সাময়িক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাময়িক প্ৰসংগ

সাময়িক প্ৰসংগ

Share This
অগ্নিগৰ্ভা ধেমাজি জিলা
মৌলিক সমস্যাৰ কথা আমি পাহৰিছো কিয়?
 অৰূপজ্যোতি সন্দিকৈ
ধেমাজি জিলাখনত সমস্যাৰ অন্ত নাই । বানপানী-গৰাখহনীয়া, বিদ্যুতৰ নাটনি, শোচনীয় যাতায়ত ব্যৱস্থা, সু-চিকিৎচালয়ৰ অভাৱ, সন্ত্ৰাসবাদ, দুৰ্নীতি ইত্যাদি ইত্যাদি সমস্যাৰে জিলাখন ভৰি আছে। এই সমস্যাবোৰৰ লগত আমি অতীজৰে পৰা যুঁজ-বাগৰ কৰি আহিছো। 

অন্যান্য সমস্যাৰ লগতে প্ৰতিবছৰে ভয়াবহ বানপানীয়ে আমাক জুৰুলা কৰি থকা সময়তে ২০০৪ চনৰ স্বাধীনতা দিৱসত বোমা বিস্ফোৰণ হোৱা সেই ভয়বাহ ঘটনাটোৰ পিছত ধেমাজিৰ পৰিস্থিতি আৰু বেয়া ফাললৈ ঢাল খাইছিল । সন্ত্ৰাসবাদে কিছুবছৰ ধেমাজিৰ ৰাইজক শংকাৰ মাজত জীয়াই ৰাখিছিল । কিন্তু সময় বাগৰা লগে লগে ধেমাজিলৈ পুনৰ হেৰুৱা শান্তি ঘুৰি আহিছিল। ইয়াৰ আঁৰত আছে ধেমাজিবাসী ৰাইজৰ মাজত থকা সম্প্ৰীতিৰ এনাজৰীডাল।

ধেমাজি জিলাখনত আহোম, চুতীয়া, কোঁচ-ৰাজবংশী, মিচিং, দেউৰী, বড়ো, সোনোৱাল-কছাৰী আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰি থকাৰ পিছতো কোনোদিন কোনো ভয়াবহ জাতিগত সংঘৰ্ষ নোহোৱাকৈ আজি পৰ্যন্ত ধেমাজিবাসী ৰাইজে একতাৰ মাজেৰে এটা শান্তিপূৰ্ণ জীৱন কটাবলৈ সক্ষম হৈ আহিছে । ইয়াৰ বাবে আমি নিজকে ধেমাজিবাসী বুলি পৰিচয় দিবলৈ গৌৰৱ অনুভৱ কৰো ৷

ধেমাজিৰ মানুহৰ যি সহজ-সৰল মানসিকতা, অতিথিপৰায়ণতা আৰু মৰমীয়াল আচাৰ-ব্যৱহাৰ এইবোৰৰ জৰিয়তে ধেমাজিখনক অসমৰ অন্য জিলাৰ মানুহৰ আগত এক সন্মানীয় স্থানত ৰাখিবলৈ সক্ষম হৈছে৷ বৰ্তমানৰ শৈক্ষিক দিশৰ সফলতায়েও পিছপৰা জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । 

কিন্তু কিছুবছৰৰ পৰা লক্ষ্য কৰিছো যে আমাৰ মানুহখিনিৰ সহজ-সৰলতাৰ সুযোগ লৈ আমাৰ মাজৰে এচামে লেতেৰা ৰাজনীতিৰ খেল খেলিবলৈ ধৰিছে । ৰাজনীতিৰ অ আ বুজি নোপোৱা কিছুমানেও এই খেলাত জপিয়াই পৰিছে । ইয়াৰ পৰা আমাৰ ধেমাজিবাসী ৰাইজৰ কি উন্নতি হৈছে সেয়া চকুত পৰা নাই। সমগ্ৰ জিলাখনত দিনক দিনে দুৰ্নীতিৰে ভৰি পৰিছে । ৰাস্তা-ঘাট পকী হৈছে, কিন্তু দুই-এবছৰতে সকলো ভাগি চিগি নিঃশেষ হৈছে । ইয়াৰ পৰাই প্ৰমাণিত হৈ যে জিলাখনত কেনেধৰণৰ লেতেৰা ৰাজনীতিয়ে উন্নয়নৰ ধন খোৱাৰ এক নীতিহে প্ৰতিষ্ঠা কৰি তুলিছে৷

বৰ্তমানলৈকে জিলাখনত যিমানখিনি উন্নতি হৈছে সেয়া কেৱল সময়ৰ পৰিবৰ্তন আৰু ৰাষ্ট্ৰৰ সাৰ্বজনীন নীতিৰ বা কেন্দ্ৰীয় আঁচনিৰ ৰূপায়নৰ বাবেহে হৈছে৷ ইয়াত সেই স্থানীয় অথচ লেতেৰা ৰাজনীতি খেলাসকলৰ কোনো হাত নাই । তেওঁলোকৰ এই ৰাজনৈতিক খেলাৰ অনুপস্থিতিটো এই উন্নতি সম্ভৱ আছিল । বৰঞ্চ তেওঁলোকে উন্নয়নৰ পথত দুৰ্নীতিৰ জোৱাৰ ভাটাতহে অৰিহণা যোগাইছে৷

বৰ্তমানে ধেমাজি জিলাখনৰ পৰিস্থিতি উত্তপ্ত। মিচিং স্বায়ত্তশাসিত পৰিষদীয়(MAC) এলেকাত অন্তৰ্ভূক্ত হৈ থকা অনামিচিং গাঁও সমূহ কৰ্তনৰ দাবীত বিভিন্ন দল-সংগঠনে ধাৰাবাহিক ভাবে বন্ধৰ পিছত বন্ধ আহ্বান দিছে। প্ৰতিবাদী সংগঠন-ৰাইজে ৰাস্তাত গছ কাটি, টায়াৰ জ্বলাই পথ অবৰোধ কৰিছে, সাধাৰণ ৰাইজৰ মটৰচাইকেল-গাড়ী জ্বলাই দিয়া হৈছে, আৰক্ষীলৈ শিলাবৰ্ষণ কৰা হৈছে । সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে। বন্ধৰ নামত এচাম প্ৰতিবাদকাৰীয়ে কিছুমান অশুভনীয় কৰ্ম কৰা কথাও খবৰ কাগজত পঢ়িবলৈ পোৱা গৈছে। 

এনে লাগিছে প্ৰতিবাদকাৰীয়ে চৰম সীমা পাৰ কৰিবলৈ আৰু বেছি সময় নাই । চাৰিওফালে ভিতৰি ভিতৰি লাহে লাহে হিংসাৰ জুইকুৰা উমি উমি জ্বলিব ধৰিছে । ধাৰাবাহিক বন্ধৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ জীৱনযাত্ৰা স্তব্ধ হৈ পৰিছে । জিলাখনত খাদ্যসামগ্ৰীৰ ব্যাপক নাটনি ঘটিছে, চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হৈছে, স্কুল-কলেজ খোলাৰ দাবীত ৰাজপথলৈ ছাত্ৰ-ছাত্ৰী ওলাই আহিছে । বিশেষকৈ দৈনিক শ্ৰমিক শ্ৰেণীৰ সাধাৰণ ৰাইজ বিপদত পৰিছে। 

এফালে আন্দোলনকাৰী দল-সংগঠন আৰু এচাম ৰাইজে দাবীবোৰত অটল হৈ আছে আনফালে বন্ধৰ ফলত হাৰাশাস্তিৰ হোৱা সকলো ক্ষোভিত হৈ আছে। সেয়ে পৰৰ্বতী সময়চোৱাত পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে। ৰাইজৰ মুখে মুখে চৰ্চা হৈছে যে ধেমাজিটো বি টি এ ডি, ৰাভা-হাছং, কাৰ্বিআংলঙৰ দৰে হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হব নেকি? যদি এনেদৰেই ধাৰাবাহিক ভাবে আন্দোলন তথা বন্ধ হৈ থাকে তেন্তে তেনে হ’বলৈ বেছি পৰ নাই । গতিকে অতি সোনকালে উক্ত বিষয়টোৰ ওপৰত চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন আৰু দল-সংগঠনবোৰৰ লগত এক যুগাত্মক আলোচনাত মিলিত হোৱাটো সকলোৰে বাবে মঙ্গল।

এই খিনিতে ধেমাজিবাসী ৰাইজ তথা প্ৰতিবাদকাৰী সকললৈ বিনম্ৰ অনুৰোধ- আপোনালোকে যেন আবেগৰ দ্বাৰা পৰিচালিত নহয় বিবেকৰ দ্বাৰা কথাবোৰ ভাবি গুণি চাইহে সিদ্ধান্তবোৰ লয় । কিয়নো এইয়া সকলোবোৰ ৰাজনীতিৰ খেলা, এই খেলাই প্ৰকৃততে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কিবা উন্নতি কৰিব নে নকৰে তাৰো কোনো নিশ্চয়তা নাই । 

এই সময়ত সকলোৱে এটা কথা মনত ৰখা উচিত যে এই আন্দোলন সাধাৰণ ৰাইজ আৰু চৰকাৰ মাজতহে, এইয়া কোনো জাতিগত বা জাতিবিৰোধী আন্দোলন নহয় । গতিকে জাতিভিত্তিক কথাবোৰ ইয়াৰ মাজলৈ ননাটোৱেই আমাৰ সকলোৰে বাবে মঙ্গল হ’ব । গণতান্ত্ৰিক আন্দোলন কৰা আমাৰ সকলোৰে আধিকাৰ আছে সেই বুলিয়ে প্ৰতিবাদকাৰীয়ে আন্দোলনৰ নামত যদি হিংস্ৰ হৈ পৰে তেতিয়া ইয়াৰ ফল আমি সকলোৱে ভুগিব লাগিব । ক্লাছ নাইনৰ কুমলীয়া নাবালক পুলিচৰ গুলীত বিদ্ধ হোৱা ঘটনাটোৱেই আবেগেৰে সৰু সৰু ল’ৰাক পৰিচালিত কৰি উত্তেজক কাম-কাজ কৰোৱাৰ কথা উন্মুত্ত কৰিছে৷ গতিকে সময় থাকোতেই আমি সংযম হোৱাটো উচিত । 

ধেমাজিৰ এই আন্দোলনত জড়িত দল-সংগঠনবোৰলৈ এটাই অনুৰোধ- আপোনালোকে আজি যিটো বিষয়কলৈ আন্দোলন কৰি জিলাখনৰ প্ৰশাসন ব্যৱস্থাটো যেনেকৈ অচলা অৱস্থা কৰি দিছে সেইদৰে ধেমাজিৰ অন্যান্য প্ৰধান মৌলিক সমস্যাবোৰকো লৈ আন্দোলন আৰম্ভ কৰা হ’লে ধেমাজিবাসীয়ে এটা সুন্দৰ ভৱিষ্যত আশা কৰিব পাৰিলে হয়। 

বিগত দিনবোৰত আপোনালোকে আন্দোলন নকৰা নহয়, ধেমাজি জিলাখনৰ উন্নতিত আপোনালোকৰো যথেষ্ট অৰিহণা আছে । কিন্তু যিমান হ’ব লাগিছিল, সিমান হোৱা নাই; চৰকাৰক যিমান হেঁচা দিব লাগিছিল আজি পৰ্যন্ত দিয়া হোৱা নাই। 

আজিলৈকে ধেমাজিত বানপানী সমস্যা বা কোনো দুৰ্নীতি বিষয়কলৈ এইদৰে প্ৰবল আন্দোলন কৰাৰ উদাহৰণ দেখা পোৱা নাই৷ গতিকে ধেমাজিৰ বাসিন্দা হিচাপে আপোনালোকলৈ মোৰ ফালৰ পৰা অনুৰোধ- ধেমাজিৰ বাবে কিবা এটা কৰাৰ মানসেৰে আগবাঢ়ি আহিছেই যেতিয়া ভালদৰে হাতে কামে লাগক । ৰাইজৰ সহায় সহযোগিতা তথা শুভেচ্ছা সদায়ে আপোনালোকৰ কাষত থাকিব। 
অসমৰ কোনখন জিলাত সমস্যা নাইনো, সকলোতে আছে । কিন্তু এই সমস্যাবোৰক চৰকাৰৰ সহযোগত সকলোৱে মিলি সামাধান কৰাটোহে অসমবাসী হিচাপে আমাৰ প্ৰধান কৰ্তব্য । 

শেষত সকলোকে ইয়াকে কও যে ধেমাজিবাসীৰ মাজত যি সাতামপুৰুষীয়া সম্প্ৰীতি আছে তাৰ মাজলৈ যেন এই ৰাজনীতিৰ খেলাবোৰ নানে । গণতান্ত্ৰিক আন্দোলনে প্ৰগতি আনিব পাৰে, কিন্তু হিংসাত্মক আন্দোলনে প্ৰগতি আনিব নোৱাৰে, বৰঞ্চ ই আমাক কিছুমান পাহৰিব নোৱাৰা হৃদয়বিদাৰক স্মৃতি চিৰদিনৰ বাবে দি থৈ যাব । গতিকে আশা কৰো চৰকাৰৰ সহযোগত অতি সোনকালে ধেমাজিৰ পৰিস্থিতি শান্ত হৈ উঠক৷ আৰু প্ৰকৃত মৌলিক সমস্যাবোৰ সমাধানৰ বাবে সকলোৱে এক ঐক্যবদ্ধ আন্দোলনৰ জড়িয়তে জিলাখনৰ উন্নতি সাধন কৰক৷

No comments:

Post a Comment