সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগ

সাম্প্ৰতিক প্ৰসংগ

Share This
প্ৰতিম প্ৰতাপ বৰুৱাৰ কলমতঃ
স্বয়ম্ভূ গড্‌মেনৰ উশৃংখলতা 
আশাৰাম বাপু নামৰ প্ৰায় ৭২ বছৰীয়া স্বয়ম্ভূ ভাৰতীয় গড্‌মেনজন অতি সম্প্ৰতি এগৰাকী কম বয়সীয়া ছাত্ৰীৰ শ্লীলতা হানিৰ অপৰাধত অভিযুক্ত হৈছে। প্ৰায় ১৫-১৬ বছৰীয়া এই ছাত্ৰীগৰাকী আশাৰাম বাপুৰ সংগঠনটোৱে স্থাপন কৰা বিদ্যালয় এখনৰে ছাত্ৰী আছিল। ভাৰতৰ বিভিন্ন ঠাইত সাধাৰণ জনতাই গড্‌মেনজনৰ এই ঘৃণনীয় কাৰ্য্যৰ বিৰুদ্ধে ৰাজহুৱাকৈ প্ৰতিবাদ জনাইছে। জনসাধাৰণ আৰু মিডিয়াৰ হেঁচাত অভিযুক্ত আশাৰাম বাপুক পুলিচে গেপ্তাৰ কৰিছে আৰু বৰ্তমান এই বিতৰ্কিত তথা অভিযুক্ত গডমেনজন যোধপুৰ জেলত বন্দী হ’বলগীয়া হোৱা ঘটনাটো সমাজৰ বাবে শুভ লক্ষণ বুলি আমি অনুভৱ কৰিছোঁ, কাৰণ এই ঘটনাই সাধাৰণ মানুহক বলাৎকাৰ তথা নাৰী-উৎপীড়ণ আদি অপৰাধৰ ক্ষেত্ৰত পুলিচ তথা আইন ব্যৱস্থাৰ ওপৰত আস্থা ঘূৰাই অনাত সহায় কৰিব।

প্ৰতিবাদৰ ঢৌ
কিন্তু অভিযুক্ত গড্‌মেনজনৰ অন্ধ ভক্ত কিছুমানে সেই ছাত্ৰীগৰাকীৰ পিতৃক গোচৰটো উভোটাই ল’বলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে ভাবুকিও প্ৰদান কৰিছে বুলি ওলোৱা বাতৰিটো বা এনে ভক্ত কিছুমানে ঘটনাটো পোহৰলৈ অনা সাংবাদিকসকলক মাৰ-ধৰ কৰাটো অতি চিন্তনীয়। 

ইফালে গেপ্তাৰ হোৱাৰ আগতে আশাৰাম বাপুৱে সভ্যতাৰ সকলো সীমা অতিক্ৰম কৰি বেপেৰুৱা মন্তব্য কৰিছিল যে এয়া তেওঁৰ বিৰুদ্ধে কাৰোবাৰ ষড়যন্ত্ৰহে আৰু কোনোবাই যদি তেওঁক দোষী বুলি প্ৰমাণ কৰিব পাৰে তেন্তে তেওঁক ৫ লাখ টকা পুৰস্কাৰ দিয়া হ’ব। (এনেকৈ পুৰস্কাৰ দিবলৈ এই তথাকথিত সন্যাসীজনৰ ওচৰত ইমান টকা ক’ৰপৰা, কেনেকৈ আহিল?) আশাৰাম বাপুৰ পুত্ৰই উঠি-পৰি লাগিছে সেই দূৰ্ভগীয়া ছোৱালীজনী মানসিকভাৱে অসুস্থ বুলি প্ৰমাণ কৰিবলৈ। (অৰ্থাৎ ঘটনাটো যদি সঁচা প্ৰমাণিত হয় তেন্তে আমি মানি ল’ব লাগিব যে স্বয়ম্ভূ গড্‌মেন আশাৰাম বাপুৱে আনকি মানসিকভাৱে অসুস্থ এজনী কমবয়সীয়া ছোৱালীৰো শ্লীলতা হানি কৰিব পাৰে।) 

এইজনেই সেই স্বয়ম্ভূ গড্‌মেন আশাৰাম বাপু, যি নিজকে ভগৱানৰ সমকক্ষ বুলি কয় আৰু তেওঁৰ অন্ধ উপাসকসকলে হাস্যকৰভাৱে সেই কথা বিশ্বাসো কৰে। এইজনেই সেই স্বয়ম্ভূ গড্‌মেন যি ১৬ ডিচেম্বৰ, ২০১২ ৰ দিল্লীৰ নিৰ্ভয়া ধৰ্ষণ ঘটনাটোৰ বিষয়ে ৰাজহুৱাকৈ কৈছিল যে নিৰ্ভয়াই সেইদিনাৰ সেই ভয়ানক সময়খিনিত সেই ধৰ্ষণোন্মত্ত অমানুহকেইটাক ভাতৃ বুলি সম্বোধন কৰা হ’লে এই ঘটনাটো নঘটিলহেঁতেন। অৰ্থাৎ আশাৰাম বাপুৰ মতে সেই অমানুহকেইটাই নিৰ্ভয়াক ধৰ্ষণ কৰাটোত একো ভুল হোৱা নাই, কাৰণ নিৰ্ভয়াই সিহঁতক ভাতৃ বুলি সম্বোধন কৰা নাছিল। ভুলটো ধৰ্ষিতা নিৰ্ভয়াৰহে। (আশাৰাম বাপুৰ এই বক্তব্য শুনি যদি আপোনাৰ খং উঠা নাই, তেন্তে অলপ ৰৈ চিন্তা কৰক নাৰীক আপুনি কি দৃষ্টিৰে চায় আৰু নাৰীধৰ্ষণ মানে আপুনি কি বুজে।) 

এই গড্‌মেনজনৰ দৰে স্বয়ম্ভূ গড্‌মেন ভাৰতত বহুত আছে। চন্দ্ৰস্বামীৰ পৰা আৰম্ভ কৰি শিৱ দ্বিৱেদীলৈকে (এইজনে স্বয়ম্ভূ গড্‌মেন হোৱাৰ পিছত এটা অদ্ভূত নাম লৈছে – সন্ত স্বামী ভীমানন্দ জী মহাৰাজ চিত্ৰকূটৱালে) বেছিভাগ স্বয়ম্ভূ গড্‌মেনেই কিবা নহয় কিবা গুৰুতৰ অপৰাধত অভিযুক্ত হৈ আছে আৰু তেওঁলোক অভিযুক্ত হোৱা প্ৰতিটো অপৰাধেই মানবীয়তাৰ বিৰুদ্ধে জঘণ্য অপৰাধ। যৌনতা, যৌনশোষণ, পৰ্ণগ্ৰাফী, হত্যা, হত্যাৰ ষড়যন্ত্ৰ, কলা টকা, দূৰ্ণীতি, ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰ, মাটিৰ বেদখল, ঠগ-প্ৰবঞ্চনা আদিৰ লগত জড়িত অপৰাধত এইসকল গড্‌মেনৰ বেছিভাগ অভিযুক্ত। 

কিন্তু ইমানৰ পিছতো ভাৰতত এই অভিযুক্ত স্বয়ম্ভূ গড্‌মেনসকলে কেনেকৈ দপদপাই থাকিব পাৰে? আইন আৰু পুলিচ ব্যৱস্থা থকাৰ পিছতো সমাজ তথা জনসাধাৰণৰ ওপৰত এইসকলে কেনেকৈ অৱস্থান কৰিব পাৰে? তেওঁলোকক কিয় প্ৰশ্ন কৰা নহয় যে আপোনালোকৰ স্থাৱৰ আৰু আস্থাৱৰ সম্পত্তিৰ পৰিমান কিমান? এই অগাধ সম্পত্তিৰ উৎস কি? কেনেকৈ আহৰণ কৰিলে আপোনালোকে ইমান সম্পত্তি? আপোনালোকে ঠিকমতে আয়কৰ দিয়েনে? আপোনালোক যদি প্ৰকৃততে সৰ্বত্যাগী সন্যাসীয়েই হয় তেন্তে আপোনালোকক জীৱন নিৰ্বাহ কৰিবলৈ ইমান টকা-পইছা, সা-সম্পত্তি, গাড়ী-মটৰ, হেলিকপ্তাৰ কিয় লাগে? আপোনালোকৰ অগাধ সম্পত্তিৰ কিমান শতাংশ আচলতে মানৱতাৰ সেৱাত ব্যৱহৃত হৈছে?

আমাৰ সমাজলৈ এইসকল স্বয়ম্ভূ গড্‌মেনৰ অৱদান কি সেইটো আমি সকলোৱে বিশ্লেষণ কৰি চোৱাৰ সময় আহিল। ধৰ্মৰক্ষাৰ নামত এই স্বয়ম্ভূ গড্‌মেনসকলৰ তত্বাৱধানত যে আচলতে ধৰ্মৰ নামত ব্যৱসায়হে চলি থাকে সেয়া দেখোন সকলোৱে জানেই। সমাজত ধৰ্মীয় উন্মত্ততা, জাতিবাদ আৰু জাতিভেদ প্ৰথা, অন্ধবিশ্বাস, কুসংস্কাৰ, অমানবীয়তা, মানুহৰ মাজত ভুল বুজা-বুজি, ভগৱানৰ পূজাৰ নামত জীৱহত্যা, প্ৰসাদৰ নামত মদ-ভাং আদি বিয়পোৱাত এই গড্‌মেনসকলৰে অৱদান আটাইতকৈ বেছি। কাৰণ সাধাৰন জনসাধাৰণৰ মাজত এই অন্ধবিশ্বাস, কুসংস্কাৰবোৰ যিমানে বিয়পিব সিমানে তেওঁলোকৰ সাম্ৰাজ্যৰো উন্নতি হৈ থাকিব। এই গড্‌মেনসকলেই সমাজৰ পৰা ধৰ্মৰ নামত চলি থকা আৰু এখন সুস্থ সমাজৰ বাবে অতিকৈ অপ্ৰয়োজনীয় তথা যুক্তিহীন আৰু ভিত্তিহীন ধৰ্মীয় উন্মত্ততা, অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰ আঁতৰাই সমাজখন নিকা কৰাৰ পথত প্ৰধান বাধা আৰু আনহাতে সাধাৰণ মানুহৰ এই ধৰ্মীয় উন্মত্ততা, অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰেই একো একোজন স্বয়ম্ভূ গড্‌মেনৰ প্ৰধান উপজীব্য। সেয়ে এখন শান্তিৰে ভৰা, ধৰ্মীয় উন্মত্ততাবিহীন, অন্ধবিশ্বাসবিহীন আৰু কুসংস্কাৰবিহীন নিকা সমাজ গঢ়িবলৈ হ’লে প্ৰথমেই এই গড্‌মেনসকলক আমি নাকচ কৰিব লাগিব। 

স্থানান্তৰত আমি বহুবাৰ কৈছোঁ যে এখন প্ৰগতিশীল, যুক্তিবাদী সমাজত এইসকল স্বয়ম্ভূ গড্‌মেনৰ কোনো প্ৰয়োজন নাই। এখন বৈজ্ঞানিক চিন্তাধাৰৰ, মানৱতাবাদী, জাতিভেদহীন, অন্ধবিশ্বাসবিহীন, কুসংস্কাৰবিহীন, সুখী সমাজ গঢ়াত এই স্বয়ম্ভূ গড্‌মেনসকলে একো বৰঙনি যোগাব নোৱাৰে। মানবতাৰ স্বাৰ্থতেই আমি এইসকল স্বয়ম্ভূ গড্‌মেনক বৰ্জন কৰা উচিত। 
------------------------------**-----------------------------------
(আজি ৬ছেপ্তেম্বৰৰ "অসমীয়া খবৰ" কাকততো লেখাটো  প্ৰকাশ পাইছে)

লেখকৰ ঠিকনাঃ
চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌,
ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড, 
দিল্লী-৫৪
ম’বাইল : +৯১৯৮৭১০১৮৮৭৪
ই-মেইল – ppbaruah.delhi@gmail.com

No comments:

Post a Comment