলি কৰিলে মন্তব্য৷

৬. মানিক চন্দ্ৰ বৰুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল ৰূপে পৰগণিত হ’ল আছাম স্কুল অৱ জাৰ্নেজিলিম৷ তাৰ্কিক ৰূপে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিলে সেই স্কুলৰে জিণ্টু গোহাঁইয়ে৷ 

৭. সাংবাদিকে উন্মোচন কৰা কেলেংকাৰী, কলমৰ সুখ দুখ, নীতিশিক্ষাৰ লগতে ছহিদ সাংবাদিক, হালধীয়া সাংবাদিকতাৰ সতে জড়িত বিভিন্ন প্ৰসংগৰ ২৫০পৃষ্ঠাৰ সাংবাদিক মণ্টু শইকীয়াৰ গ্ৰন্থ "সাংবাদিকতাৰ ডায়েৰী" উন্মোচন কৰিলে অৰ্ণৱ গোস্বামীয়ে৷ 

৮. অহা ২৮ছেপ্তেম্বৰৰ পৰা আন্তঃ জিলা মহিলা ফুটবলঃ গোৱালপাৰা ক্ৰীড়া সন্থাৰ উদ্যোগত ১১তম বৰ্ষ ১৯বছৰৰ অনুৰ্ধ এই চেম্পিয়নশ্বিপখন ধূপধৰাত অনুষ্ঠিত হব৷

৯. পৃথক ৰাজ্য গঠন এতিয়াও বহু দূৰৈত,সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে সকলো পক্ষৰে মতামত গ্ৰহণ কৰা হব বুলি স্থিতি স্পষ্ট কৰি দিলে কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিব শম্ভু সিঙেঃ মুখ্যমন্ত্ৰীৰে সৈতে বৈঠক, ডিচেম্বৰলৈ পিছুৱালে অনুপ চেতিয়াৰ প্ৰত্যৰ্পণৰ বিষয়৷

১০. সুদীৰ্ঘ ৮৫দিনৰ বিৰতিত প্ৰাকৃতিক দুৰ্যোগৰ পাছত পুনৰ বাৰ দেৱভূমি কেদাৰনাথ মন্দিৰৰ দ্বাৰ মুকলি কৰা হয়ঃ অহা ৩০ছেপ্তেম্বৰত হব লগা এক সাৰ্বজনীন বৈঠকৰ পাছতহে তালৈ তীৰ্থযাত্ৰীৰ যাত্ৰা মুকলি কৰিব বুলি তথ্য প্ৰকাশ৷

১১. দুৰ্ঘটনাৰ উনত্ৰিশ দিনৰ পাছত ডিএনএ পৰীক্ষাৰে চিনাক্ত কৰা অসমীয়া ডেকা নৰোত্তম দেউৰী আৰু তিমথী সিনহাৰ নশ্বৰদেহ আহি পালে অসমঃশ্বহীদ দুজনক শেষ শ্ৰদ্ধা জনাবলৈ নাৰায়ণপুৰ, শিলচৰত  শোকাকুল পৰিস্থিতি৷

১২. আলোচনাপন্থী ৰঞ্জন দৈমাৰী গোটৰ এন ডিএফবি কেদাৰৰ তালিকা বিচাৰিলে গৃহ মন্ত্ৰালয়েঃ ধন-দাবী-অপহৰণেৰে ত্ৰাস বিয়পোৱা সংবিজিত গোটৰ বিৰুদ্ধে কঠোৰ ব্যৱ্স্থ লবলৈ দিলে নিৰ্দেশ৷

১৩. আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ যুটীয়া অভিযানৰ ফলশ্ৰুতিত এসপ্তাহত উৰিষ্যাত ১৩জন মাওবাদীৰ আত্মসমৰ্পণৰ সুখবৰ৷

১৪. ৰাছিয়াৰ পৰামৰ্শত কুমলিছে আছাদৰ নমনীয় স্থিতিঃ ৰাসায়নিক অস্ত্ৰ ভাণ্ডাৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক গতাই দিয়া সন্দৰ্ভত চিৰিয়াৰ বিতৰ্কিত শাসকজনে সন্মতি কৰিলে ৰাজহুৱা৷

১৫. মাধ্যমিক শিক্ষা বিভাগৰ উদ্যোগত কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে তৃতীয় ৰাজ্যিক বিজ্ঞান প্ৰদৰ্শনী আৰু প্ৰকল্প প্ৰতিযোগিতাঃ ৰাজ্যিক পৰ্যায়ৰ এি প্ৰদৰ্শনীত ১৯৮গৰাকী শিক্ষাৰ্থীয়ে প্ৰকল্প উপস্থাপন কৰে৷

১৬. তেজপুৰ কাৰাগাৰৰ কাৰাবন্দী সকল সৃষ্টি প্ৰদৰ্শিত হব নতুন দিল্লীৰ বিজ্ঞান ভৱনত হব লগা প্ৰদৰ্শনীতঃ ১৪খন তাঁত শালৰ বস্ত্ৰই পৰিধান কৰে বন্দী সকলে, হস্ত কলাৰে লগতে নিৰ্মাণ কৰিছে বহুতো সুন্দৰ চানেকিৰো৷

১৭. আমেৰিকাৰ পৰা স্বাস্থ্য পৰীক্ষাৰ অন্তত ভাৰত পালেহি ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধীঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সন্দৰ্ভত এ আই চি চিৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনীয়তা৷

১৮. শিক্ষক নিযুক্তি কেলেংকাৰীঃ ওম প্ৰকাশ চৌতালাক তিহাৰ জেলত আত্ম-সমৰ্পণৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে৷

চিন্তনীয় খবৰঃ
১. "তিনিটা ৰুটী খাম, এশ দিন দিন কাম কৰিম আৰু কংগ্ৰেছক শাসনলৈ আনিম" শ্লোগানেৰে প্ৰধানমন্ত্ৰী পদৰ দৌৰত নামিল ৰাহুল গান্ধীঃ গৃহমন্ত্ৰী সুশীল কুমাৰ সিন্ধেই কৰিলে এই প্ৰাৰ্থীত্বৰ ঘোষণা ৷

২. চৰকাৰী-বেচৰকাৰী বিনিয়োগকাৰীক আকৰ্ষণত ব্যৰ্থ ৰাজ্য চৰকাৰঃ দেশৰ বিনিয়োগৰ মাত্ৰ ০.৫৮ শতাংশ বিনিয়োগহে অসমত হোৱাৰ তথ্যই পালে সংবাদ শিৰোনামা৷

৩. এইবাৰ বিশ্ব সুখ-সন্তোষ ৰেংকিং তালিকাত ভাৰতৰ স্থান ১১১তমঃ পাকিস্তান-বাংলাদেশতকৈ অসুখী হেনো ভাৰতীয়৷

৪. কৃত্ৰিম বানত ডুব যোৱা গুৱাহাটী মহানগৰীৰ মেনহলত পৰি শিশু সহ দুজনৰ মৃত্যু৷

৫. ভূ-মাফিয়াক ঋণ প্ৰদান বন্ধ কৰিবলৈ দাবী তুলি হাজাৰ হাজাৰ লোকৰ সমাবেশেৰে গুৱাহাটীত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ বিক্ষোভ৷

৬. গুৱাহাটীত প্ৰেছ কাউণ্সিল অৱ ইণ্ডিয়াৰ প্ৰতিনিধিঃ ২৬জনকৈ সাংবাদিক হত্যাৰ গোচৰ বিষয়ত আৰক্ষীৰ তদন্তৰ ফলাফল শূৰ্ণ্য দেখি আশ্চৰ্য প্ৰকাশ কৰিলে দলটোৱে৷

৭. বৰপেটাক এশজনীয়া ভোৰতাল নৃত্যশিল্পীক উপেক্ষা কৰিলে ৰাজ্য চৰকাৰেঃ আঠ মাহ পাছতো প্ৰাপ্য মাননি আদায় নিদিয়াৰ অভিযোগে লাভ কৰিলে সংবাদ পত্ৰত স্থান৷

৮. কোকৰাঝাৰ, ডিফুৰ বাবে জনজাতি প্ৰাৰ্থী বিচাৰিছে আজমল বাহিনীয়েঃ প্ৰাৰ্থীত্ব দিবৰ বাবে দহটা লোকসভা সমষ্টি কৰিলে ঘোষণা৷

৯. মোদীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে ঘোষণা সন্দৰ্ভত দোমোজা শেষ হোৱা নাই বিজেপিতঃ এইবাৰ ঠেলিলে সংসদীয় বৰ্ডলৈ৷

১০. মুজাফৰনগৰত টুপী পৰিধান কৰি অখিলেশৰ সহানুভূতি লাভৰ নাটকঃ প্ৰৱল সমালোচনাৰ সন্মুখত পৰা মুখ্যমন্ত্ৰীয়ে এতিয়া ক্ষতিগ্ৰস্তৰ তালিকা বনাবৰ বাবে দিলে বিভাগীয় নিৰ্দেশ৷ 

No comments:

Post a Comment