প্ৰচ্ছদ নিবন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰচ্ছদ নিবন্ধ

প্ৰচ্ছদ নিবন্ধ

Share This
অনুপমা বৰগোহাঁইৰ কলমতঃ
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতীয় অৰ্থনীতি বনাম ৰঘুৰাম ৰাজন 

অৰ্থনীতি কি বস্তু ..ডলাৰ কোন দেশত ব্যৱহাৰ কৰে ...মুদ্ৰাস্ফীতি কি ..এইবোৰ একো নজনা আমাৰ ভাৰতৰ ভিতৰুৱা গাওঁ এখনৰ অশিক্ষিত ব্যক্তি এজনৰ মুখতো আজি শুনিবলৈ পাব “ডলাৰৰ দাম বাঢ়িছে... ডলাৰৰ দাম বাঢ়িছে ...”৷ যেন এক আতংকৰ সৃষ্টি হৈছে ভাৰতৰ অৰ্থনীতিত, সেয়া যেন সকলোৱে উপলব্ধি কৰিছে৷

.....আজি ৰন্ধন গেছৰ দাম বাঢ়িছে , কালি পেট্রলৰ দাম বাঢ়িছে , পৰহি চি এন জি গেছৰ দাম বাঢ়িছে ..দাম বাঢ়িছে আৰু বাঢ়িছে..এয়াই মাত্র ভাৰতীয় অৰ্থনীতিৰ ছবি সাধাৰণ নাগৰিকৰ চকুত। তাতে ভূতৰ ওপৰত দানহৰ দৰে “ডলাৰৰ দাম বাঢ়িছে... ভাৰতীয় টকাৰ মূল্য কমিছে”.. এইষাৰ কথা বাতৰি কাকত, ৰেডিঅ, সামাজিক জালপঞ্জী সকলোতে নিতৌ প্রতিধ্বনিত হৈ আহিছে । আজি ৮ বছৰীয়া স্কুলীয়া লৰায়েও জানে যে ১ ডলাৰৰ পেন্সিল এডাল ২০টকাৰ পেন্সিল এডালতকৈ বেছি মূল্যৱান !!.. টকাৰ সন্মান কাৰো ওচৰতে নথকাৰ দৰে হৈছে৷
বেংকত টকা থবলৈ মানুহে ইতস্ততঃ কৰা হৈছে ..সুদৰ হাৰ কমিছে..মুদ্রাস্ফীতি বাঢ়িছে ..বিনিয়োগ কমিছে । দেশৰ অৰ্থনীতিৰ মূল চালিকা উৎস ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশত আৰ্থিক স্থিৰতা ধৰি ৰাখিবলৈ থকা দ্বায়িত্বত যেন সফল হব পৰা নাই৷

দেশৰ এনে এক বিপৰ্য্যস্ত অৰ্থনৈতিক অৱস্থাৰ সময়তে যোৱা ৪ ছেপ্তেম্বৰ, বুধবাৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাপে দায়িত্বভাৰ লৈছে ৫০ বছৰীয়া ৰঘুৰাম ৰাজনে । এজন অতি তীক্ষ্ণ মেধাবী ছাত্র ৰঘুৰামৰ কৃতিত্বৰ সূচী দীঘলীয়া ৷ ইণ্টাৰনেচনেল মনিটেৰী ফাণ্ড (আই.এম.এফ)ৰ মুখ্য অৰ্থনীতিবিদ, ভাৰতৰ প্রধানমন্ত্রীৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ৰূপে তেখেতে যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰিছে৷ 

এনে আন্তৰ্জিতিক খ্যাতি সম্পন্ন অৰ্থনীতিবিদ ৰঘুৰাম ৰাজনে দায়িত্বভাৰ লোৱাক লৈ দেশৰ জনতা আৰু আন্তঃজাতিক মহলে অতিশয় আশা পোষণ কৰা দেখা গৈছে৷ তেখেতে দ্বায়িত্ব গ্ৰহণ কৰিয়ে ভাৰতীয় অৰ্থনীতিৰ  মৌলিক স্তম্ভ সমূহক শক্তিশালী কৰাৰ লগতে টকাৰ স্থিতি দৃঢ় কৰিবলৈ, বিনিয়োগকাৰীৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ নতুন সংস্কাৰ পৰিকল্পনাৰ ৰূপৰেখা যোগাব বুলি সকলোৱে আশা কৰিছে৷ শ্বেয়াৰ মাৰ্কটতো এই আশাবাদৰ যোগাত্মক সঁহাৰি প্ৰত্যক্ষ কৰা হৈছে আৰু চেনচেক্স আৰু ভাৰতীয় মুদ্রাৰ স্থিতি অলপ ওপৰলৈ উঠা সুখবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে৷

শুক্রবাৰ ৬ চেপ্তেম্বৰত মুদ্রা মূল্য ডলাৰৰ তুলনাত ৭৭পইচালৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ..বৃহস্পতিবাৰে ডলাৰ মূল্য আছিল ৬৬.০১ আৰু শুকুৰবাৰে হয় ৬৫.২৪ .. এয়া নিশ্চয় এটা সুসংকেত ।... কিন্তু এতিয়া কথা হ’ল ৰঘুৰাম ৰাজনৰ কি পদক্ষেপে দেশখনৰ বিপৰ্যস্ত অৰ্থনীতিক সঁচা অৰ্থত সবল কৰাত সফল হব আৰু কিমান দূৰ সফল হব, সেয়া এক চৰ্চিত বিষয় হৈ উঠিছে৷

ৰাজনে দায়িত্বভাৰ লৈয়েই মুদ্রা আৰু শ্বেয়াৰ বজাৰত যি ধনাত্মক পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে .. এয়া এটা অতি আশাৰ বতৰা । ৰাজনে ঘোষণা কৰিছে যে দেশৰ মুদ্রাব্যৱস্থাৰ শুধৰণীৰ বাবে তেওঁ কেতবোৰ এনে কঠিন আঁচনি ল’ব যে ইয়াৰ দ্বাৰা তেওঁৰ জনপ্ৰিয়তা হ্রাস হব৷কিন্তু নিজৰ জনপ্রিয়তা বঢ়োৱাতকৈ দেশৰ মুদ্রাৰ আৰ্থিক স্থিতি সবল কৰাতহে তেওঁ বেছি গুৰুত্ব দিব ।ৰাজনে আৰু কৈছে যে দেশৰ অৰ্থনীতি আজিৰ তাৰিখত যদিও দুৰ্বল, কিন্তু ইয়াৰ উন্নতিৰ সম্ভাৱনা অতি উজ্জ্বল৷ কিন্তু ইয়াৰ বাবে কোনো যাদুদণ্ডৰ প্রয়োজন নাই, প্রয়োজন মাথোন সু-পৰিকল্পনাৰ, যাৰ দ্বাৰা বৈদেশিক বিনিয়োগ বাঢ়িব , ৰপ্তানি বাঢ়িব আৰু দেশৰ অৰ্থনীতি উন্নত হ’ব । 

এজন দক্ষ অৰ্থনীতিবিদ ৰঘুৰাম ৰাজনৰ দৰে বিষয়াৰ আমাক নিশ্চয় প্রয়োজন আছে৷ কিন্তু ভাৰতৰ দৰে এখন বিশাল দেশত কেৱল এজন মানুহে এটা ক্ষেত্রত আঁচনি সলনি কৰিলেই গোটেই দেশখনৰ অৰ্থনীতি সলনি হ’ব – এনে আশা কৰিবও নোৱাৰি । এইটো অনস্বীকাৰ্য যে ভাৰতে বৰ্তমান ভোগ কৰি থকা অৰ্থনীতিক সংকটৰ কাৰণ আমাৰ চৰকাৰৰ প্রতিটো বিভাগত ক্ষমতাৰ অপব্যৱহাৰ আৰু দুৰ্নীতি । বিত্তীয় ঘাটি আৰু চলিত খাতা ঘাটি (CAD) ৰিজাৰ্ভ বেংকৰ বাবে হোৱা নাই ।এই সকলোবোৰ আমাৰ চৰকাৰৰহে সৃষ্টি । এই মলিন চৰকাৰী ব্যৱস্থাত ৰঘুৰাম ৰাজনৰ দৰে দক্ষ, সফল আৰু মেধাবী অৰ্থনীতিবিদ জনে ৰিজাৰ্ভ বেংকৰ গবৰ্নৰ হিচাপে দেশৰ অৰ্থনীতি উন্নত কৰিবলৈ কিমান সক্ষম হব সেয়া লক্ষণীয় হব ।

No comments:

Post a Comment