পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. শিক্ষক দিৱস উপলক্ষে দিল্লীত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে প্ৰদান কৰিলে ৰাষ্ট্ৰপতি বঁটাঃ অসমৰ পৰা এই বঁটা লাভ কৰিলে আঠ জনকৈ কৃৰ্তি শিক্ষক-শিক্ষয়িত্ৰীয়ে৷
২. শিক্ষাদানত শিক্ষক সকলক অধিক দায়বদ্ধ কৰি তুলিবলৈ অসম চৰকাৰে গঠন কৰিব শৈক্ষিক দ্বায়বদ্ধতা আয়োগঃ ৰাজ্যৰ বিশ্ববিদ্যালয় সমূহৰ একাংশ প্ৰাক্তন উপাচাৰ্যৰে গঠিত হব এই আয়োগ৷

৩. এইবাৰ বিজ্ঞানীৰ জীৱনক লৈ চিনেমাঃ ১৮৯৫চনতে ভাৰতৰ প্ৰথমখন মানৱবিহীন উৰাজাহাজ "মৰুতাক্ষ"(যাৰ অৰ্থ "উৰন্ত বন্ধু) নিৰ্মাণ কৰা বিজ্ঞানী তথা মহাৰাষ্ট্ৰৰ গৌৰৱ শিৱকাৰ তালপাড়ে জীৱনৰ আধাৰত নিৰ্মিত হব কথাছবি "বোম্বে ফেয়াৰটেল"৷ বিভু পুৰীৰ পৰিচালনাত এই ছবিত নায়ক ৰূপে অভিনয় কৰিব "ভিকি ড’নাৰ" খ্যাত আয়ুষ্মান খুৰানাই৷

৪. ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্নৰ ৰূপে দ্বায়িত্ব গ্ৰণ কৰিলে আই এম এফৰ মুখ্য অৰ্থনীতিবিদৰূপে অভিজ্ঞ ৰঘুৰাম ৰাজনেঃ শ্বেয়াৰ বজাৰে দিলে যোগাত্মক সঁহাৰি, টকাৰ মূল্যমানৰো ১.৪৮টকা বৃদ্ধি৷

৫. বিনামূলীয়াকৈ দৰিদ্ৰসীমাৰেখাৰ তলৰ ছাত্ৰক চতুৰ্থ বৰ্ষৰ বাবে পাঠদান কৰি ১০০শতাংশ উত্তীৰ্ণৰ সফলতাৰে মহানুভৱতাৰ পৰিচয়ৰ লগতে আদৰ্শ দেখুৱাইছে অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী ডঃ নলিন কুমাৰ মহনেঃ বৃহত্তৰ আজাৰা অঞ্চলৰ ৰাইজে আগবঢ়াইছে শলাগৰ শৰাই৷


৬. ভাৰতীয় জনসংযোগ সেৱাৰ দীপক সান্ধু দেশৰ নতুন মুখ্য তথ্য আয়ুক্ত নিযুক্তঃ অনুষ্টুপীয়া অনুষ্ঠানত শপতবাক্য গ্ৰহণ৷

৭. বিশ্ব বেংকৰ ধনেৰে সৰভোগ আৰু কলগাছিয়াত নিৰ্মাণ হব অত্যাধুনিক বজাৰ গৃহঃ অঞ্চলটোৰ কৃষকে পাব উৎপাদিত সামগ্ৰীৰ উচিত মূল্য৷ সৰভোগত কৃষি মন্ত্ৰীয়ে স্থাপন কৰিলে ১০০০মেট্ৰিকটন ক্ষমতাৰ ভঁৰালগৃহৰ আধাৰশিলা৷

৮. অসম লোকসেৱা আয়োগত প্ৰথমবাৰ প্ৰৱৰ্তন কৰা অনলাইন আবেদনৰ জৰিয়তে এতিয়ালৈকে ৮০হাজাৰ আবেদনকাৰীৰ আবেদন ২৪১টা পদৰ নতুন নিযুক্তিৰ বাবেঃ অহা ১৫ডিচেম্বৰত অনুষ্ঠিত হব ইয়াৰ প্ৰাৰম্ভিক পৰীক্ষা৷

৯. অহা নৱেম্বৰ মাহত অনুষ্ঠিত হব উচ্চতম মাধ্যমিকৰ বাবে টেট পৰীক্ষা, বেৱচাইটত পৰীক্ষাৰ পাঠ্যক্ৰম মুকলি কৰিলে মাধ্যমিক শিক্ষা বিভাগেঃ www.rmsaassam.in, www.online.assam.govt.in আৰু www.madhyamik.in ত পাঁচটা ভাষাত অনুষ্ঠিত হব লগা এই পৰীক্ষাৰ সবিশেষ জানিব পাৰিব৷

১০. প্ৰশাসনিক বিষয়া, কোম্পানীৰ চাকৰি লাভৰ বাবে অভিযান্ত্ৰিক ডিগ্ৰী লোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি আই আই টি গুৱাহাটীৰ নিৰ্দেশক গৌতম বৰুৱাই৷

১১. দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কালি উলহ-মাহলেৰে পালিত হ’ল শিক্ষক দিৱসঃ ৰাজ্য চৰকাৰে ৰাজ্যিক বঁটা প্ৰদান কৰিলে ৰাজ্যৰ ২৭গৰাকী কৃৰ্তি শিক্ষকলৈ৷

১২. বৰপেটাত অনুষ্ঠিত নলিনী-ৰমেন্দ্ৰ আমন্ত্ৰণমূলক ফুটবলত কোকৰাঝাৰ ছাই দলে অৰ্জন কৰিলে চেম্পিয়নশ্বিপ৷

১৩. মালেয়াছিয়াত নৱম এছিয়া কাপত ৰূপৰ পদক জয়ী ভালতীয় হকী দলৰ তিনিজন খেলুৱৈ ৰাজগুৰুনাথ, শ্ৰীজেশ আৰু মৰনদ্বীপলৈ হকী ইণ্ডিয়াই ঘোষণা কৰিলে নগদ ধনৰ পুৰস্কাৰ৷

১৪. মৰিগাঁৱত শিক্ষক দিৱসৰ উপহাৰ, ৩১গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনাঃ ৩৫খন বিদ্যালয়ৰ ৩৬২জন শিক্ষক-কৰ্মচাৰীলৈ প্ৰাদেশিকীকৰণৰ বিতৰণ কৰিলে নিযুক্তি পত্ৰ৷

১৫. নতুন জিলা মহকুমা গঠেনেৰে উন্নয়ন দ্ৰুত কৰা প্ৰস্তুতিঃ চৰকাৰে প্ৰকাশ কৰিলে কেবিনেট উপ-সমিতিলৈ অনুমোদনৰ বাবে প্ৰস্তাৱ প্ৰেৰণৰ চৰকাৰী জাননী৷

১৬. অটো ভাৰাৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰিলে ৰাজ্যিক কেবিনেটেঃ অটোৰিক্সাৰ নুন্যতম ভাৰা হব গুৱাহাটীত ৩০টকা, ফেয়াৰ মিটাৰ লগোৱাটো হব বাধ্যতামূলক৷

১৭. ডাউন টাউন বিশ্ববিদ্যালয়ৰ চতুৰ্থ বৰ্ষপুতি উদযাপনঃ বুলেটিন উন্মোচন, ৬০গৰাকী মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা৷

১৮. আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ বৈঠক বহিল বুয়েনাৰ্ছ আয়াৰ্ছতঃ সকলো নিৰ্দেশ মানি ল’লেহে নিলম্বন উঠাই লব বুলি স্পষ্ট কৰি দিলে স্থিতি৷ চাৰ্জচীট দাখিল কৰা দুৰ্নীতিগ্ৰস্ত ক্ৰীড়া সংগঠকক পদবীৰ বাবে নিৰ্বাচন নকৰিবলৈ তেখেতলোকে ভাৰতীয় অলিম্পিক সন্থালৈ দিছিল চৰ্ত৷

১৯. বিহাৰত তিনি দুৰ্নীতিগ্ৰস্ত অভিযন্তাৰ ঘৰত তালাচীঃ নগদ ছয় কোটি টকা কৰিলে জব্দ৷

২০. চিৰাঙত আৰক্ষী প্ৰশাসনৰ চৰম নিষ্ক্ৰিয়তাৰ বিপৰীতে স্থানীয় ৰাইজে তীব্ৰ হেঁচা দি মোকোলাই আনিলে  অপহৃত ব্যৱসায়ীকঃ ধন-দাবী-অপৰহণত অতীষ্ঠ হোৱা ৰাইজে ল’লে নিজা ব্যৱস্থা৷

চিন্তনীয় বাতৰিঃ

১. অসম এতিয়া আন্দোলনকাৰীৰ দখলতঃ বিভিন্ন নৃগোষ্ঠীয় দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীত স্তব্ধ হৈ পৰিছে জনজীৱন৷

২. শিক্ষক দিৱসৰ দিনাই মুখৰ ভাতমুঠি বিচাৰি তিনি শতাধিক শিক্ষকে কাঁহী বাতি বজাই কৰিলে ৰাজভৱন যাত্ৰাঃ সদৌ অসম ভেঞ্চাৰ হাইস্কুল শিক্ষক সন্থাই আয়োজন কৰিছিল এই প্ৰতিবাদী কাৰ্যসূচী৷

৩. শিৱসাগৰত শিক্ষক দিৱস বৰ্জন কৰিলে ১৪৭৬ গৰাকী অনিয়মীয়া পদত কাম কৰি থকা শিক্ষকে৷

৪. "কাবুলীৱালাৰ বাঙালী স্ত্ৰী" উপন্যাস তথা তাৰ ভিত্তিত নিৰ্মিত হোৱা ছবিৰে আফগানিস্তানৰ জৱ-জীৱনক উদঙাই দেখুওৱা লেখিকা সুস্মিতা বেনাৰ্জীক আফগানিস্তানত গুলীয়াই হত্যা কৰিলে তালিবানীয়েঃ উল্লেখযোগ্য যে বেনাৰ্জীয়ে পুনৰ সাংসাৰিক জীৱনৰ বাবে ভাৰতৰ পৰা সেই দেশলৈ উভতি গৈছিল৷

৫. ধেমাজি চলি আছে আটাছু আৰু চুতীয়া জাতিৰ ছাত্ৰ সকলৰ আহ্বানত অনিৰ্দিষ্ট বন্ধঃ মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মেপৰ পৰা অনা-মিচিং গাঁও কৰ্তন কৰাৰ দাবীৰেই চলি আছে এই প্ৰতিবাদী কাৰ্যসূচী৷ একে দাবীৰে শিৱসাগৰতো আটাছুৱে কৰিলে ১০হাজাৰ লোকৰ প্ৰতিবাদী সমাবেশ৷

৬. তেজপুৰত মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক দলবদ্ধ বলাৎকাৰ, তিনিজনক গ্ৰেপ্তাৰ, কঠোৰ শাস্তিৰ দাবী৷

৭. লাহৰীঘাটত ১০বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন, অভিযুক্ত পলাতক৷

No comments:

Post a Comment