পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
ভাল খবৰঃ
১) গ্ৰীচৰ বিশ্ব দৰ্শন কংগ্ৰেছত জিলিকিল ° ভূপেন হাজৰিকাৰ দৰ্শন৷ বিশ্ববিখ্যাত নেচেনেল এণ্ড কেপোদিচটাৰিয়ান ইউনিভাৰছিটি অব্ এথেণ্সৰ স্কুল অব্ ফিল’ছফিত অনুষ্ঠিত হোৱা ত্ৰয়োবিংশতিতম বিশ্ব দৰ্শন সন্মিলনত  ° জগদীপ পাটগিৰিয়ে ‘হিউমেন ভেলুছ এণ্ড দি লিৰিকছ অব্ ডক্টৰ ভূপেন হাজৰিকা’ৰ ওপৰত এক বিশেষ গৱেষণাপত্ৰ পাঠ কৰে৷


বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত অমিত কুমাৰৰ ৰূপৰ পদক

২) ‘স্বাৱলম্বী’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠন প্ৰতিষ্ঠা কৰি গাঁও অঞ্চলৰ শাৰীৰিকভাৱে দুৰ্বল তথা আৰ্থিকভাবে পিছপৰা লোকসকললৈ সেৱা আগবঢ়াই থকা গুৱাহাটীৰ সমাজসেৱিকা ‘সুচিস্মিতা মজুমদাৰ’লৈ ছুইজাৰলেণ্ডস্থিত ৱ’মেনছ ৱৰ্ল্ড ছামিট ফাউনণ্ডেশ্বনে ‘ৱ’মেন ক্ৰিয়েটিভিটি ইন ৰুৰেল লাইফ-২০১৩’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিছে৷ এই আন্তঃৰাষ্ট্ৰীয় ফাউণ্ডেশ্বনটোৱে চলিত বৰ্ষত বিশ্বৰ ১০ গৰাকী মহিলালৈ এই বঁটা আগবঢ়াইছে । 

৩)অসম অভিযান্ত্ৰিক সেৱা সংস্থাসমূহৰ মহাসংঘই অভিযন্ত্ৰা শান্তনু ভট্টাচাৰ্য, দুলাল চৌধুৰী আৰু ভবেশ মহন্তক পাৰদৰ্শিতা বঁটাৰে সন্মানিত কৰিছে৷ তেখেতলোকে অভিযান্ত্ৰিক বৃত্তিত দক্ষতা প্ৰদৰ্শনৰ লগতে সমাজলৈ বিশেষ অৰিহণা যোগোৱাৰ বাবে এই বঁটা প্ৰদান কৰা হয় । মৰিগাঁও চহৰত অনুষ্ঠিত হৈ যোৱা কেন্দ্ৰীয় অভিযান্ত্ৰিক দিৱসৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ।

৪) বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰতৰ অমিত কুমাৰে ৰূপৰ আৰু বজৰঙে ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে ভাৰতৰ মল্লযোদ্ধাই বিশ্ব চেম্পিয়নশ্বিপত দুটাকৈ পদক লাভৰ সফলতা অৰ্জন কৰিছে ।

৫) অসমৰ নিৱনুৱা সকললৈ সুখবৰ । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে অহা ৬ মাহৰ ভিতৰত ৪০ হেজাৰ চৰকাৰী পদত নিযুক্তি দিয়া হ’ব৷
৬) অসম চৰকাৰে ৰাজ্যৰ ১৪খন জিলাৰ বাবে ২,২৮০টা স্নাতক শিক্ষকৰ পদ অনুমোদন কৰিছে । ইতিমধ্যে ১৬ ছেপ্টেম্বৰত ৰাজ্যৰ ১২খন জিলাৰ ৮৪৭টা স্নাতক শিক্ষক পদৰ নিযুক্তি-পত্ৰ বিতৰণ কৰা হৈছে । দ্বিতীয় পৰ্যায়ৰ ২,২৮০টা পদসমূহৰ বাবে সংশ্লিষ্ট উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ কৰিব ।

৭) ভাৰতীয় পৰিবেশ বিজ্ঞানী ° বীৰভদ্ৰন ৰাষ্ট্ৰসংঘৰ পৰিবেশ সমন্ধীয় সন্মানজনক ‘চেম্পিয়নছ্ অব্ দা আৰ্থ এৱাৰ্ড’ নামৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে । তামিলনাডুৰ মাদুৰাইৰ এই বিজ্ঞানীজন সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান ডিয়েগ’ৰ ইননিভাৰ্ছিটি অব্ কেলফ’নিয়াৰ স্ক্ৰিপছ ইনষ্টিটিউচন অব্ অচেন’বাফীৰ পৰিবেশ আৰু জলবায়ু বিজ্ঞানৰ অধ্যাপক ।
 
৮) গুৱাহাটী মহানগৰৰ শংকৰদেৱ কলেজলৈ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় । ‘অল ইণ্ডিয়া ইক’ন’মিক ছাৰ্ভে এৱাৰ্ড কাউণ্সিল’ নামৰ সংস্থাটোৱে কলেজখনক ‘ছাইনিং ইমেইজ অব্ ইণ্ডিয়া গ’ল্ড মেডেল’ বঁটাৰে সন্মানিত কৰাৰ উপৰিও সেৱা চক্ৰ আৰু ইন্দিৰা গান্ধী সেৱাৰত্ন পুৰস্কাৰ প্ৰদান কৰে ।

৯) ৰঙিয়াৰ পৰা ডিব্ৰুগড়লৈ নতুন ৰেল সেৱা আৰম্ভ । ১৬ ছেপ্টেম্বৰ ২০১৩ পুৱা ৫.৪৫ বজাত ৰঙিয়া ষ্টেচনৰ পৰা এখন নতুন ৰেলে ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰে । নামনি অসমৰ লগত উজনি অসমৰ যোগসূত্ৰ স্থাপন কৰা এই ৰেলখনে এক নতুন দিগন্তৰ সূচনা কৰিলে ।

অসমৰ ডাক বিভাগটো প্ৰচলন হ'ব 'মাই ষ্টাম্প' প্ৰদ্ধতি
১০) এতিয়াৰ পৰা আপুনি প্ৰিয়জনলৈ পঠিওৱা চিঠিৰ লেফাফাত লগাব পাৰিব নিজৰ ফটোগ্ৰাফযুক্ত ডাক টিকত । ডাক বিভাগে নতুন প্ৰজন্মক চিঠিৰ প্ৰতি আকৰ্ষিত কৰিবলৈয়ে এই অভিনৱ পদক্ষেপ হাতত লৈছে । এই পদক্ষেপে চিঠিৰ হেৰুৱা মাদকতা ঘূৰাই আনিব বুলি ডাক বিভাগ আশাবাদী।

১১) ৰসৰাজ লক্ষ্মীনাথ বেজৱাৰৰ জন্মভূমি মৰিগাঁও জিলাৰ আঁহতগুৰিত অহা ১৪, ১৫,, ১৬ অক্টোবৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উৎসৱ অনুষ্ঠিত হ’ব । এই অনুষ্ঠান অসম সাহিত্য সভাৰ উদ্যোগত আৰু মৰিগাঁও জিলাৰ সাহিত্য সভাৰ লগতে আঁহতগুৰি আঞ্চলিক সাহিত্য সভাৰ সহযোগত উদযাপন কৰা হ’ব ।

১২) যোৰহাট জিলাৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত চতুৰ্দশ বাৰ্ষিক বিপুল মহন্ত সোঁৱৰণী সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতা । ২০, ২১, আৰু ২২ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে যোৰহাটৰ জিলা পুথিভঁৰালত উক্ত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।

১৩) তেজপুৰত শিশু বাগিচা সমাজ, অসম নামৰ অনুষ্ঠানটিয়ে সাহিত্যকাণ্ডৰী পদ্মনাথ গোহাঞিবৰুৱাৰ স্মৃতিত ৰাজ্যখনৰ ২৫ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীলৈ ‘জীৱন সমৃদ্ধ’ বঁটা প্ৰদান কৰে । ২০০৭ চনত স্থাপিত এই অনুষ্ঠানটোৱে বিগত সময়চোৱাত ৰাজ্যখনৰ শিশুৰ বৌদ্ধিক-মানসিক বিকাশ যোৱা কাৰ্য্যসূচী গ্ৰহন কৰি আহিছে ।

১৪) ধেমাজি জিলাৰ সাংবাদিক মৃদুপৱন চুতীয়াক ‘দত্তদেৱ গোস্বামী সাংবাদিকতা’ বঁটাৰ ষষ্ঠ বৰ্ষৰ বাবে নিৰ্বাচিত হৈছে । ঐতিহাসিক শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ পৃষ্ঠ-পোষকতাত মাজুলী মহকুমা সাংবাদিক সংস্থাই অসমৰ গ্ৰাম্য সাংবাদিক সকলৰ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰি আহিছে ।

১৫) ডিব্ৰুগড় এইচ ডি এফ চি বেংকৰ শাখাই অসমৰ হজযাত্ৰীসকলৰ বাবে ছৌডি মুদ্ৰা ৰিয়ালৰ যোগান ধৰিব বুলি এক বিবৃতিত প্ৰকাশ কৰে । এই সংক্ৰান্তত অধিক তথ্য জানিব বিচাৰিলে গ্ৰাহকসকলে ০৩৭৩-২৩২৯৫২১ নম্বৰত ফোন কৰিব পাৰিব ।

১৬) ভাৰতৰ আগশাৰী শক্তি উৎপাদকাৰী প্ৰতিষ্ঠান ‘ৱেলছপান এনাৰ্জি’য়ে অসমত সৌৰ শক্তি প্ৰকল্প স্থাপন কৰাৰ বাবে ২০০ কোটি টকা বিনিয়োগ কৰিব ।

১৭) ভাৰতৰ কৰ্প’ৰেট খণ্ডত বৃদ্ধি পাব নিযুক্তি । ডলাৰৰ তুলনাত টকাৰ মূল্য কিছু পৰিমানে সুস্থিৰ হোৱাৰ পিচতেই বিভিন্ন প্ৰতিষ্ঠানে নতুন প্ৰাৰ্থীৰ নিযুক্তি দিব । 

চিন্তনীয় খবৰঃ
১) ধেমাজি জিলাত এইবাৰ সহস্ৰাধিক শিক্ষাৰ্থীয়ে প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিবলৈ কৰিলে প্ৰতিবাদ । পাঁচ বছৰে জলপানি নোপোৱাৰ ক্ষোভত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ধেমাজি নগৰস্থিত সমন্বিত জনজাতি উন্নয়ন পকল্পৰ কাৰ্য্যালয় লণ্ডভণ্ড কৰিলে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠিচালনা কৰাৰ উপৰি শূণ্যলৈ গুলীচালনা কৰিব লগা হয় । কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰক্ষীৰ লাঠিচালনাত গুৰুতৰ ভাবে আহত হয় ।


২) ৰাষ্ট্ৰসংঘই উদঙালে ভাৰতৰ প্ৰকৃত স্বৰূপ । ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগে ভাৰতত ৩.২ মিলিয়ন অবৈধ বাংলাদেশী অনুপ্ৰেবশ কৰিছে বুলি  এক প্ৰতিবেদনত প্ৰকাশ কৰিছে ।


৩) গুৱাহাটীত বেজেপিৰ বৈঠকত ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিংৰ উপস্থিতিত আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত । এই বৈঠকত লোকসভাৰ নিৰ্বাচনত উত্তৰ-পূৱৰ ২৪ খন আসনৰ গৰিষ্ঠসংখ্যক আসনেই যাতে বিজেপিয়ে লাভ কৰিব পাৰে তাকেলৈ ব্যাপকভাবে চৰ্চা হয় ।
মিচা কলে কিডাল হ'ব
মোৰ লগত আছে শঃ মাঃ আঃ ফঃ মেজিক
৪) সংবাদমেলত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৰম উক্তি : “নৰেন্দ্ৰ মোডী তথা বিজেপি দল কেতিয়াও দেশৰ শাসন ক্ষমতালৈ আহিব নোৱাৰে ।’’ আৰু লগতে কয়- অসমত মোডীৰ মেজিকে কাম নিদিয়ে, আমাৰ হাতত আছে শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ মেজিক

৫) অসমত গঠন হ’ব নতুন আঞ্চলিক ৰাজনৈতিক দল । মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল তথা বি এছ এফৰ প্ৰাক্তন সঞ্চালকপ্ৰধান ৰঞ্জিৎ শেখৰ মুছাহাৰীৰ নেতৃত্বত চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত এই ৰাজনৈতিক দলটোৰ আত্মপ্ৰকাশ ঘটিব । এই সন্দৰ্ভৰত তেওঁ সাংবাদিকৰ আগত কয়- ‘মই ধন ঘটিবলৈ ৰাজনীতি কৰিব বিচৰা নাই । ‘গৰীব’ কি বস্তু মই ভালদৰেই চিনিছোঁ ।’

৬) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ বাঘৰ হত্যা । দুই চোৰাংচিকাৰী আৰক্ষী হাতত গ্ৰেপ্তাৰ । অবিৰত ভাৱে এতিয়াও গড় হত্যা চলিয়ে আছে, ব্যৰ্থ বন বিভাগ । কজিৰঙাত এতিয়া গঁড়ৰ লগতে ঢেকীয়াপতীয়া বাঘো অস্তিত্বৰ সংকটত পৰিছে ।

৭)গুৱাহাটীৰ ছাত্ৰী নিবাসত নলবাৰীৰ মেধাবী ছাত্ৰী নৱনীতা চক্ৰৱতীৰ আত্মহ্ত্যা । মৃত ছাত্ৰী গৰাকীৰ পিতৃয়ে কণ্যাৰ মৃতদেহলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ৰ সন্মুখত শিক্ষা ব্যৱস্থাটোৰ ওপৰত ক্ষোভ উজাৰি আৰ্তনাদ কৰে । তেওঁৰ মতে তেওঁৰ কন্যাৰ আত্মহত্যাৰ বাবেই অসমৰ শিক্ষা ব্যৱস্থাটোৱে জগৰীয়া । কিয়নো সংসদৰ ভুলৰ বাবেই উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ পৰীক্ষাত তেওঁৰ কণ্যাই আশা কৰামতে নম্বৰ লাভ কৰিবলৈ সক্ষম নহ’ল বুলি প্ৰকাশ কৰে । লক্ষ্যণীয় বিষয় যে আৰ টি আই কৰি জানিব পৰা মতে মৃত ছাত্ৰীগৰাকীৰ অসমীয়া উত্তৰ বহীত কেইটামান পাত নাছিল ।

৮) অসম-বাংলাদেশৰ সীমান্ত পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়- ‘সীমান্তত বাংলাদেশী আৰু ভাৰতীয় সম্পৰ্ক মধুৰ ।‘’ তেখেতে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ তথ্য ভুল বুলি প্ৰমাণিত কৰি কয়- অসমত বাংলাদেশীৰ অনুপ্ৰৱেশ ঘ্টা নাই, কিয়নো বি এছ এফে সীমান্তত কঠোৰ পহৰা দি আছে ।
অসমত বেজেপিৰ ৰাজনৈতিক অংক , নিৰ্বাচনত লগাই দিম জংক-পংক

৯) কাইলৈ অৰ্থাৎ ২০ ছেপ্টেম্বৰত চুতীয়া যুৱ সন্মিলন, অসমে চুতীয়া সকলক জনজাতিকৰণ কৰাৰ দাবীত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে । ইয়াৰ পিচতো যদি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে নলয় তেন্তে তেওঁলোকে অনাগত দিনবোৰত অধিক জংগী আন্দোলনৰ কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলিও সংগঠনটোৱে জনাইছে ।

১০) গুৱাহাটী মহানগৰৰ ৯১ শতাংশ শিশুৱেই পুষ্টিহীনতাত আক্ৰান্ত । গুৱাহাটী প্ৰেছ ক্লাবত ‘নিউত্ৰী অপটিম হেলথ’ৰ উদ্যোগত এখন সংবাদ মেলত  ডাঃ মণিদীপ বৰুৱাই এই তথ্য সদৰী কৰে।

১১) উগ্ৰপন্থীৰ গুলীত অসম-মেঘালয়ৰ সীমান্তত তিনিজন লোকৰ মৃত্যু আৰু এজন আঘাতপ্ৰাপ্ত হয়। ১২-১৩ জনীয়া সন্দেহজনক উগ্ৰপন্থীৰ দলে এটাই অসম-মেঘালয়ৰ গাৰোডুবা গাঁৱত এই দুস্কাৰ্য সংঘটিত কৰে ।

১২) ধেমাজি জিলাৰ মিচিং স্বায়ত্ত পৰিষদৰ এলেকাত অন্তৰ্ভূক্ত হোৱা অনা-মিচিং গাঁও সমূহ কৰ্তনৰ দাবীত ব্যাপক প্ৰতিবাদহৈ থকাৰ মাজতে মিচিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন অহা ৭ অক্টোবৰত অনুষ্ঠিত কৰা হ’ব বুলি ধেমাজিৰ উপায়ুক্তই এখন সংবাদমেলত জানিবলৈ দিয়ে৷

No comments:

Post a Comment